Logo
image

ক’ভিডৰ এই দুঃসময়ত শৰীৰ চৰ্চা জৰুৰী হৈ পৰিছে

 ক’ভিডৰ  বাবে এতিয়া বিশ্বজুৰি আতংকই বিৰাজ কৰিছে৷ দেশ-বিদেশৰ লগতে ভাৰততো ক’ভিডে বহুসংখ্যক লোকৰ প্ৰাণ কাঢ়ি নিছে৷ এই ভাইৰাছত এতিয়াও বহু লোক আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷ ক’ভিডৰ পৰা ৰক্ষা পোৱাৰ এটাই উপায়– ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি৷ ইয়াৰ বাবে ভিটামিন ‘চি’-কে ধৰি প্ৰ’টিনযুক্ত আহাৰ গ্ৰহণ কৰা৷ ভিটামিন আৰু প্ৰ’টিনযুক্ত আহাৰ গ্ৰহণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে৷ তদুপৰি ক’ভিডক বশ কৰিবলৈ এই দুঃসময়ত শৰীৰ চৰ্চা কৰাটো জৰুৰী হৈ পৰিছে৷ শৰীৰ চৰ্চাই সুস্বাস্থ্য বজাই ৰখাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি কৰে৷ সেয়ে ক’ভিডৰ এই দুঃসময়ত শৰীৰ চৰ্চা কৰাটো অতি জৰুৰী হৈ পৰিছে৷ নিয়মিত শৰীৰ চৰ্চা কৰিলে হৃদযন্ত্ৰ সুস্থ হৈ থাকে৷ তদুপৰি উচ্ছ ৰক্তচাপৰ সমস্যাৰ পৰাও পৰিত্ৰাণ পাব পৰা যায়৷ ব্ৰিটেইনৰ এখন আলোচনী জাৰ্ণাল অৱ স্পোটছ  মেডিচিনত প্ৰকাশিত এক গৱেষণা-পত্ৰ মতে যিবোৰ পৰিয়ালত ৰক্তচাপজনিত ৰোগৰ ইতিহাস আছে, সেই পৰিয়ালৰ সদস্যসকলে নিতৌ অলপ সময়ৰ কাৰণে হ’লেও শৰীৰ চৰ্চা কৰা উচিত৷ প্ৰকাশিত গৱেষণা পত্ৰখনৰ মতে শৰীৰ চৰ্চাই ৰক্তচাপজনিত সমস্যাৰ উপৰি আন বিভিন্ন শাৰীৰিক উপকাৰ কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ক’ভিডৰ পৰা আঁতৰাই ৰাখে৷ উল্লেখ কৰা হ’ল নিতৌ শৰীৰ চৰ্চা কৰিলে পাব পৰা উপকাৰিতা–

[১] নিয়মিত শৰীৰ চৰ্চা কৰিলে দেহৰ প্ৰতিটো অংশলৈ অক্সিজেনসমৃদ্ধ তেজৰ সৰবৰাহ বৃদ্ধি পায়৷ ফলত সুস্বাস্থ্য ৰক্ষা হয়৷ আনহাতে হৃদপিণ্ড আৰু হাওঁফাওঁৰ ক্ষমতা বৃদ্ধি পায়৷ তদুপৰি শৰীৰ চৰ্চাই দেহৰ শক্তি বৃদ্ধি কৰে৷

[২] যিসকল লোক অনিদ্ৰাত ভোগে তেওঁলোকে নিতৌ শৰীৰ চৰ্চা কৰি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে৷ কিয়নো শৰীৰ চৰ্চা কৰিলে ভাগৰ অনুভৱ হয়৷ তদুপৰি কেতবোৰ হৰম’নৰ ক্ষৰণ বৃদ্ধি পায়৷ ফলত টোপনি অহাত সহায় হয়৷

[৩] বিভিন্ন গৱেষণাত প্ৰমাণ পোৱা গৈছে যে নিতৌ প্ৰাতঃভ্ৰমণ আৰু দৌৰাৰ অভ্যাস কৰাৰ লগতে যদি কেলচিয়ামযুক্ত খাদ্য খাব পৰা যায়, তেন্তে হাড় মজবুত হয়৷ ফলত বয়স বাঢ়িলেও হাড়ৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা নাথাকে৷

[৪] শৰীৰ চৰ্চা কৰিলে মস্তিষ্কত এক বিশেষ হৰম’নৰ ক্ষৰণ বৃদ্ধি পায়৷ ফলত মন-মগজু সক্ৰিয় হৈ উঠে৷ মানসিক অৱসাদত ভুগিলে শৰীৰ চৰ্চা কৰক অথবা কিছুসময় খোজ কাঢ়ক৷

[৫] দৈনিক শৰীৰ চৰ্চাৰ অভ্যাসে স্মৃতিশক্তি বৃদ্ধি কৰে৷

[৬] নিতৌ কমেও ত্ৰিশ মিনিট সময় শৰীৰ চৰ্চা কৰিব পাৰিলে দেহৰ শক্তিহীনতা হ্ৰাস পায়৷ লগতে আত্মবিশ্বাস বাঢ়ে৷

[৭] অতিৰিক্ত ওজন হ্ৰাস কৰিবলৈ দৈনিক শৰীৰ চৰ্চা কৰিব পাৰে৷ নিতৌ অন্ততঃ আধা ঘণ্টা শৰীৰ চৰ্চা কৰিলে দেহত জমা হোৱা অতিৰিক্ত মেদ কমে৷

[৮] আজিকালি কৰ্মক্ষেত্ৰত প্ৰায়ভাগ লোকেই কামৰ হেঁচাৰ উপৰি মানসিক চাপত ভোগে৷ এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ নিতৌ শৰীৰ চৰ্চা কৰাৰ অভ্যাস কৰক৷ শৰীৰ চৰ্চাই মানসিক চাপ আঁতৰোৱাত সহায় কৰে৷