Logo
image

নতুন ৰূপত আহি আছে টাটাৰ নেন’

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ টাটা মটৰ্ছে নিৰ্মাণ কৰা লাখটকীয়া গাড়ী নেন’ক লৈ এসময়ত চৰ্চাৰ শেষ নাছিল যদিও বিগত কেইবছৰমান ধৰি পথত সেই গাড়ী বিলুপ্তপ্ৰায়৷ যেন জুৰাছিক যুগলৈ আঁতৰি গ’ল  টাটা নেন’৷ বহুতেই এনেদৰে   ভাবিলেও হাৰ নমনা টাটা গ্ৰুপে নেনো নামৰ ক্ষুদ্ৰাকৃতিৰ গাড়ীখন পাহৰণিৰ গৰ্ভত নিক্ষেপ কৰা নাই৷  পুনৰ বজাৰলৈ আহিব টাটাৰ সেই ক্ষুদ্ৰাকৃতি নেনো৷ এইবাৰ নেনোৰ ৰূপ হ’ব বৈদ্যুতিক৷ ইলেক্টিক কাৰ হিচাপে বজাৰত মুকলি কৰি দিয়া হ’ব টাটা নেনো৷ এই নতুন ৰূপৰ নেনোক অলপতে নিৰ্মাণ কৰি বজাৰলৈ উলিয়াই দিবলৈ সাজু কৰা হৈছে৷ সাজু হোৱা এখন গাড়ী স্বয়ং ৰতন টাটাক দেখুওৱাতে তেওঁ অবাক হৈ পৰে৷ টাটা মটৰ্ছে ৰতন টাটাৰ সৈতে নতুন ইলেক্টিক নেনো গাড়ীখনৰ এখন ছবিও প্ৰকাশ কৰিছে৷ ইলেক্টিক  ই ভি নামে বজাৰলৈ এৰি দিবলগীয়া এই গাড়ীখন এবাৰ চাৰ্জ কৰিলে ২১৩ কিলোমিটাৰ পৰ্যন্ত চলিব৷ ১০ ছেকেণ্ডৰ ভিতৰত গাড়ীখনে শূন্যৰ পৰা ৬০ কিলোমিটাৰ গতি লাভ কৰিব৷ সম্প্ৰতি প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে ভাৰতেও বৈদ্যুতিক গাড়ী নিৰ্মাণ কৰাত গুৰুত্ব আৰোপ কৰিছে৷ ক্ষুদ্ৰাকৃতিৰ নেনোৱে এইবাৰ বৈদ্যুতিক ৰূপ লৈ অহাৰ বাবে পূৰ্বৰ তুলনাত অধিক বজাৰ ল’ব বুলি আশা কৰা হৈছে৷