Logo
image

ক’ভিডৰ মাজতে ৰাজ্যত অসমীয়াৰ বাপতি সাহোন কাতি বিহু

আমাৰ অসম, ১৭ অক্টোবৰঃ কৰ’না মহামাৰীৰ মাজতে ৰাজ্যত প্ৰতিজন অসমীয়াই আজি অনুস্তুপিয়াকৈ পালন কৰিব অসমীয়াৰ বাপতি সাহন কাতি বিহু। হেঁপাহৰ বিহুটিক আদৰিবলৈ ৰাজ্যৰ উজনি-নামনি সকলোতে পুৱাৰে পৰা ব্যস্ত হৈ পৰিব প্ৰতিজন অসমীয়া। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা ক্ষণিকৰ আজৰি উলিয়াই প্ৰতিঘৰ অসমীয়াই কাতি বিহুৰ পালন কৰে। ক’ভিড কালৰ এই সংকটৰ সময়ত দেশ, জাতি, সমাজ, সমৃদ্ধ হোৱাৰ কামনাৰে আজি তুলসীৰ তলত চাকি জ্বলাই শস্য শ্যামল পথাৰৰ কামনা কৰিব অসমবাসীয়ে। সন্ধিয়া মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰীআউনীআটী সত্ৰত ২১ যোৰা আকাশ-বন্তি প্ৰজ্বলন কৰি মাজুলীৰ আকাশ উজ্বলাই তোলা হ’ব। ৩৬৫ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি সমগ্ৰ মানৱ জাতিৰ কল্যাণৰ কামনাৰে সত্ৰাধিকাৰ-বৈষ্ণৱ সকলে তুলসী ৰোপন কৰি আকাশ বন্তি প্ৰজ্বলন কৰিব। ঐতিহাসিক এই পৰম্পৰা ৰক্ষা তথা আয়োজনত ব্যস্ত আউনী আতি সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীয়ে কয়, 'বৰ্তমান কৰ’না মহামাৰীয়ে যেনেকৈ আমাক সকলোকে ভীতিগ্ৰস্ত কৰি তুলিছে এই কথা সকলোৰে উপলব্ধি হৈছে নিশ্চয়। তাৰ মাজতো আমাৰ পৰম্পৰা, সামাজিক অনুষ্ঠান সমূহ আমি ত্যাগ কৰিব পৰা নাই। কাৰণ পৰম্পৰা, ঐতিহ্য, সামাজিক মাধ্যমেৰেহে মানুহ, মানুহৰ জীৱন। আউনী আতি সত্ৰৰ এই ঐতিহাসিক অনুষ্ঠানটো আজিৰে পৰা মাহ জোৰা কাৰ্যসূচীৰে আৰম্ভ হ’ব। কাতি মাহত আমি তুলসী ঘৰে ঘৰে ৰোপন কৰো, আউনী আতি সত্ৰত আমি ২১ যোৰা আকাশ বন্তি আমি প্ৰজ্বলন কৰো, লগতে তুলসী ৰোপন কৰো। ৰাতিপুৱা আমি মহাপ্ৰভুৰ ওচৰত সেই বন্তি উৎসৰ্গা কৰো আৰু আবেলি আমি ক্ষেত্ৰলৈ লৈ আহো। প্ৰহ্লাদে যেনেকৈ ভক্তিৰ মাধ্যমেৰে একৈশ পুৰুষ উদ্ধাৰ কৰিছিল ঠিক তেনেকৈ একৈশ জোৰা আকাশ বন্তি প্ৰজ্বলনেৰে পুৰুষে পুৰুষে যাতে আমাৰ সমাজ জীৱন উদ্ধাৰ কৰে তাৰ প্রাৰ্থনাৰে সকলোৰে কল্যাণৰ মঙ্গলৰ কামনা  কৰা হয়। তুলসীয়ে বায়ু সাধন কৰে, বীজাণু নাশ কৰে। কাটি মাহৰ তুলসী ৰোপনেৰে এইবাৰ কৰ’নাক নাস কৰি সমাজ জীৱন সুস্থ-সুন্দৰ কৰি তুলিবৰ বাবে প্ৰাৰ্থনা কৰা হ’ব।' এই অনুষ্ঠানত ডবা-শংখ, খোল-তালৰ ধব্বনিৰ তালে তালে, ঢুলীয়া-খোলীয়া নটুৱাই নাম কীৰ্তন গাই আকাশ বন্তিৰ চাৰিওফালে চাৰিবাৰ প্ৰদক্ষিণ কৰে। ইয়াৰ পাছত সত্ৰাধিকাৰে মহাপ্ৰভুক প্ৰতিষ্ঠা কৰি পূজা অৰ্চনা কৰে। ২১ যোৰা আকাশ বন্তি প্ৰজ্বলন কৰি সত্ৰাধিকাৰ, বৈষ্ণৱ সকলে সমাজৰ অসূয়া-অপ্ৰীতি অশান্তি আঁতৰাই ভাতৃত্ব বোধ স্থাপনৰ মনোভাবেৰে পোহৰ উদ্ভাসিত কৰিবলৈ প্রার্থনা কৰে।