Logo
image

ক’ভিডক ‘পত্ৰপাঠ’ বিদায়

 আজিৰ পৰা ২০২০১ মাৰ্চৰ আগলৈ ঘূৰি যাব ৰাজ্যঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৫ ফেব্ৰুৱাৰীঃ ক’ভিডক  ‘পত্ৰপাঠ’ বিদায় দিলে অসম চৰকাৰে৷ বাংলাভাষাত সোধ-পোছ নকৰাকৈ যেতিয়া কাৰোবাক দুৱাৰমুখৰ পৰাই বিদায় দিয়া হয়, তেতিয়া তেনে পৰিস্থিতিক ‘পত্ৰপাঠ’ বিদায় বুলি কোৱা হয়৷ অসমৰ পৰা ক’ভিডৰ বিদায় পৰ্বও যেন ঠিক তেনে হ’ল৷ বাংলা ভাষাৰ ‘পত্ৰপাঠ’ বিদায়ৰ দৰে চৰকাৰে হঠাতে আজিৰ পৰা বিদায় দিলে ক’ভিডক৷ যেন ৰাজ্যত নিৰ্বাচনী বতাহ আৰম্ভ হোৱাৰ লগে লগে  প্ৰত্যাশিতভাৱেই অসমৰ পৰা বিদায় ল’লে মহামাৰী ক’ভিডে৷ কাইলৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যত নাথাকিব ক’ভিডৰ কোনো বাধা-নিষেধাজ্ঞা৷ নৈশ কাৰ্ফিউ প্ৰত্যাহাৰ কৰাৰ লগতে ২৪ ঘণ্টাই খোলা ৰাখিব পাৰিব দোকান-বজাৰ৷ আজিলৈকে ৰাজহুৱা সভা সমিতিত দুয়োটা ড’জ ভেকচিন লোৱা ২০০ লোকৰহে উপস্থিতিৰ অনুমতি আছে যদিও কাইলৈ ১৫ ফেব্ৰুৱাৰীত অৰ্থাৎ এৰাতিৰ পাছতেই একেই সভা সমিতিসমূহত ২ লাখ লোকে অংশ ল’লেও কোনো বাধা নাথাকিব৷ মাজুলীৰ উপ-নিৰ্বাচনৰ লগতে পৌৰ নিগম-নিকায়ৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পাছতেই চৰকাৰে তাৎক্ষণিকভাৱে বিদায় দিলে ক’ভিডক৷ এক কথাত অসমে কাইলৈৰ পৰা সম্পূৰ্ণ স্বাভাৱিক অৱস্থালৈ গতি কৰিব৷ সোমবাৰে এই সন্দৰ্ভত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেলে এটা নিৰ্দেশনা যোগে বিমান বন্দৰ, ৰে’ল ষ্টেচন আৰু সীমান্তৰ সংযোগী পথত যাত্ৰীৰ বাধ্যতামূলক ক’ভিড পৰীক্ষা প্ৰত্যাহাৰ কৰিছে৷ তদুপৰি মেডিকেল কলেজ হাস্পতালকে ধৰি বিভিন্ন হাস্পতালৰ বহিঃবিভাগ আৰু জৰুৰীকালিন সেৱাতো এতিয়াৰে পৰা ৰোগীৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক নহ’ব৷ অৱশ্যে চৰকাৰী হাস্পতালত বিনামূলীয়া ক’ভিড পৰীক্ষাৰ ব্যৱস্থা থাকিব যদিও ৰোগীৰ লক্ষণ থাকিলে বা স্ব-ইচ্ছাই ক’ভিড টেষ্ট কৰিব পাৰিব৷ ইপিনে সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাইলৈ পৰা ক’ভিডৰ বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগে লগে ২০২০ চনৰ মাৰ্চৰ আগলৈ ৰাজ্যৰ স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি যাব বুলি মন্তব্য কৰিছে৷ মুখ্যমন্ত্ৰীয়ে লগতে কাইলৈৰ পৰা স্কুল-কলেজো খোলাৰ লগতে দেশৰ ভিতৰতে অসমেই প্ৰথমে ক’ভিড বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিবলৈ সক্ষম হোৱা বুলিও দাবী কৰিছে৷ কেৱল নাগৰিকে এতিয়াৰে পৰা ভেকচিন লোৱাৰ লগতে মাস্ক আৰু ছেনিটাইজাৰ ব্যৱহাৰ কৰি থাকিলেই হ’ব৷ অৱশ্যে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ বাবেই সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লোৱা বুলি চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰিলেও শেহতীয়াকৈ ক’ভিড টেষ্টৰ হাৰ কমাই অনা দেখা গৈছে৷ স্বাভাৱিকতেই এনে কাৰণত বিগত ৭ দিনত পজিটিভিটীৰ হাৰ হ্ৰাস পোৱা বুলিও চৰ্চা লাভ কৰিছে৷ কিয়নো জ্জ দিন পূৰ্বে অৰ্থাৎ ৮ ফেব্ৰুৱাৰীত ৰাজ্যত ৩৪ হাজাৰ লোকৰ ক’ভিড টেষ্ট কৰাৰ বিপৰীতে পজিটিভটীৰ হাৰ আছিল ১.২৮ শতাংশ৷ কিন্তু সোমবাৰে অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত ক’ভিড টেষ্টৰ সংখ্যা ৩২ হাজাৰলৈ হ্ৰাস কৰা পজিটিভিটীৰ হাৰ ৰ শতাংশৰ তললৈ নামিল৷ অথচ ৮ ফেব্ৰুৱাৰীত ৮ জন ক’ভিড ৰোগীৰ মৃত্যু হোৱাৰ বিপৰীতে বৰ্তমানো ক’ভিডত মৃত্যুৰ ধাৰাবাহিকতা অব্যাহত আছে৷ এৰাতিৰ ভিতৰতে ২০০ জন লোকে অংশ ল’ব পৰা ৰাজহুৱা সভা-সমিতিসমূহত এতিয়া ৰ-২ লাখ লোকৰ অংশ গ্ৰহণৰ সুবিধা কৰি ক’ভিড বাধা-নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ অন্তৰালত ৰাজ্যৰ উদং ৰাজকোষ আৰু সমাগত নিৰ্বাচনসমূহেই বুলি ধাৰণা কৰা হৈছে৷ কিয়নো ক’ভিড বিধবস্ত অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঋণ লৈ হিতাধিকাৰীক নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিলেও ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা অতি শোচনীয়৷ বৰ্তমান ৰাজকোষ উদং বুলি ক’লেও যেন ভুল কোৱা নহয়৷ ক’ভিডে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা টনাটনি পৰ্যায়লৈ লৈ যোৱাৰ লগতে কাৰ্ফিউৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়-বাণিজ্যৰো ব্যাপক লোকচানৰ সন্মুখীন হৈছে৷ যাৰ বাবে ক’ভিডৰ প্ৰতিৰোধৰ বাবদ চৰকাৰে এতিয়াৰে পৰা ৰাজকোষৰ ধন ব্যয় কৰিব বিচৰা নাই৷ তদুপৰি কাৰ্ফিউ অব্যাহত ৰাখি ৰাজহ সংগ্ৰহতো লোকচান ভৰিব বিচৰা নাই দিছপুৰে৷ এনে কাৰণতে বিমান বন্দৰ, ৰে’ল ষ্টেচনৰ পৰা হাস্পতাললৈ সকলোতে বাধ্যতামূলক ক’ভিড পৰীক্ষা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হৈছে হিমন্ত বিশ্বৰ চৰকাৰ৷