Logo
image

এলোভেৰাৰ আশ্চৰ্যকৰ গুণ

প্ৰাকৃতিক গুণসম্পন্ন ভেষজ উদ্ভিদ এলোভেৰা বা ঘৃতকুমাৰীৰ আছে আ(ৰ্যকৰ গুণ৷ সহজে উপলব্ধ এলোভেৰাৰ ঔষধি গুণ শৰীৰৰ বিভিন্ন ৰোগ প্ৰতিৰোধত ব্যৱহাৰ হৈ আহিছে৷ এলোভেৰাত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম জিংক, আইৰণ, পটাছিয়াম, মেংগানিজ, ফলিক এচিদ, ছডিয়াম, এমিনো এচিদ, ভিটামিন ‘এ’, বি-৬ আৰু বি-২ ইত্যাদি৷ এই ধৰণৰ বিভিন্ন ধৰণৰ উপাদানেৰে সমৃদ্ধ এলোভেৰাৰ স্বাস্থ্য ৰক্ষাৰ  ক্ষেত্ৰত আছে গুৰুত্বপূৰ্ণ ভূমিকা৷

১/ কোষ্ঠ কাঠিন্যৰ লগতে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰেঃ  হূদযন্ত্ৰ, স্নায়ুতন্ত্ৰ, মুখৰ ঘাঁ, পেটৰ সমস্যা, ছালৰ সুৰক্ষাৰ বাবে এলোভেৰা ব্যৱহাৰ কৰিব পাৰি৷ প্ৰতিদিনে এগিলাচ এলোভেৰাৰ ৰস খালে  কোষ্ঠ কাঠিন্যৰ লগতে হূদযন্ত্ৰ, স্নায়ুতন্ত্ৰ আদিৰ হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰিব পাৰি৷ 

২/ হজম প্ৰক্ৰিয়াঃ এলোভেৰাত আছে এণ্টি ইনফ্লামেটৰী উপাদান৷ যাৰ বাবে এলোভেৰাৰ ৰস খালে পাকস্থলী ঠাণ্ডা হৈ থাকে আৰু গেছজনিত সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰি৷ প্ৰতিদিনেই খালি পেটতে পানীৰ সৈতে এলোভেৰাৰ ৰস খালে হজম শক্তি বৃদ্ধিত সহায়ক হৈ পৰে৷ 

৩/ ডায়েবেটিছঃ ডায়েবেটিছৰ পৰা হাত সাৰিবলৈ এলোভেৰাৰ ৰস খোৱাৰ অভ্যাস কৰিব পাৰে৷ নিয়মীয়াকৈ এলোভেৰাৰ ৰস খালে তেজত থকা গ্লুকজৰ পৰিমাণ হ্ৰাস পায় আৰু ই ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে৷

৪/ চুলিৰ পৰিচৰ্যাঃ চুলি শুকান হ’লে এলোভেৰাৰ ৰস ব্যৱহাৰ কৰি সুফল পাব পাৰি৷ তদুপৰি এলোভেৰাৰ ৰসেৰে চুলি ধুলে চুলি সৰাৰ পৰা হাত সাৰি থাকিব পাৰি৷ চুলিৰ উজ্জ্বলতা বৃদ্ধিতো ই সহায় কৰে৷

৫/ ওজন হ্ৰাসঃ এলোভেৰাৰ ৰস নিয়মীয়াকৈ খালে শৰীৰৰ ওজন হ্ৰাস পায়৷ ই শৰীৰৰ মেদ হ্ৰাস কৰাত সহায় কৰে৷

৬/ হূদযন্ত্ৰ আৰু দাঁতৰ যতনঃ এলোভেৰাৰ ৰসে  কলেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে৷ এলোভেৰাই দূষিত তেজ বাহিৰ কৰি দিয়াৰ উপৰি হূদযন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে৷ তদুপৰি এলোভেৰাৰ ৰসেৰে  দাঁত ব্ৰাছ কৰিলে দাঁতৰ আলুৰ সংক্ৰমণজনিত সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷

৭/ এলোভেৰা কিদৰে গ্ৰহণ কৰিবঃ এলোভেৰা গ্ৰহণৰ সহজ উপায় হ’ল ইয়াৰ ৰস৷ আলু কটাৰ দৰে এলোভেৰা টুকুৰা কৰি ভালকৈ ধোৱাৰ পাছত ওপৰৰ তৰপটো গুচাই পেলাব লাগে৷ এইদৰে আপেল বা অন্য ফলৰ ৰসৰ সৈতেও এলোভেৰাৰ ৰস মিশ্ৰণ কৰি জুচ প্ৰস্তুত কৰি খাব পাৰি৷

৮/ এলোভেৰাৰ চালাডঃ জলফাই তেল ভিনেগাৰ জাতীয় উপাদানৰ সৈতে এলোভেৰাৰ চালাড প্ৰস্তুত কৰিব পাৰি৷