Logo
image

এছঅ’পিৰ পূৰ্বেই আজি খুলিল একাংশ স্কুল

আমাৰ অসম, ১৫ ফেব্ৰুৱাৰীঃ জল্পনা-কল্পনাৰ অন্তত অৱশেষত প্ৰকাশ পালে ক’ভিডৰ বাধা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ এছঅ’পি৷ সোমবাৰে দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ তথা মুখ্য সচিব জিষ্ণু বৰুৱাই প্ৰকাশ কৰা এছঅ’পিখন ক’ভিডৰ অন্তিমখন এছঅ’পি বুলি ধাৰণা কৰা হৈছে৷ নতুন এছঅ’পি অনুসৰি কাইলৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীৰ পুৱা ৬ বজাৰ পৰা নাথাকিব কোনো ক’ভিড বাধা নিষেধাজ্ঞা৷ কেইবাখনো জিলাত দৈনিক আক্ৰান্তৰ সংখ্যা দুই-তিনি সপ্তাহ ধৰি দহজনৰ তলত থকাত আৰু ৰাজ্যৰ ৯৫ শতাংশ লোকেই ক’ভিড ভেকচিনৰ প্ৰথমটো ড’জ গ্ৰহণ কৰাৰ পৰিপ্ৰেক্ষিততেই বাধা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলি সদৰী কৰিছে৷ নতুন এছঅ’পিত শিক্ষানুষ্ঠানৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে পৃথক এছঅ’পি জাৰি কৰিব বুলি উল্লেখ কৰিছে৷ কিন্তু শিক্ষা বিভাগৰ পৃথক এছঅ’পিৰ পূৰ্বেই গুৱাহাটীৰ ডনবস্ক’ আৰু গুৰুকুলকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইৰ একাংশ শিক্ষানুষ্ঠানে মঙলবাৰৰ পৰা প্ৰাথমিকৰ পৰা অষ্টম শ্ৰেণীৰো শ্ৰেণীকোঠাত পাঠদান আৰম্ভ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে৷ নতুন এছঅ’পি অনুসৰি এতিয়াৰে পৰা নাথাকিব নাইট কাৰ্ফিউ৷ অৱশ্যে ৰাজহুৱা স্থানত নাগৰিকে মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি চলি ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব৷ এই বিষয়টো জিলা প্ৰশাসনে নিৰীক্ষণত ৰাখিব৷ আনহাতে, ৰাজহুৱা সভা-সমিতি তথা ৰাজহুৱা স্থানত ভেকচিন নোলোৱা ব্যক্তি উপস্থিত থাকিব নোৱাৰিব৷ ৰাজহুৱা স্থানত সংশ্লিষ্ট কতৃৰ্পক্ষক নাগৰিকে প্ৰয়োজন সাপাক্ষে ভেকচিন লোৱাৰ প্ৰমাণ-পত্ৰ দেখুৱাব লাগিব৷ কেৱল ভেকচিনৰ দুয়োটা ড’জ লোৱা ব্যক্তিয়েহে ৰাজহুৱা স্থানত উপস্থিত থাকিব পাৰিব৷ ব্যৱসায় প্ৰতিষ্ঠানসমূহতো ক’ভিড বিধি মানি চলিব লাগিব৷ ৰাজহুৱা স্থানত মাস্ক নিপিন্ধা ব্যক্তিক প্ৰশাসনে ১০০০ টকা জৰিমনা বিহিব৷ তদুপৰি এই ক’ভিড বিধি ভংগ কৰা ব্যক্তিৰ বিৰুদ্ধে দুৰ্যোগ ব্যৱস্থাপনা আইনৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলিও উল্লেখ কৰিছে এছঅ’পিত৷