নিউয়ৰ্কত অসমৰ ‘আলফুল’
সংযুক্তা দত্তই প্ৰস্তুত কৰা পাট-মুগাৰ
সাজেৰে ৰেম্পত বিশ্বৰ নামী-দামী মডেল
আমাৰ অসম, ১৪ ফেব্ৰুৱাৰীঃ নিউয়ৰ্ক চহৰত আন্তঃৰাষ্ট্ৰীয় স্তৰত জিলিকি উঠিল অসমৰ অসমৰ চহকী ছাঁতে শুকোৱা, মুঠিতে লুকুৱা পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ৷ পাট-মুগাৰ তাঁতশালত হাতে বোৱা অনুপম চানেকিৰে ৰাষ্ট্ৰীয় তথা আন্ত: ৰাষ্ট্ৰীয় স্তৰত সুনাম অৰ্জন কৰা প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ, অসম কন্যা সংযুক্ত দত্তই শনিবাৰে খোজ দিলে বিশ্বৰ অন্যতম জনপ্ৰিয় নিউয়ৰ্ক ফেশ্বন উইকৰ ৰেম্পত৷ মাৰ্কিন যুক্তৰাষ্টৰ নিউয়ৰ্ক চিটীৰ মানহাটত অনুষ্ঠিত বিশ্বৰ অন্যতম বৃহৎ ফেশ্বন ডিজাইন শ্ব’ ‘নিউয়ৰ্ক ফেশ্বন উইক-২০২২’ত এইবাৰ সংযুক্তা দত্তৰ ফেশ্বনৰ মূল বিষয় হৈছে— ‘‘আলফুল’’ শীৰ্ষক ডিজাইন৷ ‘‘আলফুল’’ নামেৰে সৃষ্টি কৰা এই অপৰূপ ডিজাইনত আছে অসমৰ স্বাভিমানৰ প্ৰতীক পাট-মুগাৰ হাতে বোৱা মেখেলা-চাদৰ, বিশেষ শাৰী, ফ্লই- গাউনছ, দ্ৰেপ- স্কাৰ্ট আৰু প্ৰাচ্য-প্ৰাচ্যত্বৰ সংমিশ্ৰণৰ লেহেংগাৰ আকৰ্ষণীয় বস্ত্ৰ সম্ভাৰ৷ অসমৰ থলুৱা চহকী হস্তশিল্পক আধুনিকতাৰ অপূৰ্ব সংমিশ্ৰণেৰে মহিলাৰ ভিন্নমুখী সাজপাৰক বিশ্বৰ অৰঙে-দৰঙে সমাদৃত কৰাই হ’ল সংযুক্তা দত্তৰ ‘‘ আলফুল’’ ফেশ্বন ডিজাইনৰ মূল লক্ষ্য৷ এই প্ৰসংগত ডিজাইনাৰ সংযুক্তা দত্তই কয়: ‘‘আমাৰ বহু আকাংক্ষিত এক সপোন পূৰণ হ’ল৷ নিজৰ লগতে আমাৰ শিপিনীৰ বাবেও আজি এক অতি গৌৰৱৰ দিন যে অসমৰ থলুৱা ঐতিহ্যমণ্ডিত হস্তশিল্প বিশ্বপ্ৰসিদ্ধ নিউয়ৰ্ক ফেশ্বন উইকত প্ৰদৰ্শিত হৈছে৷ এনে সুখানুভুতি প্ৰকাশ কৰিবলৈ সঁচাকৈ আমাৰ ভাষা নাই৷ এই অনুষ্ঠানত নিউ য়ৰ্কৰ ভাৰতীয় দূতাবাসৰ ৰন্ধিৰ জয়চোৱাল [কপুল জেনেৰেল অৱ ইণ্ডিয়া], ড॰ বৰুৱা জেফ [ডেপুটি কনচুন জেনেৰেল অৱ ইণ্ডিয়া], চেনথুৰ কুমাৰন [ডাইৰেক্টৰ, ইণ্ডিয়া টুৰিজিম অফিচ], প্ৰেমলতা [ভিপি ষ্টেট বেংক অৱ ইণ্ডিয়া] আৰু নিউয়ৰ্ক নিবাসী বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকি সংযুক্তাৰ ডিজাইনৰ ভূয়সী প্ৰশংসা কৰে৷ উল্লেখ্য, অভিযন্তাৰ চৰকাৰী চাকৰি স্বেচ্ছাই ত্যাগ কৰি ফেশ্বন ডিজাইনৰ অত্যন্ত প্ৰত্যাহ৩ানমূলক জগতখনত খোজ দিয়া সংযুক্তা দত্তই নিজৰ অনন্য প্ৰতিভা-কল্পদৃষ্টি আৰু সৃজনীশীলতাৰে নাতিদীৰ্ঘ সময়ৰ পৰিক্ৰমাত নিজৰ লগতে ৰাজ্যখনকো উজলাই তুলিবলৈ সক্ষম হৈছে৷ ইয়াৰ সমান্তৰালভাবে ডিজাইনাৰ সংযুক্তা দত্তই মুকলি কৰিছে অসমৰ থলুৱা শিপিনীৰ আত্মনিৰ্ভৰশীলতাৰ আন এক নতুন পথ৷ বলিউডৰ প্ৰখ্যাত অভিনেত্ৰী হেমা মালিনী, বিপাশা বসু, প্ৰীতি জিণ্টা, কৰিশ্মা কাপুৰ, জেৰিন খান আদিয়ে দেশৰ অন্যতম জনপ্ৰিয় ফেশ্বন শ্ব’ লেকমে ফেশ্বন শ্ব’ উইক, এফ ডি চি আইসহ একাধিক প্ৰসিদ্ধ ফেশ্বন শ্ব’ৰ ৰেম্পত সংযুক্তা দত্তই প্ৰস্তুত কৰা থলুৱা পাট-মুগাৰ ডিজাইনৰ বস্ত্ৰৰে বিশ্বৰ কোটি কোটি লোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তদুপৰি ২০১৫ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা ইংলেণ্ডৰ ৰাজবোৱাৰী কেট মিডলটনে পৰিধান কৰা আটকধুনীয়া সাজযোৰো প্ৰস্তত তথা ডিজাইন কৰিছিল অসম কন্যা ডিজাইনাৰ সংযুক্তা দত্তই৷ একক- অনন্য- অগতানুগতিক নিপুণ কলাশৈলীৰ বাবে আন্তৰ্জাতিক পৰ্যায়ৰ মাত্ৰ এমুঠিমান ডিজাইনাৰক নিউয়ৰ্ক ফেশ্বন উইকে নিজস্ব বাছনিৰে প্ৰতিবছৰে নিৰ্বাচন কৰে৷ চলিত বৰ্ষৰ বাবে নিউয়ৰ্ক ফেশ্বন উইকৰ তালিকাত আন্তৰ্জাতিক পৰ্যায়ৰ একাংশ বিখ্যাত ফেশ্বন ডিজাইনৰ সৈতে অসম কন্যা সংযুক্তা দত্তৰ নাম অন্তৰ্ভুক্ত হোৱা কাৰ্যই স্বাভাৱিকতে ৰাজ্যখনলৈ আনিছে এক ইতিবাচক বতৰা৷