Logo
image

ব্ৰয়লাৰ মুৰ্গীৰ মাংসই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে

আমিষ আহাৰ বহুতৰে প্ৰিয়৷ বহুতেই কুকুৰাৰ মাংস খাই ভাল পায়৷ কুকুৰাৰ মাংসত প্ৰ’টিন, কেলছিয়াম, এমিন’এচিড, ভিটামিন বি-৩, ভিটামিন বি-৬, মেগনেছিয়াম আৰু অন্যান্য গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান থাকে৷ কিন্তু সকলো ধৰণৰ কুকুৰাৰ মাংস সুস্বাস্থ্যৰ বাবে উপকাৰী নহয়৷ বিশেষকৈ ব্ৰয়লাৰ মুৰ্গী মানুহৰ স্বাস্থ্যৰ বাবে অত্যন্ত বিপজ্জনক৷ কম দিনৰ ভিতৰতে ব্ৰয়লাৰ মুৰ্গীৰ বৃদ্ধিৰ বাবে খাদ্যৰ সৈতে বিভিন্ন ৰাসায়নিক দ্ৰব্য আৰু এণ্টিবায়’টিক খাবলৈ দিয়া হয়৷ যিবোৰে মানুহৰ স্বাস্থ্যত বিপজ্জনক প্ৰভাৱ পেলায়৷ সেয়ে ব্ৰয়লাৰ মুৰ্গীৰ মাংস খালেও অত্যধিক নাখাব৷ উল্লেখ কৰা হ’ল ব্ৰয়লাৰ মুৰ্গীৰ মাংস খোৱাৰ পাছত হ’ব পৰা পাশ্বৰ্ক্ৰিয়া–

[১] কেঞ্চাৰৰ কাৰণ হ’ব পাৰেঃ শেহতীয়া এক গৱেষণা মতে উচ্ছ তাপমাত্ৰাত ৰন্ধা ব্ৰয়লাৰ মুৰ্গীৰ মাংসই কেঞ্চাৰ ৰোগৰ আশংকা বৃদ্ধি কৰে৷ বিশেষকৈ পুৰুষৰ প্ৰষ্টেট কেঞ্চাৰ হোৱাৰ আশংকা থাকে৷ বহুতেই ভজা বা পোৰা ব্ৰয়লাৰ চিকেন খাই ভাল পায়৷ কিন্তু এই খাদ্য স্বাস্থ্যৰ বাবে উপকাৰী নহয়৷

[২] বেক্টেৰিয়াঃ বেছিভাগ পলট্ৰি ফাৰ্ম আৰু ব্ৰয়লাৰ মুৰ্গীত মাৰাত্মক বেক্টেৰিয়া থাকে৷ ব্ৰয়লাৰ মুৰ্গীত থকা এনে বেক্টেৰিয়া বিভিন্ন অসুস্থতাৰ কাৰণ হৈ উঠিব পাৰে৷

[৩]চিগাৰেটতকৈও ক্ষতিকাৰকঃ গ্ৰিল্ড চিকেন আৰু তন্দুৰি চিকেন স্বাস্থ্যৰ বাবে বিপজ্জনক৷ ই চিগাৰেটতকৈও ক্ষতিকাৰক৷ শেহতীয়া গৱেষণা মতে ব্ৰয়লাৰ মুৰ্গীৰ একোটা ‘লেগ ৰোষ্ট’ ষাঠিটা চিগাৰেটৰ সমান ক্ষতিকাৰক বুলি জানিব পৰা গৈছে৷

[৪] অস্বাস্থ্যকৰ ফেটঃ ব্ৰয়লাৰ মুৰ্গীত অস্বাস্থ্যকৰ ফেট থাকে৷ এই ফেট সুস্বাস্থ্যৰ বাবে মুঠেও উপকাৰী নহয়৷ ব্ৰয়লাৰ মুৰ্গীৰ মাংস নিয়মিত খোৱাৰ ফলত উচ্ছ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ আশংকা বাঢ়ে৷ সেয়ে স্বাস্থ্য বিশেষজ্ঞসকলে ব্ৰয়লাৰ মুৰ্গী খোৱাতকৈ লোকেল মুৰ্গীৰ মাংস খাবলৈ পৰামৰ্শ আগবঢ়ায়৷

[৫] ক্ষতিকাৰক উপাদানঃ উৎপাদন আৰু ওজন বঢ়াবলৈ ব্ৰয়লাৰ মুৰ্গীক ক্ষতিকাৰক ৰাসায়নিক আৰু এণ্টিবায়’টিক খাবলৈ দিয়াৰ উপৰিও গ্ৰোথ হৰম’নৰ বেজী দিয়া হয়৷ এইবোৰে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰাৰ লগতে পুৰুষৰ প্ৰজনন ক্ষমতা পৰ্যন্ত হ্ৰাস কৰিব পাৰে৷