Logo
image

ইতিমধ্যে আপোনাৰ গাড়ীত সোমাইছে ইথানল মিশ্ৰিত পেট্ৰ’ল

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ মহানগৰবাসীয়ে তৎ ধৰিবলৈ নোপোৱাকৈ গুৱাহাটীৰ পেট্ৰ’ল পাম্পসমূহত ইথানল মিহলি কৰি দিয়া হৈছে৷ যানবাহনৰ গৰাকী কিম্বা চালকে উমান নোপোৱাকৈ এতিয়া ইথানল মিশ্ৰিত পেট্ৰ’লেৰে চলাই আছে গাড়ী৷ যোৱা মঙলবাৰৰ পৰাই কেন্দ্ৰীয় চৰকাৰৰ কঠোৰ নিৰ্দেশত আৰু কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰণালয়ৰ পৰিকল্পনা   অনুসৰি মেঘালয়ৰ লগতে গুৱাহাটীৰ সকলোবিলাক পেট্ৰ’ল পাম্পত ১০ শতাংশ ইথানল পেট্ৰ’লৰ সৈতে মিহলি কৰি দি বিক্ৰী কৰা হৈছে৷ দেশৰ পেট্ৰ’লিয়াম যোগানকাৰী সংস্থা আই অ’ চি এলে যোৱা ৭ ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰৰ পৰা নিয়মিতভাৱে পেট্ৰ’লৰ সৈতে মহানগৰীৰ সকলোবিলাক পেট্ৰ’ল পাম্পত ১০ শতাংশ ইথানল মিহলি ইন্ধন যোগান ধৰি আছে৷ অসমত আৰু উত্তৰ-পূৰ্বাঞ্চলত ‘উত্তৰ-পূব ভাৰত পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে’ পেট্ৰ’লৰ সৈতে ১০ শতাংশ ইথানল মিহলি কৰাৰ চৰকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰিছিল৷ অসমত আৰু উত্তৰ-পূবত তেওঁলোকে পেট্ৰ’ল পাম্পসমূহত সঠিক আন্তঃগাঁথনি নিৰ্মাণ নোহোৱা পৰ্যন্ত ইথানল মিশ্ৰিত পেট্ৰ’ল নকৰে বুলি সিদ্ধান্ত লৈছিল৷ কিন্তু অদমনীয় নৰেন্দ্ৰ মোদী চৰকাৰৰ কঠোৰ সিদ্ধান্তৰ ফলত পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে সেও মানিবলৈ বাধ্য হয়৷ মোদী চৰকাৰৰ হেঁচাত পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েছনে চৰকাৰৰ সিদ্ধান্ত মানি লৈ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিবলৈ আগবঢ়াৰ লগে লগে যোৱা মঙলবাৰৰ পৰা আই অ’ চি এলে গুৱাহাটীৰ সকলোবিলাক পেট্ৰ’ল পাম্প আৰু মেঘালয়ৰ একাংশ পেট্ৰ’ল পাম্পত অতি প্ৰয়োজনীয় আন্তঃগাঁথনি অবিহনেই আৰু সুৰক্ষাৰ ভীতি থকা সত্ত্বেও  পেট্ৰ’লৰ সৈতে ১০ শতাংশ ইথানল মিহলি ইন্ধন যোগান ধৰি আছে৷ সুৰক্ষাৰ ভীতি আৰু যানবাহনৰ ক্ষতি হোৱাৰ আশংকা থাকিলেও মহানগৰীৰ সকলো যানবাহনৰ গৰাকীয়ে এতিয়া ইথানল মিহলি পেট্ৰ’লেৰেই নিজৰ যানবাহন চলাই আছে৷ মহানগৰবাসীয়ে এই বিষয়ে ভালদৰে বিশেষ একো নাজানে আৰু জানিলেও পেট্ৰ’ল পাম্পত যি পেট্ৰ’ল যোগান ধৰি আছে সেয়া নিজৰ যানবাহনত ভৰাই চলাবলৈ তেওঁলোক বাধ্য৷

নৰেন্দ্ৰ মোদী চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ পৰাই অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলোবিলাক পেট্ৰ’ল পাম্পত ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰোৱাৰ সিদ্ধান্ত লৈছিল৷ অৱশ্যে ইতিপূৰ্বে দেশৰ কেইবাখনো ৰাজ্যত ৫ শতাংশৰ পৰা ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰি থকা হৈছে৷ নৰেন্দ্ৰ মোদী চৰকাৰে ২০২৫ চনৰ ভিতৰত দেশৰ সকলোবিলাক পেট্ৰ’ল  পাম্পতে ২০ শতাংশ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰাৰ বাবে চৰকাৰীভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছে৷ ইয়াৰ ফলত চৰকাৰৰ বাৰ্ষিক কেইবালাখ কোটি টকাৰ ৰাজহ ৰাহি হ’ব৷ ঘাইকৈ খাৰুৱা আৰু পৰিশোধিত তেল বিদেশৰ পৰা আমদানি কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদী চৰকাৰৰ চ্ছ্ৰ বিলিয়ন মাৰ্কিন ডলাৰ বা ৩ লাখ কোটিতকৈও অধিক টকা বছৰি ৰাহি হ’ব৷ ঘাইকৈ বিদেশৰ পৰা খাৰুৱা আৰু পৰিশোধিত তেল আমদানি কৰাৰ ফলত দেশৰ ৰাজহৰ এটা বৃহৎ অংশ বাহিৰলৈ ওলাই যায়৷ এতিয়াৰ পৰা সেই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ৪০০ কোটি টকাৰ ৰাজহ দেশৰ ভিতৰতে থাকিব৷ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰাৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পৰিমাণত ৰাজহ ৰাহি হ’লেও মোদী চৰকাৰে পেট্ৰ’লৰ মূল্য কমোৱাৰ কোনো সিদ্ধান্ত লোৱা নাই৷ ইয়াৰ বিপৰীতে যোৱা ৰ ফেব্ৰুৱাৰীত দাখিল কৰা কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে অহা অক্টোবৰত প্ৰতি লিটাৰ ডিজেলত ২ টকাকৈ আৰু প্ৰতি লিটাৰ পেট্ৰ’লত এটকাকৈ ঘাইকৈ উত্তৰ-পূবত বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে৷  পেট্ৰ’লৰ তুলনাত ইথানলৰ দাম বহু কম হোৱাৰ বাবে এতিয়া গুৱাহাটীত ইথানল মিহলি পেট্ৰ’লত কেন্দ্ৰীয় চৰকাৰে অৱধাৰিতভাৱে মূল্য হ্ৰাস কৰিব লাগিছিল৷ কিন্তু পেট্ৰ’লৰ গ্ৰাহকক এই ক্ষেত্ৰত এপইচাও ৰেহাই দিয়াৰ পৰিকল্পনা নাই মোদী চৰকাৰৰ৷ ইথানল মিহলি কৰাৰ ফলত যি বৃহৎ পৰিমাণৰ ধন ৰাহি হ’ব সেয়া মোদী চৰকাৰৰ ৰাজভঁৰালত সোমাব৷ তাৰ পৰা গুৱাহাটী মহানগৰীবাসী মুঠেই লাভান্বিত নহয়৷ ইথানলৰ উৎপাদন বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটীৰ উপৰি অসমৰ সকলোবিলাক পেট্ৰ’ল পাম্পত ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰা হ’ব৷ তেতিয়াও অসমবাসীক মোদী চৰকাৰে ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰি পোৱা লাভৰ কোনো সুফল নিদিয়ে৷ অসমবাসীয়ে পূৰ্বৰ দৰে একে মূল্য ভৰিয়েই ক্ৰয় কৰি থাকিব লাগিব পেট্ৰ’ল৷

৫ শতাংশ ইথানল মিহলি পেট্ৰ’ল যানবাহনৰ বাবে ক্ষতিকাৰক নহয়৷ কিন্তু এতিয়া দেশত যি ইঞ্জিনৰ যানবাহন চলি আছে সেই যানবাহন মূলতঃ ইন্ধন হিচাপে পেট্ৰ’ল ব্যৱহাৰৰহে উপযোগী৷ তথাপি ৫ শতাংশ পৰ্যন্ত ইথানল মিহলি কৰিলে তেনে ইঞ্জিনে সেয়া সহ্য কৰিব পাৰে৷ কিন্তু ১০ শতাংশ ইথানল মিহলি কৰি দিয়া পেট্ৰ’লেৰে গাড়ী চলোৱাৰ লগে লগে ইতিপূৰ্বে নিৰ্মাণ কৰা ইঞ্জিনৰ গাড়ীৰ ভয়ংকৰ ক্ষতি হ’ব৷ প্ৰসংগতঃ উল্লেখযোগ্য, পাৰিপাশ্বিৰ্ক  দৃষ্টিকোণৰ পৰা ঘাইকৈ কুঁহিয়াৰৰ পৰা তৈয়াৰ কৰা এই বায়’ ফুৱেল বা জৈৱ ইন্ধন পৰিৱেশৰ বাবে উপকাৰী৷ কিন্তু সেই জৈৱ ইন্ধন ব্যৱহাৰ কৰি চলাব পৰা গাড়ীও কোম্পানীয়ে নিৰ্মাণ কৰিব লাগিব৷ দেশত ২০০৩ চনতে ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰ কৰা হৈছিল৷ ‘ব্যুৰ’ অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ছে’ ২০০৬ চনত অনুমোদন দিয়াৰ পাছত ভাৰতত ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল ব্যৱহাৰৰ পথ সূচল হয়৷ তথাপি দেশৰ গাড়ী নিৰ্মাতা কোম্পানীসমূহে এতিয়ালৈকে ইথানল মিশ্ৰিত পেট্ৰ’লৰ বাবে সুবিধাজনক কৰি গাড়ীৰ ইঞ্জিন নিৰ্মাণ কৰা নাই৷ ইয়াৰ ফলতে এতিয়া হঠাতে গুৱাহাটীত পেট্ৰ’লৰ সৈতে ১০ শতাংশ ইথানল মিশ্ৰিত কৰি দিয়াৰ ফলত নিশ্চিতভাৱে যানবাহনৰ ভয়ংকৰ ক্ষতি হ’ব৷ আগশাৰীৰ গাড়ী নিৰ্মাতা কোম্পানীয়ে প্ৰকাশ কৰা অনুসৰি গাড়ীৰ ইঞ্জিনত থকা প্লাষ্টিক, ৰবৰ, এলুমিনিয়ামৰ অংশ ইথানল মিশ্ৰিত পেট্ৰ’লে সম্পূৰ্ণৰূপে নষ্ট কৰি পেলাব৷ ইথানল মিশ্ৰিত পেট্ৰ’লে গাড়ীৰ ইঞ্জিনৰ ফুৱেল পাইপ,  ইঞ্জেক্টৰ আৰু হছ পাইপ নষ্ট কৰি পেলাব৷ প্ৰকৃততে ১০ শতাংশ ইথানল মিহলি ইন্ধনৰ বাবে পৃথকে ইঞ্জিন নিৰ্মাণ কৰা প্ৰয়োজন৷ ভাৰতত তেনে ধৰণৰ ইঞ্জিন নিৰ্মাণ কৰাৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰে বলপূৰ্বকভাৱে প্ৰথমে গুৱাহাটীত আৰু অচিৰেই সমগ্ৰ অসমত ১০ শতাংশ ইথানল মিহলি পেট্ৰ’ল বিক্ৰী কৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰাৰ ঘটনাই সম্প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷