Logo
image

বিভ্ৰান্তিৰ মাজতে স্কুলত শিক্ষাৰ্থী

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ চৰম বিভ্ৰান্তিৰ মাজত মঙলবাৰে খোল খালে শিক্ষানুষ্ঠানৰ দুৱাৰ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ক’ভিডৰ বাধা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ লগে লগে প্ৰায় এমাহৰ মূৰত মঙলবাৰৰ পৰা শিক্ষানুষ্ঠানত শ্ৰেণী কোঠাত আৰম্ভ হ’ল  পাঠদান৷ সোমবাৰে নিশা ভাগত চৰকাৰে ক’ভিড বিধি প্ৰত্যাহাৰৰ এছ অ’ পি জাৰি কৰাৰ পাছত মঙলবাৰে প্ৰাথমিক শ্ৰেণীৰ পৰা উচ্ছ শিক্ষাৰ শ্ৰেণী সমূহতো  শিক্ষাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয়৷ অৱশ্যে শিক্ষা বিভাগৰ এছ অ’ পি অনুসৰি এটা শ্ৰেণীৰ এটা শাখাত ৩০জনকৈ ছাত্ৰ-ছাত্ৰীক পাঠদানৰ অনুমতি দিলেও মঙলবাৰে এই নিৰ্দেশনাক জলাঞ্জলি দি পাঠদান সম্পন্ন হোৱা দেখা গ’ল৷ কিয়নো ৰাজ্যৰ চৰকাৰী শিক্ষানুষ্ঠানসমূহত এটা শ্ৰেণীৰ প্ৰতিটো শাখাত ৩০জনকৈ ছাত্ৰ-ছাত্ৰীক পৃথক পৃথককৈ শিক্ষা প্ৰদানৰ কোনো আন্তঃগাঁথনিয়েই নাই৷ এনে পাঠদানৰ বাবে অতিৰিক্ত শ্ৰেণী কোঠা নথকাৰ লগতে পৰ্যাপ্ত শিক্ষকৰো অভাৱ৷ তেনেস্থলত ক’ভিড এছ অ’ পি মানি চলি পাঠদান কেনেকৈ সম্ভৱ বুলিও খোদ শিক্ষকৰ ভিতৰচ’ৰাতে চৰ্চা চলিছে৷ যাৰ বাবে প্ৰাথমিক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ ভেকচিন প্ৰদান আৰম্ভ নোহোৱাত এনে কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যক লৈ সংশয় নামি আহিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ পৰা ক’ভিডে বিদায় ল’লে বুলি দাবী কৰিলেও বিশ্ব স্বাস্থ্য সংস্থাই ক’ভিডৰ নতুন নতুন ভেৰিয়েণ্টৰ সংক্ৰমণ অব্যাহত থাকিব বুলি ইতিপূৰ্বে সতৰ্কতা জাৰি কৰিছে৷ তেনেস্থলত সামাজিক ব্যৱধান অবিহনে কণ কণ ছাত্ৰ-ছাত্ৰীক একেলগে শ্ৰেণী কোঠাত পাঠদান যিকোনো মুহূৰ্তত ভয়ংকৰ ৰূপ লোৱাৰো আশংকা নুই কৰিব নোৱাৰি৷ ইপিনে শিক্ষা বিভাগে জাৰি কৰা এছ অ’ পি অনুসৰি শিক্ষানুষ্ঠানৰ চৌহদত ছাত্ৰ-ছাত্ৰীৰ মাস্ক-ছেনিটাইজাৰৰ ব্যৱহাৰ বাধ্যতামূলক কৰাৰ লগতে এজন শিক্ষাৰ্থী ক’ভিড পজিটিভ ধৰা পৰিলেই পৰৱৰ্তী দিনটোত সকলো ছাত্ৰ-ছাত্ৰীৰ ক’ভিড টেষ্ট কৰাৰ পাছতহে পাঠদান কৰিব লাগিব৷ তদুপৰি একাধিক শিক্ষাৰ্থীৰ পজিটিভ ধৰা পৰিলে শিক্ষানুষ্ঠান ৭ দিনৰ বাবে বন্ধ কৰিব লাগিব৷ ইপিনে মঙলবাৰে গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰাক্‌ প্ৰাথমিক শ্ৰেণীসমূহ খোলাৰ ক্ষেত্ৰত শিক্ষা বিভাগে চিন্তা চৰ্চা অব্যাহত ৰখা বুলি সদৰী কৰে৷ শিক্ষামন্ত্ৰী পেগুৱে ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰসমূহত প্ৰাক্‌ প্ৰাথমিকৰ শিক্ষা দিয়া হ’ব বুলিও জানিবলৈ  দি অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী-সহায়ক সকলক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে৷ অৱশ্যে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’বলৈ কিছু সময়ৰ প্ৰয়োজনীয়তাও দোহাৰে শিক্ষামন্ত্ৰীয়ে৷ ইপিনে, শিক্ষামন্ত্ৰীয়ে ১০ মে’ৰ ভিতৰত ২০ হাজাৰ শিক্ষক পদত নতুনকৈ নিযুক্তি দিয়া হ’ব বুলিও সংবাদ মেলত ঘোষণা কৰে৷