Logo
image

নগাঁৱত আনন্দ মিশ্ৰৰ ‘যোগ্য’ উত্তৰসুৰী বিচাৰিছে দিছপুৰে

আৰক্ষী হেড কোৱাৰ্টাৰত অৱসৰী সময় কটাইছে মিশ্ৰই

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ আনন্দ মিশ্ৰৰ উত্তৰসুৰী হিচাপে নগাঁও জিলাৰ বাবে এজন অভিজ্ঞ আৰু দক্ষ আৰক্ষী বিষয়াৰ সন্ধানত নামি পৰিছে গৃহ বিভাগ৷ ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আনন্দ মিশ্ৰ নগাঁৱৰ পৰা অপসাৰিত হোৱাৰ পিছত গৃহ বিভাগে তেওঁৰ ঠাইত জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুব বৰাক অস্থায়ীভাৱে নিযুক্তি দিছে যদিও শীঘ্ৰে এজন স্থায়ী আৰক্ষী অধীক্ষক নিযুক্তি দিব ৰাজ্য চৰকাৰে৷ বিগত সময়ছোৱাত নগাঁও জিলাৰ চুকে কোনে ড্ৰাগছৰ সৰবৰাহ অভাবনীয়ভাৱে বৃদ্ধি পাইছিল৷ ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ আইন-শৃংখলা পৰিস্থিতিত অতি স্পৰ্শকাতৰ হৈ আছে৷ যাৰ বাবে জিলাখনত এজন দক্ষ আৰু অভিজ্ঞ আৰক্ষী বিষয়াক নিযুক্তি দিব বিচাৰিছে গৃহ বিভাগে৷ এই ক্ষেত্ৰত বহুকেইজন আৰক্ষী বিষয়াৰ নাম সম্প্ৰতি চৰ্চালৈ আহিছে৷ ইয়াৰে ভিতৰত মাণ্ডাকাটাৰ আৰক্ষী বেটেলিয়নত অধিনায়ক হিচাপে       কাৰ্যনিৰ্বাহক কৰি থকা মুগ্ধজ্যোতি মহন্ত ধেমাজীৰ আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা আৰু পূব গুৱাহাটী আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত qwজ্যোতি বৰুৱাৰ নাম গৃহ বিভাগৰ বিবেচনালৈ আহিছে৷ কিন্তু এই তিনিওজন আৰক্ষী বিষয়াৰ গৃহ জিলা নগাঁও হোৱাৰ বাবে গৃহ বিভাগে সমগ্ৰ বিষয়টোৰে ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই৷ এই তিনিজন বিষয়াৰ উপৰিও বাগছাৰ আৰক্ষী অধীক্ষক ৰাজেন সিৎ আৰু দৰং জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাৰ নামো বিবেচনালৈ আহিছে৷ অৱশ্যে আৰক্ষী অধীক্ষক  সুশান্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ হোৱাৰ বাবে গৃহ বিভাগে এই তালিকাৰ ওপৰত পুনৰ বিবেচনা কৰি আছে৷ উল্লেখ্য যে প্ৰাক্তন আছু নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অতিৰিক্ত মুখ্য সচিব পবন বৰঠাকুৰৰ নেতৃত্বত গঠন কৰি দিয়া তদন্ত আয়োগৰ প্ৰতিবেদক প্ৰত্যাহ৩ান জনাই সংবাদমেল অনুষ্ঠিত কৰাৰ পিছতে গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত নগাঁৱৰ তদানীন্তত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ মুখ্যকাৰ্যালয়লৈ মাতি পঠিওৱা হয়৷ ৰাজ্য চৰকাৰৰ এই নিৰ্দেশৰ পিছতে আনন্দ মিশ্ৰ নগাঁৱৰ পৰা আহি আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হাজিৰ হয় আৰু তেওঁক মুখ্য কাৰ্যালয়তে সংলগ্ন কৰি দিয়ে৷ চৰকাৰৰ এই নিৰ্দেশক কেন্দ্ৰ কৰি আৰক্ষী বিষয়াজনৰ সপক্ষে আৰু বিপক্ষে ছ’চিয়েল মিডিয়াত এই পৰ্যন্ত ব্যাপক চৰ্চা অব্যাহত আছে৷ বহুতে আৰক্ষী বিষয়াজনক আৰু তেওঁৰ কাম-কাজক মুকলিভাৱে সমৰ্থন কৰাৰ বিপৰীতে বহুতে তেওঁক সমালোচনা কৰা দেখা গৈছে৷ ইয়াৰ মাজতে ছ’চিয়েল মিডিয়াত তেওঁক কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়াৰ ভুৱা প্ৰচাৰো চলা দেখা গ’ল৷ উল্লেখ্য যে গৃহ বিভাগে এই পৰ্যন্ত আৰক্ষী বিষয়াজনক কোনো নতুন দায়িত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ আৰক্ষী সদৰত তেওঁক কেৱল মাত্ৰ সংলগ্ন কৰি ৰখা হৈছে যদিও তেওঁৰ বাবে পৃথক কোঠা আবণ্টন দিয়া হোৱা নাই৷ আনকি তেওঁ বহিবলৈ চকী মেজৰো ব্যৱস্থা হোৱা নাই আৰক্ষী সদৰত৷ তেওঁ মুখ্য কাৰ্যালয়লৈ আহি উপস্থিতিৰ বহীত স্বাক্ষৰ কৰি পুনৰ উভতি যাবলগীয়া হৈছে৷ কোনো ধৰণৰ দায়িত্ব ন্যস্ত নকৰাৰ ফলত আৰক্ষী বিষয়াজন এতিয়া যেন অৱসৰ জীৱনহে কটাইছে গুৱাহাটীত৷ যিহেতু আৰক্ষী বিষয়াজনক অনুশাসনমূলক বদলি কৰা হৈছে সেয়ে শীঘ্ৰে তেওঁক গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়াৰ আশা যথেষ্ট ক্ষীন৷ তদন্ত আয়োগৰ প্ৰতিবেদনক লৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰাৰ কাৰণে স্বয়ং মুখ্যমন্ত্ৰীয়ে ক্ষোভিত হৈ পৰিছে তেওঁৰ ওপৰত৷ চৰকাৰৰ তদন্ত আয়োগৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰাৰ পিছত এতিয়া আৰক্ষী বিষয়াজনক যদি চৰকাৰে শীঘ্ৰে কোনো গুৰুত্বপূৰ্ণ পদত নিযুক্তি দিয়ে তেন্তে সৰ্বসাধাৰণৰ মাজলৈ বিশেষকৈ প্ৰশাসন আৰু আৰক্ষী মহলত এটা ভুল বাৰ্তা যোৱা যথেষ্ট আশংকা আছে৷ সেয়ে গৃহ বিভাগে আনন্দ মিশ্ৰৰ পৰৱৰ্তী নিযুক্তিকলৈ যথেষ্ট সাবধানতা অৱলম্বন কৰিবলগীয়া হৈছে৷