Logo
image

জনৰোষৰ ভয়ত বিহু আঁতৰোৱাৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ আশ্বাস

শিক্ষা সংসদৰ পাঠ্যক্ৰম

মন্ত্ৰী, শিক্ষা সংসদৰ অধ্যক্ষৰ জীয়া ফাঁকি

আমাৰ অসম, ১৫ ফেব্ৰুৱাৰীঃ আগ-পিছ নুগুণি কৰা কামৰ মূল্য ভৰিবলৈ বাধ্য হৈছে অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদ৷ সোণোৱাল চৰকাৰৰ দিনত প্ৰৱৰ্তন কৰা বিহু বিষয়ক পাঠ্যক্ৰম উচ্ছতৰ মাধ্যমিকৰ বিষয়সূচীৰ পৰা আঁতৰাবৰ বাবে শিক্ষা সংসদে গ্ৰহণ কৰা সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ গৰজি উঠাৰ সূত্ৰেই জনৰোষত পৰাৰ ভয়ত  অৱশেষত এই হঠকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ আশ্বাস দিলে শিক্ষা সংসদ কতৃৰ্পক্ষই৷ কোৱা বাহুল্য যে শিক্ষা সংসদৰ অধ্যক্ষই নীতিবহিৰ্ভূতভাৱে এই প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল৷ আ(ৰ্যজনকভাৱে এই নীতিবহিৰ্ভূত প্ৰস্তাৱত সন্মতি জনাইছিল স্বয়ং শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে৷ অৱশ্যে পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীৰ ধমকনি খাই শিক্ষামন্ত্ৰীয়ে তেওঁৰ পূৰ্বৰ স্থিতি আৰু কথাৰ সুৰ সলনি কৰে৷ শিক্ষা সংসদৰ উচ্ছস্তৰীয় সূত্ৰৰ পৰা জানিব পৰা মতে, সংসদৰ শৈক্ষিক পৰিষদৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে অধ্যক্ষই এই অসমীয়াবিৰোধী সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ দৰাচলতে যিকোনো শৈক্ষিক বিষয় প্ৰথমে শৈক্ষিক পৰিষদৰ সভাত আলোচনা কৰিব লাগে৷ বিতং আলোচনাৰ পাছত এই বিষয়ে সংসদৰ সাধাৰণ পৰিষদৰ সভাত খৰচি মাৰি আলোচনা কৰিব লাগে৷ অভিযোগ মতে, শিক্ষা সংসদৰ প্ৰতি বিশেষ আনুগত্য নথকা আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে কোনো সম্পৰ্ক নথকা কেইজনমান বিষয়াৰ প্ৰৰোচনা-মন্ত্ৰণাতেই বিষয়টোৰ গভীৰতালৈ নোযোৱাকৈয়ে শিক্ষা সংসদৰ অধ্যক্ষই গ্ৰহণ কৰিছিল এনে অসমবিৰোধী সিদ্ধান্ত৷ উল্লেখ্য, ২০২০-২১ শিক্ষাবৰ্ষৰ পৰা বিহু বিষয়টো উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হয়– ঐচ্ছিক বিষয়ৰূপে৷ ইয়াৰ বাবে প্ৰস্তুত কৰা হয় ‘অসমৰ জাতীয় উৎসৱ’ নামৰ পাঠ্যপুথি৷ এই পাঠ্যপুথিত অসমৰ বিহুৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহুৰ বিষয়েও শিক্ষাৰ্থীক জ্ঞান দিবলৈ প্ৰয়াস কৰা হৈছে৷ বিহু বিষয়ৰ প্ৰশ্নকাকত ১০০ নম্বৰৰ– ইয়াৰে ৩০ নম্বৰ থিয়’ৰী আৰু ৭০ নম্বৰ প্ৰেক্টিকেল৷ থিয়’ৰী পঢ়ুৱাব পাৰে যিকোনো শিক্ষক-শিক্ষয়িত্ৰীয়ে৷ প্ৰেক্টিকেল শ্ৰেণীক লৈ কিছু সমস্যাৰ সৃষ্টি হোৱাত বিহু সুৰক্ষা সমিতিয়ে বিনা পাৰিশ্ৰমিকেৰে বিদ্যালয়সমূহত পাঠদান কৰিবলৈ আগবাঢ়ি আহে৷ সম্প্ৰতি ৰাজ্যৰ বিভিন্ন বিদ্যালয়ত বিহু সুৰক্ষা সমিতিয়ে প্ৰেক্টিকেল ক্লাছ কৰি আছে৷ চূড়ান্ত পৰীক্ষাৰ বাবে শিক্ষক আৰু পৰীক্ষকৰ এখন তালিকা প্ৰস্তুত কৰা কাম চলি আছে– য’ত সন্নিৱিষ্ট হ’ব অভিজ্ঞ, দক্ষ আৰু স্নাতকোত্তৰ ডিগ্ৰীধাৰী শিক্ষকো– বিহু বিষয়ত সংশি¡ষ্ট শিক্ষকৰ জ্ঞান থাকিব লাগিব৷ এইবাৰ বিহু বিষয়ত ৯৯৬জন ছাত্ৰ-ছাত্ৰী চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ লক্ষণীয়ভাৱে নতুন শিক্ষানীতিত কৃষ্টি-সংস্কৃতি আৰু বৈচিত্ৰ্যৰ শিক্ষাত বিশেষ গুৰুত্ব দিয়া হৈছে৷ ৰাজ্যৰ গৌৰৱ, দেশৰ গৌৰৱ, জাতিৰ গৌৰৱ, প্ৰাচীন আৰু আধুনিক সভ্যতা-সংস্কৃতি, পৰম্পৰা, জ্ঞান আহৰণৰ ন-পুৰণি কৌশল ইত্যাদিৰ ওপৰত নতুন শিক্ষানীতিত বিশেষ গুৰুত্ব দিয়া হৈছে৷ এই বিষয়ে নতুন শিক্ষানীতিৰ ৪.২৯, ২২.১, ২২.২, ২২.৩, ২২.৪ আদি দফাত উল্লেখ কৰা হৈছে৷ ইফালে, স্বদেশ অধ্যয়ন বিষয়টো আৰম্ভ হৈছিল ২০১৮-১৯ শিক্ষাবৰ্ষৰ পৰা৷ ইয়াৰ মূল উদ্দেশ্য আমাৰ ছাত্ৰ-ছাত্ৰীক অসমৰ ভুগোল আৰু বুৰঞ্জীৰ জ্ঞান দিয়া৷ ভুগোল আৰু বুৰঞ্জী বিষয়টো বেলেগে থকাৰ বাবে অসমৰ ছাত্ৰ-ছাত্ৰীয়ে সেইবোৰত অসমৰ বিষয়ে বিশেষ তথ্য-জ্ঞান নাপায়৷ ভুগোল-বুৰঞ্জীৰ দুয়োখন পাঠ্যপুথি আৰু পাঠ্যক্ৰম এনচিইআৰটিৰ৷ নৱম-দশমত ভুগোল-বুৰঞ্জী পঢ়ি অহা ছাত্ৰ-ছাত্ৰীয়ে উচ্ছতৰ মাধ্যমিকত সীমিত সুবিধাহে লাভ কৰে৷ সেইবাবেই স্বদেশ অধ্যয়নৰ দৰে বিষয় অন্তৰ্ভুক্ত কৰা হৈছিল৷ ইয়াত ৮০ নম্বৰ থিয়’ৰী আৰু ২০ নম্বৰ প্ৰজেক্টৰ বাবে ধাৰ্য কৰা হৈছিল৷ অধিকাংশ বিদ্যালয়তে যিহেতু ভুগোল, বুৰঞ্জী, ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি বিজ্ঞানৰ শিক্ষক-শিক্ষয়িত্ৰী থাকে, গতিকে এই বিষয়ত ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাত কোনো অসুবিধা নহয়৷ এই বছৰ স্বদেশ অধ্যয়নত ১২,৬৮৩জন শিক্ষাৰ্থীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব৷ স্বদেশ অধ্যয়নৰ পাঠ্যপুথি প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবেও সহায়কৰূপে বিবেচিত হৈছে৷ অসমীয়া, ইংৰাজী আৰু বাংলা ভাষাত আছে এই বিষয়ৰ পাঠ্যপুথি৷ প্ৰজেক্ট ৱৰ্কৰ ২০ নম্বৰৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে যিকোনো বুৰঞ্জীপ্ৰসিদ্ধ বা ভৌগোলিক গুৰুত্ব থকা প্ৰসিদ্ধ ঠাই ভ্ৰমণ কৰি প্ৰকল্প প্ৰস্তুত কৰিব লাগে৷ এই ব্যৱস্থাই শিক্ষামূলক ভ্ৰমণৰ লগতে পৰ্যটন শিক্ষাৰ ক্ষেত্ৰতো ছাত্ৰ-ছাত্ৰীক সহায় কৰিছে৷ নতুন শিক্ষানীতিত এইবোৰ কথাকে কোৱা হৈছে৷ ইমানৰ পাছতো বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা উচ্ছতৰ মাধ্যমিক পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰিবৰ বাবে শিক্ষা সংসদে কিয় আৰু কাৰ হেঁচাত চেষ্টা চলাইছিল আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই প্ৰচেষ্টাত কি কাৰণত সাৰ-পানী যোগাইছিল, সেয়া এতিয়ালৈকে দুৰ্বোধ্য সাঁথৰ হৈয়েই আছে৷

আছুৰ দাবী-যুক্তিত সেও মানিলে শিক্ষা সংসদে

অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ এই হঠকাৰী আৰু জাতিবিৰোধী কাৰ্যৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভ-প্ৰতিবাদ অব্যাহত থকাৰ সময়তে সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ এটা প্ৰতিনিধি দলক শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবে এইমৰ্মে আশ্বাস দিয়ে যে বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা বাতিল কৰিবৰ বাবে শিক্ষা সংসদে যি প্ৰস্তাৱ চৰকাৰলৈ প্ৰেৰণ কৰিছিল, সেই প্ৰস্তাৱ অচিৰেই বাতিল কৰি দুয়োটা বিষয় উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত বাহাল ৰখাৰ বাবে শিক্ষা সংসদে চৰকাৰলৈ পুনৰ প্ৰস্তাৱ প্ৰেৰণ কৰিব৷ উল্লেখ্য, শিক্ষা সংসদে উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা স্বদেশ অধ্যয়ন আৰু বিহু বিষয় দুটা কৰ্তন কৰাৰ বাবে গ্ৰহণ কৰা তৎপৰতাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই৷ এই সিদ্ধান্ত বাতিলৰ দাবীসহ আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাসৰ নেতৃত্বত সংগঠনটোৰ এটা প্ৰতিনিধি দল সোমবাৰে শিক্ষা সংসদৰ অধ্যক্ষ আৰু সচিবৰ সৈতে শিক্ষা সংসদৰ কাৰ্যালয়ত আলোচনাত মিলিত হয়৷ এই বিষয়ে সদৰী কৰি আছুৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘এই কাৰ্য হঠকাৰী আৰু জাতিবিৰোধী৷ এই বিষয় দুটা পাঠ্যক্ৰমৰ পৰা কৰ্তন কৰাটো মানি লোৱা নহ’ব৷ ছাত্ৰ সন্থাই ইয়াৰ ঘোৰ বিৰোধিতা কৰিছে৷ এনে হঠকাৰী আৰু জাতিবিৰোধী সিদ্ধান্ত কোনো কাৰণতে গ্ৰহণযোগ্য নহয়৷ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱা বাবেই এই বিষয় দুটা কৰ্তনৰ সিদ্ধান্ত লোৱা বুলি শিক্ষামন্ত্ৰীয়ে আগবঢ়োৱা বক্তব্য সত্য নহয়৷ এই ভাষ্যৰ যুক্তিযুক্ততা নাই৷ উচ্ছতৰ মাধ্যমিক পাঠ্যক্ৰমৰ ৫৪টা ঐচ্ছিক বিষয়ৰ ভিতৰত এনে বহু বিষয় আছে, যিবোৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বিহু বিষয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ বহু কম৷ স্বদেশ অধ্যয়নত ১২,৬৮৩ আৰু বিহু বিষয়ত ৯৯৬গৰাকী ছাত্ৰ-ছাত্ৰী থকাৰ পাছতো এই দুটা বিষয় পাঠ্যক্ৰমৰ পৰা আঁতৰাবলৈ চেষ্টা কৰাৰ যুক্তি ক’ত? শিক্ষা সংসদৰ দৰে জাতীয় অনুষ্ঠানে এনে কাম কৰাটো গৰ্হিত আৰু নিন্দনীয়৷ সংসদৰ পূৰ্বৰ অধ্যক্ষৰ নেতৃত্বত এই বিষয় দুটা পাঠ্যক্ৰমত সংলগ্ন কৰাৰ চিন্তা প্ৰশংসনীয় যদিও সঠিক পৰিকল্পনাৰ অভাৱত বহু আসোঁৱাহ ৰৈ গৈছে৷ এতিয়া পূৰ্বৰ আসোঁৱাহ দূৰ কৰি বিষয় দুটা পৰিকল্পিত ৰূপত আগবঢ়াই নিব লাগিছিল শিক্ষা সংসদে৷ তাকে নকৰি বিষয় দুটা বাতিল কৰাৰ কথা চিন্তা কৰাটো অসম আৰু অসমীয়াবিৰোধী কাৰ্য৷ বিহুৰ ব্যৱহাৰিক দিশত গুৰুত্ব দি অধিক পৰিকল্পিতভাৱে পাঠ্যপুথি প্ৰণয়ন কৰিবলৈ বিভিন্ন পক্ষৰ লগত শিক্ষা সংসদে আলোচনা কৰিব লাগিব৷ পৰৱৰ্তী সময়ত এনে স্পৰ্শকাতৰ বিষয়ত যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ৰাইজৰ মতামত ল’ব লাগিব৷ ভৱিষ্যতে এনে জাতিবিৰোধী সিদ্ধান্তৰ পৰা শিক্ষা সংসদ বিৰত থকা উচিত৷’ আছুৰ প্ৰতিনিধি দলটোৰ আনকেইগৰাকী সদস্য আছিল সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ দাস, দুই সাংগঠনিক সম্পাদক ৰাইফউদ্দিন আহমেদ আৰু দিব্যজ্যোতি মেধি, সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক৷ আছুৰ প্ৰতিনিধি দলটোৰ যুক্তি শুনাৰ পাছত শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা বাহাল ৰখা হ’ব বুলি আছুৰ প্ৰতিনিধি দলটোক জানিবলৈ দিয়ে৷ আছুৱে স্পষ্ট কৰি দিয়ে যে এই প্ৰতিশ্ৰুতি পালন কৰাত শিক্ষা সংসদ ব্যৰ্থ হ’লে তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাথাকিব৷

শিক্ষামন্ত্ৰী আৰু শিক্ষা সংসদৰ অধ্যক্ষৰ জীয়া ফাঁকি

অসমৰ ৰাইজক জীয়া ফাঁকিৰে বিভ্ৰান্ত কৰিব খুজিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঞিবৰুৱাই৷ অৱশ্যে এই ফাঁকি দুদিনতে ধৰা পেলালে সদৌ অসম ছাত্ৰ সন্থাই৷ নক’লেও হ’ব যে উচ্ছতৰ মাধ্যমিকৰ পাঠ্যক্ৰমৰ পৰা বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটা কৰ্তন কৰিবৰ বাবে শিক্ষা সংসদে গ্ৰহণ কৰা প্ৰস্তাৱৰ বিৰুদ্ধে অসমৰ ৰাইজ জাঙুৰ খাই উঠাৰ লগে লগে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই বুলি আসৈ মাতিছিল যে বিহু বিষয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা একেবাৰে কম হোৱা বাবেহে সেই বিষয়টো সন্দৰ্ভত নতুনকৈ চিন্তা কৰাৰ কথা ভাবিছে শিক্ষা বিভাগে৷ আগদিনা বিহু বিষয় কৰ্তন কৰা বুলি কোৱা শিক্ষা সংসদৰ অধ্যক্ষই পাছদিনা শিক্ষামন্ত্ৰীৰ এই অসত্য কথাত চকু মুদি সমৰ্থন জনালে৷ এই বিষয়ত শিক্ষামন্ত্ৰী আৰু শিক্ষা সংসদৰ অধ্যক্ষৰ ভাষ্য-বৈপৰীত্যই ৰাইজক হতভম্ব কৰিলে৷ সংসদৰ অধ্যক্ষই ক’লে যে বিহু বিষয়টো বাতিল কৰা হৈছে৷ শিক্ষামন্ত্ৰীয়ে ক’লে যে বিহু বিষয়টো বাতিল কৰা হোৱা নাই৷ এই বিপৰীত ভাষ্যত ৰাইজ বিভ্ৰান্ত হ’ল৷ অৱশ্যে সোনকালেই ওলাল জোলোঙাৰ মেকুৰী৷ বিহু বিষয়টো বাতিল কৰাৰ কথা শিক্ষামন্ত্ৰীয়ে জানিছিল যদিও এই প্ৰসংগই সৃষ্টি কৰা ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰীয়ে শিক্ষামন্ত্ৰীক ককৰ্থনা কৰাৰ বাবেই শিক্ষা সংসদৰ অধ্যক্ষক বিপদত পেলাই মিছা মাতিলে শিক্ষামন্ত্ৰীয়ে৷ শিক্ষামন্ত্ৰী পেগুৰ ‘কৃতিত্ব’ ইমানতে শেষ হোৱা নাই৷ সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাই শিক্ষা সংসদক তথ্যসহ জনাই দিলে যে বিহু আৰু স্বদেশ অধ্যয়ন বিষয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম বুলি সংসদ আৰু শিক্ষা বিভাগে কোৱা কথা সত্যৰ অপলাপ মাথোঁ৷ নিৰ্দিষ্ট নথিৰ আধাৰত ছাত্ৰ সন্থাৰ ভাষ্য– ‘উচ্ছতৰ মাধ্যমিকৰ ৫৪টা ঐচ্ছিক বিষয়ৰ ভিতৰত ২৯টা বিষয়তে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বিহু আৰু স্বদেশ অধ্যয়ন বিষয়ৰ ছাত্ৰ-ছাত্ৰীতকৈ বহুগুণে কম৷ আধুনিক ভাৰতীয় ভাষাৰ [এমআইএল] অন্তৰ্গত মণিপুৰীত ৬৮৫জন, নেপালীত ৭০৩জন, উৰ্দুত  ৮ জন, গাৰোত ২৪৪জন, মিজোত দুজন আৰু মাৰত ৩৬১জন ছাত্ৰ-ছাত্ৰী আছে৷ ভাষা বিষয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম থাকিলেও সংশ্লিষ্ট বিষয় প্ৰত্যাহাৰ কৰাৰ পক্ষপাতী নহয় ছাত্ৰ সন্থা৷ কিন্তু শিক্ষামন্ত্ৰীৰ জীয়া ফাঁকি উদঙাবৰ বাবেহে এই তথ্য ৰাজহুৱা কৰিছে আছুৱে৷ ছাত্ৰ সন্থাই ৰাজহুৱা কৰা তথ্য মতে, উচ্ছ মণিপুৰীত ৫৬০জন, পৰিসংখ্যা বিজ্ঞানত ৮১৭জন, গাৰ্হস্থ্য বিজ্ঞানত ৮৩৭জন, মনোবিজ্ঞানত ৭৩২জন, অৰ্থনীতি আৰু ভুগোলত ৫০জন, সত্ৰীয়া নৃত্যত ১৮২জন, সুকুমাৰ কলাত ৫৯১জন, মািŒI×মিডিয়া এণ্ড ৱেব টেকন’লজীত ৩৭জন, এণ্টাৰপ্ৰিনিঅ’ৰশ্বিপ এণ্ড ডেভেলপমেণ্টত ৯৩জন, ইঞ্জিনিয়াৰিং ড্ৰয়িঙত ১৮জন, হিন্দুস্তানী কণ্ঠসংগীতত জ্জ্বজন, কথক নৃত্যত এজন, তবলাত দুজন, সত্ৰীয়া কণ্ঠসংগীতত জ্জ্বজন, খোলত দুজন, ভূতত্ত্ব বিজ্ঞানত ৩১ৰজন, জৈৱ প্ৰযুক্তি বিজ্ঞানত ৫৩জন, বীমা শিক্ষাত ১৬০জন, কৃষি বিজ্ঞানত ৩৪৩জন, উদ্যানশস্য বিজ্ঞানত ৬৪জন, হেল্‌থ কেয়াৰত ৭৩৪জন আৰু প্ৰাইভেট ছিকিউৰিটী বিষয়ত ৫৯২জন ছাত্ৰ-ছাত্ৰী আছে উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদত৷ এই তথ্য ছাত্ৰ সন্থাই এইবাবেই আগবঢ়াইছে যে ওপৰত উল্লেখ কৰা বিষয়সমূহত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বিহু আৰু স্বদেশ অধ্যয়ন বিষয়ৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যাতকৈ বহুগুণে কম৷ ইয়াৰ অৰ্থ এইটো নহয় যে কম ছাত্ৰ-ছাত্ৰী থকা বিষয়সমূহ বাতিল কৰাটো আছুৱে বিচাৰিছে৷ আছুৱে এইটোহে বিচাৰিছে যে প্ৰতিটো বিষয়লৈ ছাত্ৰ-ছাত্ৰীক অধিক আকৰ্ষণ কৰাৰ চেষ্টা চলাব লাগে আৰু নতুন নতুন বিষয় আৰম্ভ কৰিব লাগে৷’ উচ্ছতৰ মাধ্যমিকৰ বিষয় আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যাৰ উল্লিখিত তালিকাৰ পৰা স্পষ্ট হৈ পৰিছে যে বিহু আৰু স্বদেশ অধ্যয়ন বিষয় দুটাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কম হোৱাৰ বাবেই বিষয় দুটাৰ ক্ষেত্ৰত নতুনকৈ চিন্তা কৰা হৈছে বুলি [সংসদৰ অধ্যক্ষৰ মতে বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে] শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কোৱা কথা অসত্য, ভিত্তিহীন, অযুক্তিকৰ আৰু জাতিবিৰোধী৷ কি কাৰণত ৰণোজ পেগুৰ দৰে অধ্যয়নশীল ৰাজনীতিকে জীয়া ফাঁকিৰ আশ্ৰয় ল’লে বা ল’বলগীয়া হ’ল সেয়া এই মুহূৰ্তত এক উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে৷