Logo
image

আইমীৰ ‘ছেমখৰ’ প্ৰদৰ্শিত হ’ব বাৰ্লিনত

আমাৰ অসম, ১২ ফেব্ৰুৱাৰীঃ অসমৰ প্ৰথমখন ডিমাচা ভাষাৰ ছবি ‘ছেমখৰ’ ৭২সংখ্যক বাৰ্লিন চলচ্ছিত্ৰ মহোৎসৱত প্ৰদৰ্শন হ’ব৷ আইমী বৰুৱা পৰিচালিত এই ছবিখন ১২ ফেব্ৰুৱাৰীৰ নিশা ন বজাত আৰু ১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৫.৩০ বজাত প্ৰদৰ্শিত হ’ব৷ বৃহস্পতিবাৰে এক সংবাদ মেলযোগে ‘ছেমখৰ’ৰ পৰিচালক আইমী বৰুৱাই এই কথা সদৰী কৰে৷ সংবাদ মেলত আইমী বৰুৱাই কয়– ‘প্ৰতিজন ছবি নিৰ্মাতাৰে সপোন থাকে, বিশ্বৰ শ্ৰেষ্ঠ চলচ্ছিত্ৰ মহোৎসৱ বাৰ্লিন চলচ্ছিত্ৰ মহোৎসৱত নিজৰ ছবি প্ৰদৰ্শিত হোৱাটো৷ মোৰো এই সপোন বাস্তৱ কৰি তুলিছে ভগৱান আৰু অসমবাসী ৰাইজৰ আশীৰ্বাদে৷’ উল্লেখ্য যে ‘ছেমখৰ’ত পৰিচালক আইমী বৰুৱাই ডিমাচা জনগোষ্ঠীৰ সংস্কৃতি আৰু জীৱনশৈলীৰ প্ৰতিফলন ঘটাবলৈ সক্ষম হৈছে৷ যোৱা বছৰ ‘ছেমখৰ’ৰ বাবে আইমী বৰুৱাই ট’ৰণ্ট আন্তঃৰাষ্ট্ৰীয় মহিলা চলচ্ছিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল৷