Logo
image

বৰফত জীৱন্তে পোত গ’ল ৭ জন সেনা, মৃতদেহ উদ্ধাৰ

আমাৰ অসম, ৯ ফেব্ৰুৱাৰীঃ যোৱা দেওবাৰে অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ কামেং ছেক্টৰত প্ৰচণ্ড তুষাৰপাতৰ মাজতে সংঘটিত ‘এভালাঞ্চ’ বা হিম…লনৰ আঘাতত বৰফত পোত গৈ মৃত্যুমুখত পৰা ভাৰতীয় সেনাবাহিনীৰ সাতজন জোৱানৰ মৃতদেহ মঙলবাৰে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰিছে সেনাৰ উদ্ধাৰকাৰী বাহিনীয়ে৷ মঙলবাৰে অতি দুৰ্গম অঞ্চলৰ পৰা প্ৰচণ্ড শীত আৰু বৰফাবৃত অঞ্চলৰ দুৰ্গম এলেকাত উদ্ধাৰ অভিযান চলাই সাতজন সেনা জোৱানৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ ইতিমধ্যে নিহত সাতজন জোৱানৰ মৃতদেহ তেওঁলোকৰ নিজ নিজ পৰিয়াললৈ প্ৰেৰণ কৰাৰ বাবে সেনাবাহিনীয়ে ১৪,৫০০ ফুট উচ্ছতাৰপৰা যথাসম্ভৱ সমতল অঞ্চললৈ কঢ়িয়াই   আনিছে৷ উল্লেখ্য, যোৱা দেওবাৰে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত ১৪,৫০০ ফুট উচ্ছতাত চীনৰ তেনেই সীমাত তহল দি থকা অৱস্থাত এই তহলদাৰী বাহিনীৰ জোৱানসকলক ভয়ংকৰ এভালাঞ্চে খুন্দা মাৰিছিল৷ অতিপাত শীতত আৰু প্ৰচণ্ড তুষাৰপাতৰ মাজত সাহসিকতাৰে সীমান্তত পহৰা দি থকা সেনাবাহিনীৰ এই তহলদাৰী দলটো এভালাঞ্চৰ কবলত পৰাত জীৱন্তে উদ্ধাৰ কৰাৰ সম্ভাৱনা আৰম্ভণিতেই নোহোৱা হৈছিল৷ অৰুণাচলৰ স্থানীয় ডিৰাং আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাং থিনলেই দেওবাৰেই সেনাবাহিনীৰ সাতজন তহলদাৰী জোৱান এভালাঞ্চৰ কবলত পৰা বুলি প্ৰথমে খবৰ সদৰী কৰিছিল৷ সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা কথা-বতৰাত তেওঁ জনাইছিল যে, ১৯ জেএকে ৰাইফলছৰ তহলদাৰী দল এটা কামেং ছেক্টৰৰ মামি হাট নামৰ অঞ্চলটোত হিম…লনৰ দ্বাৰা আক্ৰান্ত হৈছে৷ সেনাবাহিনীয়ে সেই খবৰ ঘটনাস্থলৰ নিকটৱৰ্তী জাং আৰক্ষী থানাত জনাইছিল৷ হিম…লন হোৱা অঞ্চলটো অতি দুৰ্গম আৰু প্ৰচণ্ড তুষাৰপাতৰ অব্যাহত থকাত সকলো পথ যাতায়াতৰ বাবে বন্ধ হৈ পৰাত আৰক্ষীৰ বাবে উদ্ধাৰ কাৰ্য আৰম্ভ কৰাটো অসম্ভৱ আছিল বুলি সেইদিনাই থিনলেই প্ৰকাশ কৰিছিল৷ অৱশ্যে পাহাৰীয়া আৰু এনে দুৰ্গম অঞ্চলৰ প্ৰতিকূল পৰিৱেশত উদ্ধাৰ অভিযান চলোৱাৰ দক্ষতা থকা সেনাবাহিনীয়ে ততাতৈয়াকৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে যদিও সোমবাৰেই সেনাবাহিনীৰ জোৱানকেইজন হিম…লনৰ ফলত নিহত হোৱা বুলি প্ৰকাশ কৰিছিল৷ মঙলবাৰে সেনাবাহিনীৰ তেজপুৰৰ ৪ ক’ৰৰ মুখপাত্ৰ লেঃ কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই তহলদাৰী জোৱানকেইজনৰ মৃতদেহ উদ্ধাৰ কৰাৰ কথা সদৰী কৰে৷ উল্লেখ্য, উদ্ধাৰকাৰীসকলক দুৰ্গম অঞ্চলটোৰ সমীপলৈ সেনাবাহিনীৰ হেলিকপ্টাৰেৰে লৈ যোৱা হৈছিল৷ অতি প্ৰতিকূল পৰিৱেশৰ বাবে উদ্ধাৰ কাৰ্য দীঘলীয়া হয় আৰু হেলিকপ্টাৰেৰে বিশেষজ্ঞ উদ্ধাৰকাৰীক নমাই দিয়া স্থানৰ পৰাও এক দীঘলীয়া পথ কেইবাফুট দ বৰফৰ মাজেৰে যাবলগীয়া হয়৷

মঙলবাৰে এই খবৰ প্ৰকাশ হোৱাৰ পাছতে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভাৰতীয় সেনাবাহিনীৰ সাতজনকৈ জোৱান শ্বহীদ হোৱাত গভীৰ দুখ প্ৰকাশ কৰে৷ ৰাজনাথ সিঙে কয়– ভাৰতীয় সেনাবাহিনীৰ সাতজনকৈ জোৱান অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰত হিম…লনৰ ফলত মৃত্যু হোৱা ঘটনাত মই গভীৰভাৱে ব্যথিত৷ দেশৰ হৈ সেৱা আগবঢ়োৱাৰ সময়ত তেওঁলোক শ্বহীদ হ’ল৷ তেওঁলোকৰ এই সাহসিকতা আৰু দেশৰ প্ৰতি আগবঢ়োৱা সেৱাৰ বাবে মই চেল্যুট দিছো৷ শ্বহীদকেইজনৰ পৰিয়ালৰ প্ৰতি আমাৰ সমমৰ্মিতা আছে৷ প্ৰতিৰক্ষা মন্ত্ৰীৰ উপৰি উপ-ৰাষ্ট˜পতি এম ভেংকায়া নাইডুৱেও এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে৷ তেওঁ কয়, অৰুণাচল প্ৰদেশৰ অতি উচ্ছস্থানত, চীনৰ সীমান্তত দেশক পহৰা দি থকা অৱস্থাত এনেদৰে প্ৰতিকূল পৰিৱেশত সাতজনকৈ জোৱানে প্ৰাণ হেৰুওৱাতো আমাৰ বাবে এক গভীৰ ক্ষতি৷ এই সাতজন শ্বহীদলৈ মই প্ৰণিপাত জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছো৷ কেন্দ্ৰীয় মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেণ ৰিজিজুৱেও তেওঁৰ ৰাজ্যতে সংঘটিত এই শোকাৱহ ঘটনাত গভীৰ শোক প্ৰকাশ কৰে৷ এয়া ভাৰতীয় সেনাবাহিনীৰ বাবে এক বৃহৎ ক্ষতি বুলিও তেওঁ মন্তব্য কৰে৷

প্ৰসংগতঃ উল্লেখযোগ্য, এইবাৰ উত্তৰ-পূৰ্বাঞ্চলক প্ৰচণ্ড শীতে কোবাই যোৱাৰ সময়ত অৰুণাচল প্ৰদেশৰ কেইবাস্থানতো বহু বছৰৰ পাছত তুষাৰপাত হৈছে৷ ইটানগৰৰ সমীপৰ ডৰিয়াহিল অঞ্চলত এইবাৰ ৩৪ বছৰৰ পাছত তুষাৰপাত হৈছে৷ আনহাতে অৰুণাচলৰ পশ্চিম কামেং জিলাৰ ৰূপা চহৰত ২০ বছৰৰ পাছত এইবাৰ তুষাৰপাত হৈছে৷ ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলৰ বৃহৎ অংশত তুষাৰপাত হোৱাত সাধাৰণ জনজীৱন অতি ভয়ানকভাৱে ক্ষতিগ্ৰস্ত হৈছে৷ এনে পৰিস্থিতিত চীনৰ সীমান্তত, প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত সেনাবাহিনীয়ে এনেদৰে তহল দি থকাটো অতিশয় কষ্টকৰ হৈ পৰিছে৷ পূৰ্বে অৰুণাচল প্ৰদেশত এনেদৰে এভালাঞ্চ বা হিম…লন ইমান ঘনকৈ হোৱা নাছিল৷ এইবাৰ পাহাৰৰ চূড়াত অতিমাত্ৰা বৰফ সঞ্চিত হোৱাত সেয়া প্ৰবল গতিৰে কিছুদিনৰ মূৰে মূৰে তললৈ নামি আহিছে৷ এনেদৰে নামি অহা বৰফৰ সোঁত বা হিম…লনৰ ফলতে দেওবাৰে অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাবাহিনীৰ সাতজনকৈ অমূল্য জীৱন হানি হ’ল৷

আমাৰ অসমঃ তুষাৰপাতৰ মাজত আৱদ্ধ হৈ থকা সাতজন সেনাজোৱানৰ মৃতদেহ উদ্ধাৰ হৈছে অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰত৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই আজি সদৰী কৰে এই তথ্য৷ ইতিমধ্যে সমাপ্তি ঘটিছে সেনাৰ উদ্ধাৰ অভিযানৰ৷ উল্লেখযোগ্য যে, যোৱা ছয় ফেব্ৰুৱাৰীত প্ৰচণ্ড তুষাৰপাতৰ মাজত হেৰাই গৈছিল ১৯ জেকলাই ৰাইফলছৰ লগত অভিযান্ত্ৰিক শাখাৰ তহলদাৰী দলটো৷ ইয়াৰ পাছতে কালি প্ৰতিকূল বতৰৰ মাজত সেনাৰ বিশেষ উদ্ধাৰকাৰী দল পেৰাট্ৰুপাৰ বাহিনী আৰু আই টি বি পিয়ে সন্মিলিতভাৱে অব্যাহত ৰাখিছিল উদ্ধাৰ অভিযান৷ তদুপৰি, ১২নম্বৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা বাহিনীৰ এক দলেও উদ্ধাৰ অভিযানত নমাৰ চেষ্টা চলাইছিল যদিও বতৰৰ প্ৰতিকূল অৱস্থাৰ বাবেই দলটো সেইস্থানত নামিব পৰা নাছিল৷ উল্লেখযোগ্য যে, অৰুণাচল প্ৰদেশৰ কামেং ছেক্টৰৰ ছুমি গ্যাটছে অঞ্চলত সাগৰ পৃষ্ঠৰ পৰা ১৪হেজাৰ পাঁচশফুট উচ্ছতাত হেৰাই গৈছিল সাতজনীয়া তহলদাৰী দলটো৷ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ পাণ্ডেই জনোৱা অনুসৰি, দেশৰ সেনাৰ এই সাতজনীয়া তহলদাৰী দলটো প্ৰচণ্ড তুষাৰপাতৰ মাজত আবদ্ধ হোৱাৰ লগে লগেই উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছিল যদিও তেওঁলোকক জীৱন্তে উদ্ধাৰ কৰিব পৰা নগল৷ ইতিমধ্যে সাতোজনৰ নিৰ্জীৱ দেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে উদ্ধাৰকাৰী দলে৷ উল্লেখযোগ্য যে, ভাৰত চীন আন্তৰাষ্ট্ৰীয় সীমান্ত অঞ্চলৰ পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং এলেকাৰ তিনিখন জিলাতে এইবাৰ প্ৰচণ্ড তুষাৰপাত হৈছে, যাৰ ফলত সাধাৰণ জীৱন যাত্ৰা ব্যাহত ব্যাহত হৈ পৰে৷ কেবাফুট ডাঠ বৰফে ঢাকি পেলোৱা এই অঞ্চলসমূহত যাতায়ত ব্যৱস্থা সম্পূৰ্ণৰূপে স্থবিৰ হৈ পৰে৷ পৰিণতিত এই উদ্ধাৰ অভিযানত যথেষ্ট ব্যাঘাত আহি পৰিছিল৷