Logo
image

গাম বনাম চিত্তৰঞ্জন

ধেমাজিত পৰাস্ত প্ৰাৰ্থীকেই আগবঢ়ালে এজেপিয়ে

আমাৰ অসম, ১৬ ফেব্ৰুৱাৰীঃ মাজুলী বিধানসভাৰ উপ-নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী ভুবন গামৰ প্ৰতিদ্বন্দ্বী হ’ব এজেপিৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰী৷ মঙলবাৰে অসম জাতীয় পৰিষদৰ গুৱাহাটীস্থিত সদৰ কাৰ্যালয়ত সভাপতি লুৰীনজ্যোতি গগৈয়ে ঘোষণা কৰে প্ৰাৰ্থীৰ নাম৷ ইতিমধ্যে মাজুলী বিধানসভা সমষ্টিত এজেপিৰ প্ৰাৰ্থীজনলৈ সমৰ্থন জনাইছে কংগ্ৰেছ, ৰাইজৰ দল, চি পি আই এম তথা আন বামপন্থী দলসমূহে৷ অৰ্থাৎ মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বিৰোধী শিবিৰত  উমৈহতীয়া প্ৰাৰ্থী হ’ব চিত্তৰঞ্জন বসুমতাৰী৷ উল্লেখ্য, প্ৰাক্তন আছু নেতা, চিত্তৰঞ্জন বসুমতাৰীয়ে বিগত বিধানসভা নিৰ্বাচনত এজিপিৰ পৰা ধেমাজি সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ বিজেপি প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৰ লগত ৩০,৭৯২টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল বসুমতাৰী৷ ডাঃ ৰণোজ পেগুৱে ৮৭,৬৮১টা ভোট লাভ কৰাৰ বিপৰীতে চিত্তৰঞ্জন বসুমতাৰীয়ে লাভ কৰিছিল ৫৬,৮৮৯টা ভোট৷ ২০০৫-০৮ চনলৈ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, ২০০৮-১৩ চনলৈ সভাপতি, ২০১৫-১৭ লৈ আছুৰ সাংগঠনিক সম্পাদক, ২০১৭-২০ চনলৈ আছুৰ উপ-সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ বৃহস্পতিবাৰে বসুমতাৰীয়ে মনোনয়ন পত্ৰ দাখিল কৰিব৷ এজেপিৰ সভাপতি লুৰীনজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা সমন্বিতে দলৰ কেন্দ্ৰীয় নেতৃবৃন্দই মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিব৷ আনহাতে, বিজেপি প্ৰাৰ্থী ভূবন গামে কাইলৈ বুধবাৰে দাখিল কৰিব মনোনয়ন পত্ৰ৷ গামক মনোনয়ন পত্ৰ দাখিলৰ সময়ত সংগ দিব মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীয়ূষ হাজৰিকা, মন্ত্ৰী অতুল বৰা আৰু বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই৷ উল্লেখ্য, বহু প্ৰতীক্ষাৰ অন্তত বিজেপিয়েও সোমবাৰেহে প্ৰাৰ্থীৰূপে ভূবন গামাৰ নাম ঘোষণা কৰিছে৷

মাজুলীত ভুৱন গামক উষ্ম আদৰণি বিজেপি কৰ্মীৰ

‘আমাৰ অসমঃ মাজুলী সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থিত্ব কোনে পাব, ইয়াক লৈ বিজেপি কৰ্মীসকলৰ মাজত উৎকণ্ঠাই বিৰাজ কৰি থকা সময়তে আজি বিজেপি মিত্ৰজোঁটৰ টিকট লৈ মাজুলীত উপস্থিত হোৱা ভুৱন গামক আজি মাজুলীৰ হাজাৰ-হাজাৰ লোকে আদৰণি জনায়৷ আজি পুৱা ১০মান বজাত ঢকুৱাখনা হৈ মাজুলীৰ সীমামূৰীয়া গেজেৰাত আহি পোৱাৰ লগে-লগে তাত উপস্থিত থকা মাজুলী জিলা বিজেপিৰ লগতে মিত্ৰদল অগপ আৰু গণশক্তিৰ কৰ্মীয়ে আদৰি আনে৷ এখন খোলা গাড়ীত অহাৰ পৰত বকুলগুৰি, জাৱৰচুক কাঠনিআটি, নতুন বজাৰ, মাজৰ দেউৰী, জেংৰাইমুখ, ফুলনি চাৰিআলি, সোণাৰিআটি, বৰগুৰি, পকাজৰাত প্ৰাৰ্থী ভুৱন গামক সমৰ্থকসকলে গামোচা পিন্ধাই আদৰণি জনায়৷ তাৰ পৰা আহি সমৰ্থকসহ প্ৰাৰ্থী ভুৱন গাম প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰত সোমাই শ্ৰীশ্ৰী গোপাল মহাপ্ৰভুৰ চৰণত সেৱা জনোৱাৰ লগতে সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামীৰ সৈতে মতবিনিময় কৰি সত্ৰৰ পৰা জিলা বিজেপিৰ মুখ্য কাৰ্যালয়লৈ যায়৷ তাত আগৰে পৰা সমবেত হৈ থকা জিলা বিজেপিৰ সভাপতি লোকনাথ কুটুমে সম্বৰ্ধনা জনোৱাৰ পাছতে মৰ্চা, মণ্ডলৰ বিষয়ববীয়াৰ লগতে অসংখ্য কৰ্মীয়ে প্ৰিয় প্ৰাৰ্থীজনক গামোচা, চেলেঙেৰে আদৰণি জনায়৷ জিলা বিজেপিৰ সম্পাদক দেৱব্ৰত দত্তই আঁতধৰা অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়াই জিলা সভাপতি লোকনাথ কুটুমে৷ তাৰ পাছতে মিত্ৰজোঁটৰ প্ৰাৰ্থী ভুৱন গামে সকলোকে উদ্দেশ্যি ভাষণ আগবঢ়ায়৷ ভাষণত তেওঁ মুখ্যমন্ত্ৰী  হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি, কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে মাজুলীৰ উন্নয়নৰ যাত্ৰাত আগন্তুক দিনত সকলোৰে সহযোগিতা আৰু দিহা-পৰামৰ্শ কামনা কৰে৷ প্ৰাৰ্থী গামে ৯০ শতাংশ ভোট লাভেৰে সমষ্টিৰ পৰা জয়যুক্ত হ’ব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জানিবলৈ দিয়ে৷ মাজুলী সমষ্টিত বিৰোধীৰ কোনো অস্তিত্ব নাইকিয়া বুলি দাবী কৰি কংগ্ৰেছ দলে আমানতৰ ধন বাজেয়াপ্ত হোৱাৰ ভয়ত কোনো সাংগঠনিক ভেটি নথকা অসম জাতীয় পৰিষদক সমষ্টিটো এৰি দিয়া বুলিও কটাক্ষ কৰে৷ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰূপে তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি মাজুলীত প্ৰাক্তন মুখ্যমন্ত্ৰীজনৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাত সকলোৰে সহযোগিতা একান্তই কামনা কৰে৷