Logo
image

মাজুলীৰ ‘ফলাফল’ ঘোষণা বিজেপিৰ

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনলৈ মাজত এতিয়াও প্ৰায় ২০ দিন বাকী৷ বৃহস্পতিবাৰে মনোনয়নপত্ৰ দাখিলৰহে অন্তিম দিন৷  বিজেপিয়ে সোমবাৰে ভূৱন গামক প্ৰাৰ্থিত্ব দিয়াৰ বিপৰীতে বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া প্ৰাৰ্থী ঘোষণা কৰা হৈছে এজেপিৰ চিত্তৰঞ্জন বসুমতাৰীক৷ মঙলবাৰে বিজেপিয়ে ঘোষণা কৰি দিলেই মাজুলীৰ নিৰ্বাচনৰ ফলাফল৷ এজেপিয়ে প্ৰাৰ্থিত্ব ঘোষণা কৰাৰ     পাছত মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– এজেপিয়ে যোৱা কিছুদিন স্থানীয় প্ৰাৰ্থিত্ব বিচাৰি হাহাকাৰ কৰিবলগীয়া হৈছিল৷ যোগ্য প্ৰাৰ্থী নাপাই ধেমাজিত পৰাজিত হোৱা চিত্তৰঞ্জন বসুমতাৰীক জবৰদস্তি প্ৰাৰ্থী কৰিছে৷ এজেপিক বলিৰ পঠা সজাই দায় সাৰিব বিচাৰিছে কংগ্ৰেছে৷ ৰণক্ষেত্ৰৰ পৰা পলায়ন কৰিছে কংগ্ৰেছে৷ মাজুলীত এজেপিৰ প্ৰাৰ্থীৰ আমানতৰ ধন বাজেয়াপ্ত হ’ব৷ ভূৱন গামৰ হাতত কমেও ৫০ হাজাৰ ভোটত পৰাজিত হ’ব চিত্তৰঞ্জন বসুমতাৰী৷ মাজুলী সমষ্টিক কংগ্ৰেছে এজেপিক এৰি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ কয়–মই মনত এটায়ে কষ্ট পাও যেতিয়া এজেপি আৰু কংগ্ৰেছ একেলগে উঠা বহা কৰে৷ মাজে মাজে মনত এনে ধাৰণা হয় যে যিসকলে ৮৫৫জন শ্বহীদৰ কথা কৈছিল তেখেতসকলে আজি কংগ্ৰেছেৰ বোকোছাত উঠিছে৷ সেই বিষয়টোৱে আমাৰ মনত কষ্ট দিয়ে 

বিৰোধী ঐক্য অবিহনে বিজেপিক প্ৰতিৰোধ কৰা সম্ভৱ নহয়ঃ অজিত কুমাৰ ভূঞা

‘আমাৰ অসমঃ বিৰোধী ঐক্য অবিহনে বিজেপিক প্ৰতিৰোধ কৰা সম্ভৱ নহয়৷ বিৰোধী শক্তি ঐক্যবদ্ধ হোৱা হেঁতেন আজি বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিব নোৱাৰিলেহেঁতেন৷ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিলি উপনিৰ্বাচনত ১৬খন আসন লাভ কৰিছিল৷ বিৰোধী ঐক্য নোহোৱাৰ বাবে বিজেপিয়ে পুনৰ ক্ষমতালৈ আহিল৷ হৰ্ছট্ৰেডিংৰ মাষ্টৰ মুখ্যমন্ত্ৰী কংগ্ৰেছক হৰ্ছ ট্ৰেডিংৰ ভয়ে খেদি ফুৰাৰ কথা স্বীকাৰ কৰি সাংসদ ভূঞাই লগতে কয় ‘ বিৰোধীৰ বিশ্বাসযোগ্যতা কমিছে৷ বিৰোধী আজিকালি বিক্ৰী যোৱা হৈছে৷  মিত্ৰতাৰ ক্ষেত্ৰত অসম জাতীয় পৰিষদে পলম কৰিলে৷ কংগ্ৰেছৰ কাষ চপাৰ চিন্তা জাতীয় পৰিষদে আজিহে কৰিছে৷ পূৰ্বে অসম জাতীয় পৰিষদে এই অনুশোচনা কৰিলে বিজেপি জয় নহ’লহেতেঁন৷ শ্বেৰমান আলীক আওপকীয়াকৈ নমুনা আখ্যা সাংসদ অজিত কুমাৰ ভূঞাৰ৷ সকলো বিৰোধী একেলগ হ’লেহে ৰাজ্যসভালৈ প্ৰাৰ্থী পঠিওৱাটো সম্ভৱ হ’ব৷ মই বিৰোধী ঐক্যৰ বাবে সদায় মাত-মাতি আহিছোঁ৷ কংগ্ৰেছক অস্পৰ্শ্য বুলি ভবা সকলে এতিয়া বুজি পাইছে৷ আদৰ্শ, নৈতিকতা এতিয়া ৰাজনীতিত নোহোৱা হৈছে৷ অৱশ্যে এই ধাৰা সদায়ে বৰ্তি নাথাকে৷ সেয়ে বিৰোধীক পুনৰ আলোচনাৰ বাবে একেলগে বহিব লাগে৷