Logo
image

২ নবেম্বৰৰ পৰা খুলিব শিক্ষানুষ্ঠান

আমাৰ অসম, ১৭ অক্টোবৰঃ ২ নবেম্বৰৰ পৰা ৰাজ্যত শিক্ষানুষ্ঠান সমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। শিক্ষানুষ্ঠান খোলা সন্দৰ্ভত জনতা ভৱনত শনিবাৰে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক সংবাদমেল সম্বোধন কৰি কেতবোৰ নীতি নিৰ্দেশনাৰ কথা প্ৰকাশ কৰে। সম্পূৰ্ণ স্বাভাৱিকভাৱে ২ নবেম্বৰৰ পৰা পলিটেকনিক আৰু অভিযান্ত্ৰিক শিক্ষানুষ্ঠানসমূহ খোলা হ’ব। বিশ্ববিদ্যালয় খোলাৰ সন্দৰ্ভত সিদ্ধান্ত নলয় ৰাজ্য চৰকাৰে। এই ক্ষেত্ৰত পৰিৱেশ পৰিস্থিতি চাই বিশ্ববিদ্যালয় কৰ্তৃপক্ষই সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। চৰকাৰী হোষ্টেলসমূহ ডিচেম্বৰতহে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্য চৰকাৰে। এটা ক্লাছত ২০-২৫ জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিব নোৱাৰিব। ডাঙৰ হলত ক্লাছ কৰিলে উক্ত নিয়ম অনুসৰি সমানুপাতিক ভাৱে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি কৰিব পাৰিব। স্নাতক পাঠ্যক্ৰমৰ প্রথম ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোমবাৰ আৰু বৃহস্পতিবাৰে পাঠদান হ’ব। তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰী মঙলবাৰ, বুধবাৰ, শুকুৰবাৰে লগতে পঞ্চম ষান্মাসিকৰ মঙলবাৰ, বুধবাৰ, শুকুৰবাৰ আৰু শনিবাৰে পাঠদান হ’ব। যিহেতু চৰকাৰী ছাত্ৰাবাস সমূহ ডিচেম্বৰতহে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিব ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী সকলে সুবিধা অনুযায়ী অস্থায়ীভাৱে স্থানীয় যিকোনো মহাবিদ্যালয়তে শিক্ষাগ্ৰহণ কৰিব পাৰিব। লগতে সমান্তৰালভাৱে অনলাইন ক্লাছসমূহো চলি থাকিব। বিদ্য়ালয় খোলাৰ ক্ষেত্ৰটো কেতবোৰ নিৰ্দেশনা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। পঞ্চম শ্ৰেণীলৈকে বন্ধ থাকিব পাঠদান। ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ’ব পাঠদান। প্ৰতিদিনাই ৫০ শতাংশক পুৱা ভাগত আৰু আন ৫০ শতাংশক বিয়লি ভাগত পাঠদানৰ ব্যৱস্থা কৰিব। পুৱা ৮.৩০ বজাৰ পৰা খোলা হ’ব বিদ্যালয়সমূহ।  অষ্টম, দশম আৰু দ্বাদশ শ্ৰেণীৰহে পৰীক্ষা অনুষ্ঠিত হ’ব। বাকীবোৰ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নহ’ব। ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহৰ ক্ষেত্ৰটো এই নিয়ম সমূহ প্ৰযোজ্য হ’ব। যিহেতু অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিয়েই পাঠদান চলি থাকিব গতিকে স্কুললৈ সন্তানক পঠোৱা-নপঠোৱাক লৈ সিদ্ধান্ত ল’ব অভিভাৱকে। আনহাতে শিক্ষানুষ্ঠানৰ পৰা ক’ভিড চেণ্টাৰসমূহ প্ৰত্যাহাৰ কৰা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে।