Logo
image

তৰল কথা নক’ব

 মুখ্যমন্ত্ৰীক উভতি ধৰিলে প্ৰিয়ংকাই

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক আন এটা বিষয়ৰ উদাহৰণ হিচাপে উল্লেখ কৰি দেশজুৰি কংগ্ৰেছ দলৰ পৰা প্ৰতিবাদৰ সন্মুখীন হৈছে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা৷ অসমৰ লগতে দেশৰ ভিন ভিন স্থানত হিমন্ত বিশ্ব শৰ্মাৰ সেই অনাহুত মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে  দলৰ সৰ্বভাৰতীয় সম্পাদক তথা ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে এই মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ প্ৰিয়ংকা গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পৰিৱৰ্তে কেইটামান বাক্যৰে সেই মন্তব্য যে তেওঁলোকৰ পৰিয়াৰ বাবে অপমানজনক আৰু আৰু মুখ্যমন্ত্ৰীৰ মন্তব্য যে সংগতিহীন সেয়া বুজাই দিছে৷ সংবাদ মাধ্যমৰ সন্মুখত প্ৰিয়ংকা গান্ধীয়ে কয় –‘সেই মন্তব্যৰে মোৰ মাকো অপমান কৰা হৈছে৷ মোৰ মা সেইজন ব্যক্তিৰ পত্নী, যি দেশসেৱা কৰাৰ প্ৰত্যুত্তৰত সন্ত্ৰাসবাদীৰ  আক্ৰমণত শ্বহীদ হৈছিল৷ তেওঁ মোৰ ভ্ৰাতৃ ৰাহুল গান্ধীৰ পিতৃ পৰিচয় কি বুলি প্ৰশ্ন কৰি সেই শ্বহীদৰ পত্নীক অপমান কৰিছে৷ মোৰ মা বিদেশৰ পৰা আহিও ভাৰতৰ কৃষ্টি-সংস্কৃতি-সমাজ-ভাষা আকোঁৱালি লৈ ভাৰতীয় হৈছে৷ তেনে এগৰাকী নাৰীক অপমান কৰাৰ অধিকাৰ কোনে দিলে? এয়া কেৱল তৰল মন্তব্যই নহয়, সংগতিহীন বা ল’গ-বান্ধ নোহোৱা বক্তব্য৷ যিটো বিষয়ৰ সৈতে তুলনা কৰিবলৈ গৈ ৰাহুল গান্ধীৰ পিতৃ পৰিচয়ক লৈ প্ৰশ্ন কৰা হৈছে, সেই তুলনা অসংলগ্ন আৰু অপ্ৰয়োজনীয়৷ নিৰ্বাচনী সভাত ভাষণ দিবলৈ আহি মূল বিষয়বস্তুৰ ওপৰত তেওঁ বক্তব্য ৰাখক৷’ প্ৰকৃত বিষয়ৰ পৰা ফালৰি কাটি তেওঁ অসংলগ্ন মন্তব্য কিয় কৰিছে?’উল্লেখ্য, যোৱা শুকুৰবাৰে উত্তৰাখণ্ডৰ কিচ্ছাত বিজেপিৰ এখন নিৰ্বাচনী সভাত ভাষণ দি হিমন্ত বিশ্ব শৰ্মাই কৈছিল–‘বিপিন ৰাৱাটৰ দৰে এজন সেনাবাহিনীৰ মুৰব্বীৰ নেতৃত্বত ভাৰতীয় সেনাই পাকিস্তানত ছাৰ্জিকেল ষ্ট্ৰাইক চলাইছিল বুলি কৈছে যেতিয়া সেয়া সত্য৷ সেই ছাৰ্জিকেল ষ্ট্ৰাইকক লৈ প্ৰমাণ বিচাৰিবলৈ ৰাহুল গান্ধী কোন? আমি কেতিয়াবা ৰাহুল গান্ধীৰ পিতৃ কোন বুলি প্ৰশ্ন কৰিছো নেকি?’ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ বিৰোধিতা কৰি কংগ্ৰেছ দলে দেশৰ বিভিন্ন স্থানত প্ৰতিবাদ কৰিছে৷ দেশৰ প্ৰাক্তন, প্ৰয়াত প্ৰধানমন্ত্ৰী সন্দৰ্ভত কৰা এই মন্তব্য যিদৰে অশোভনীয়, সেইদৰে এখন ৰাজ্যৰ দায়িত্বশীল মুখ্যমন্ত্ৰী হিচাপেও এনে তৰল মন্তব্য কৰা ততোধিক অশোনীয় বুলি কংগ্ৰেছ দলৰ সদস্যই প্ৰতিবাদ কৰিছে৷