Logo
image

অতিভোজন, দীৰ্ঘসময় টিভি চোৱাটোও হ’ব পাৰে হৃদৰোগৰ কাৰণ

 আজিকালি অকাল মৃত্যুৰ এটা অন্যতম কাৰণ হৈ পৰিছে হূদৰোগ৷ সেয়ে হূদযন্ত্ৰ সুস্থ ৰখাটো সকলোৰে বাবে জৰুৰী হৈ পৰিছে৷ সকলোৱে জানে যে স্বাস্থ্যসন্মত খাদ্যাভ্যাস আৰু নিয়মিত শৰীৰ চৰ্চাই স্বাস্থ্য ভালে ৰাখে৷ কিন্তু কিছুমান অভ্যাসে হূদযন্ত্ৰৰ ভয়ানক ক্ষতিসাধন কৰে৷ অথচ, আমি সেই অভ্যাসক স্বাভাৱিক বুলিয়েই ভাবি থাকো৷ উল্লেখ কৰা হ’ল কোনবোৰ অভ্যাসে হূদযন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলায়–

[১] ঘণ্টাৰ পাছত ঘণ্টা ধৰি বহি থাকিলে হাৰ্টএটেক আৰু ষ্টোকৰ আশংকা বৃদ্ধি পায়৷ নিয়মিত শৰীৰ চৰ্চা কৰিলেও দীৰ্ঘসময় যদি একেৰাহে বহি থকা যায়, তেন্তে তেজত মেদ আৰু শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পায়৷ সেয়ে একেৰাহে বহি থকা বা দীৰ্ঘসময় টিভি চোৱাৰ অভ্যাস ত্যাগ কৰক৷

[২] মানসিক চাপ, অৱসাদগ্ৰস্ততা আদিয়েও হূদযন্ত্ৰৰ ক্ষতি কৰে৷ সেয়ে মানসিক চাপত ভুগিলে অথবা অৱসাদত ভুগিলে অকলশৰীয়াকৈ নাথাকি সামাজিকভাৱে হাঁহি-ফূৰ্তি কৰাৰ চেষ্টা কৰক৷

[৩] শুই থকাৰ সময়ত অত্যধিক নাকৰ শব্দ হোৱাটো অৱষ্ট˜াকটিভ শি¡প এপ’নিয়াৰ দৰে মাৰাত্মক ৰোগৰ লক্ষণ৷ এই ৰোগত আক্ৰান্ত হ’লে শুই থকাৰ সময়ত শ্বাস-প্ৰশ্বাস গ্ৰহণ কৰোতে কষ্ট হয়৷ ফলত ৰক্তচাপ উচ্ছহাৰত বাঢ়িবলৈ ধৰে৷ ৰক্তচাপ বাঢ়িলে হাৰ্টএটেক বা ষ্টে˜াকৰ আশংকা বৃদ্ধি পায়৷ সেয়ে টোপনিত নাকৰ শব্দ হ’লে ইয়াৰ  চিকিৎসা আৰম্ভ কৰক৷

[৪] গৱেষণাত পোৱা তথ্য মতে দাঁতৰ মাৰিৰ সৈতে হূদযন্ত্ৰৰ সম্পৰ্ক আছে৷ দাঁতৰ মাৰি পৰিষ্কাৰ নকৰিলে দাঁতৰ গুৰিত বেক্টেৰিয়াৰ প্ৰলেপ পৰে৷ ফলত দেহত প্ৰদাহৰ সৃষ্টি হয়৷ যিটো হূদযন্ত্ৰৰ কাৰণে মাৰাত্মক ক্ষতিকাৰক৷ সেয়ে নিয়মিত দাঁতৰ মাৰি পৰিষ্কাৰ কৰি ৰাখক৷

[৫] অত্যধিক সুৰাপান কৰিলে উচ্ছ ৰক্তচাপত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ লগতে তেজত চৰ্বি বৃদ্ধি পায়৷ ফলত হাৰ্টএটেক হয়৷ তদুপৰি সুৰাত থকা অতিৰিক্ত কেলৰিয়ে দেহৰ ওজন বৃদ্ধি কৰে৷ ফলত হূদযন্ত্ৰৰ ক্ষতি হোৱা আৰম্ভ হয়৷

[৬] ওজন বৃদ্ধি হোৱাটো হূদযন্ত্ৰৰ বাবে অত্যন্ত ক্ষতিকাৰক৷ সেয়ে অতিভোজন নকৰিব৷ অতিভোজনে দেহৰ ওজন বৃদ্ধি কৰে৷

[৭] ৰেডমীট হূদযন্ত্ৰৰ বাবে ক্ষতিকাৰক৷ ৰেডমীট খালেও অত্যধিক নাখাব৷