Logo
image

অসমীয়া শিকিব খোজা অনাঅসমীয়াৰ সংখ্যা বাঢ়িছে

সাহিত্য সভাৰ ইউ টিউব চেনেল মুকলি অনুষ্ঠানত সভাপতি

আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ ‘শতবৰ্ষ গৰকি ১০৫ বছৰত ভৰি থোৱা অসম সাহিত্য সভাই আজি এম্‌ট্ৰনৰ সহযোগত এক ঐতিহাসিক সিদ্ধান্তনুসাৰে এটা ডিজিটেল গ্ৰন্থকোষ [অভিলেখাগাৰ]¸ আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ প্ৰায় ৫০০ খন অসমৰ প্ৰাচীন আপুৰুগীয়া গ্ৰন্থ, আলোচনী আদি ইতিমধ্যেই ডিজিটেল ৰূপত সংৰক্ষিত কৰি পৰৱতীৰ্ সময়তো   নিৰৱচ্চিন্নভাৱে চলাই নিয়াৰ লক্ষ্যৰে ডিজিটেল গ্ৰন্থকোষটো আজি আনুষ্ঠানিকভাৱে মুকলি কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঙ্ম ভৱেশ চন্দ্ৰ গোস্বামীয়ে৷ উল্লেখ্য, অসম সাহিত্য সভাৰ ২০২০-২২ বৰ্ষৰ কাৰ্যনিবৰ্াহকৰ প্ৰস্তাৱিত তিনিটা বিশেষ মূল প্ৰকল্পই আজি বাস্তৱ ৰূপ পালে৷ সভাৰ শুৱালকুছি অধিৱেশনৰ সভাপতিৰ অভিভাষণত ডঙ্ম কুলধৰ শইকীয়াই উল্লেখ কৰা অনুসৰিয়েই এই ডিজিটেল প্ৰকল্পৰ কামসমূহ পৰিকল্পিতভাৱে আগবঢ.াই লৈ যোৱাৰ বাবেই আজি সাহিত্য সভাই এই ডিজিটেল পুথিভঁড.ালটো সগৌৰৱেৰে ৰাইজৰ বাবে মুকলি কৰিব পাৰিলে৷ ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে আৰম্ভ হোৱা আৰু প্ৰধান সম্পাদক যাদব চন্দ্ৰ শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা আজিৰ অনুষ্ঠানতে অসম সাহিত্য সভাৰ ইতিমধ্যে অনুষ্ঠিত বিভিন্ন কাৰ্যসূচী সংযোজিত কৰি এটি ইউটিউব চেনেলো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ আসাম টিিব্ৰউন কাকতৰ কাৰ্যবাহী সম্পাদক প্ৰশান্তজ্যোতি বৰুৱাই উন্মোচন কৰা আৰু মৃদুল কুমাৰ শৰ্মাই প্ৰস্তুত কৰা এই চেনেলটো আজিৰ তাৰিখৰ পৰা সভাৰ সকলো শ্ৰেণীৰ সদস্যৰ লগতে ৰাইজৰ বাবে মুকলি কৰা হৈছে৷ [সভাৰ ইউটিউব চেনেলৰ লিংক ঃ httpsজ্ঞ//www.youtube.com/channel/UCuxinqjhoত্ৰস্তুচ্ছ্ৰব্জ-জ্জpzTep২bত্ব/featured]৷ সাহিত্য সভাৰ সভাপতি ডঙ্ম কুলধৰ শইকীয়াই প্ৰাৰম্ভিক ভাষণ দিয়া আজিৰ অনুষ্ঠানতে উত্তৰ-পূবৰ নানা জনগোষ্ঠীৰ সাধুকথাসমূহ ডিজিটেল ৰূপত শ্ৰৱ্য মাধ্যমত উপলব্ধ হোৱা প্ৰকল্প আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক-লেখক মৃণাল তালুকদাৰে৷ উল্লেখ্য যে এই সাধুকথাসমূহ স্পটিফাই, এমাজন মিউজিক, গানা পডকাষ্ট, এপল পডকাষ্ট আৰু গুগুল পডকাষ্টত উপলব্ধ হ’ব৷ সাধুকথাসমূহ উপলব্ধ হোৱা সমূহ মাধ্যমৰ একত্ৰিত লিংকটো আজি ঘোষণা কৰা হৈছে৷ [httpsজ্ঞ//linktr.ee/talesfromassam]৷ অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয় ভগৱতীপ্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা স্মৃতি সদনত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানত পৌৰোহিত্য কৰে সভাৰ সভাপতি ডঙ্ম কুলধৰ শইকীয়াই৷ সভাপতিৰ আসনৰ পৰা ভাষণ প্ৰদান কৰি ডঙ্ম শইকীয়াই কয়– ‘অসম সাহিত্য সভাৰ ডিজিটেল অভিলেখাগাৰ [পুথিভঁড.াল]-টোত সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু গুৱাহাটী কাৰ্যালয়ত সংৰক্ষিত হৈ থকা গ্ৰন্থসমূহৰ উপৰি অসমৰ কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থীসকলে ডিজিটেল ৰূপ দিয়া বহু গ্ৰন্থও সংযোজিত হৈছে৷ এই অভিলেখাগাৰ প্ৰতিগৰাকী অসমীয়াৰ আপোন সম্পত্তি হ’ব বুলি আমি আশা কৰিছোঁ৷ ইচ্ছুক ৰাইজেও ব্যক্তিগত সংগ্ৰহত থকা ন-পুৰণি পুথি-পাজি, গ্ৰন্থ অভিলেখাগাৰলৈ আগবঢ.াব পাৰিব৷ সৰ্বস্তৰৰ ৰাইজৰ সহযোগিতা আশা কৰাৰ লগতে গ্ৰন্থ আগবঢে.াৱাৰ সময়ত গ্ৰন্থসমূহৰ কপিৰাইট সম্বন্ধীয় দিশলৈ সচেতন হ’বলৈ তেওঁ আহ৩ান জনায়৷ অসম সাহিত্য সভাৰ সভাপতি ড॰ কুলধৰ শইকীয়াই কয় যে অসমত চাকৰি কৰিবলৈ অহা অনাঅসমীয়া লোকৰ অসমীয়া ভাষা শিকাৰ প্ৰতি আগ্ৰহ বাঢ়িছে৷ যোৱা ডিচেম্বৰত গুৱাহাটী আই আই টিত কুৰিখন আসনেৰে আৰম্ভ কৰা অসমীয়া ভাষা শিক্ষা কেন্দ্ৰত বৰ্তমান শিক্ষাৰ্থীৰ সংখ্যা ২০০ৰো অধিক হৈছে৷ ৰাজ্যত অসমীয়া ভাষা শিক্ষা কেন্দ্ৰ ছটাৰ পৰা আঠটালৈ বৃদ্ধি পাইছে৷ অষ্টে˜লিয়া, আমেৰিকা, কানাডা, মুম্বাইতো অসমীয়া ভাষা শিক্ষাকেন্দ্ৰ আৰম্ভ হৈছে৷ অনুষ্ঠানতে গ্ৰন্থকোষৰ লিংক www.granthakosh.sahityasabhaamtron.in  ৰাজহুৱা কৰা হয়৷ আজিৰ অনুষ্ঠানত এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদৱ, ডঙ্ম অনিল শইকীয়া, স্ব›Ÿনীল বৰুৱা, ডাঃ গীতাৰ্থ পাঠক আৰু বিশিষ্ট সাংবাদিক চৈয়দ জাৰিৰ হুছেইনো উপস্থিত থাকে৷ শ্ৰব্য মাধ্যমত সাধুকথা সংযোজন কৰোঁতা আই আই টি নতুন দিল্লীৰ অধ্যাপক ডঙ্ম মানৱেন্দ্ৰ চহৰীয়াই অনলাইনযোগে এক ভাষণ আগ বঢ.ায়৷ উল্লেখ্য যে সাহিত্য সভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট প্ৰযুক্তিৰ সহায়ত ফেচবুক পেজৰ জৰিয়তে বিশ্বৰ ভিন্ন প্ৰান্তত থকা অসম অনুৰাগীসকলৰ বাবে পোনপটীয়া সম্প্ৰচাৰ কৰে৷ ত্ৰিদীপ ভাগৱতী আৰু সুদৰ্শন  শৰ্মাই আঁত ধৰা অনুষ্ঠানটোৰ অন্তত শলাগ জ্ঞাপন কৰে অসম সাহিত্য সভাৰ সচিব চন্দন শৰ্মাই৷