Logo
image

টোপনিত নাক বজাৰ সমস্যা থাকিলে এইধৰণৰ এগিলাচ পানীয় বা চৰবত খাওক

নিদ্ৰাৰত অৱস্থাত নাক বজাৰ সমস্যা অনেক শাৰীৰিক ৰোগৰ পূৰ্ব লক্ষণো হ’ব পাৰে৷ সাধাৰণতে নাক বজাই শোৱা মানুহৰ বাবে আনৰ যথেষ্ট অসুবিধা হয়৷ সেইবাবে এনে সমস্যাৰ পৰা হাত সাৰিবলৈ শোৱাৰ আগতে বিশেষধৰণে প্ৰস্তুত কৰা এগিলাচ পানী গ্ৰহণ কৰিব  পাৰে৷কিদৰে প্ৰস্তুত কৰিব এই বিশেষ পানীয়ঃ আধাকাপ আপেলৰ টুকুৰা, আধাকাপ গাজৰৰ টুকুৰা, দুচামোচ নেমুৰ ৰস, এটুকুৰা আদা মিক্সিত একেলগে গুৰি কৰি লোৱাৰ পাছত প্ৰস্তুত হোৱা পানীয় শোৱাৰ প্ৰায় এঘণ্টা আগেয়ে খোৱাৰ অভ্যাস কৰক৷ সদায় নহ’লেও সপ্তাহত অতি কমেও তিনিদিন এনেধৰণৰ ফলৰ ৰসেৰে প্ৰস্তুত কৰা  পানীয় গ্ৰহণ কৰিলে যথেষ্ট সুফল পাব পাৰি৷ এই পানীয়ই শ্বাসনলী সূচল কৰি তোলাৰ লগতে নিদ্ৰাৰত অৱস্থাত শ্বাসনলীত থকা মিউকাছৰ দ্ৰুত নিঃসৰণ ঘটাত সহায় কৰে৷ যৰ বাবে এই পানীয় গ্ৰহণ কৰিলে নাক বজাৰ দৰে সমস্যাৰ পৰা মুক্ত হ’ব পাৰি৷ নিদ্ৰাৰত অৱস্থাত নাক বজাৰ সমস্যাটো বৰ গুৰুত্ব দিয়া নহয় যদিও এয়া বহুতৰ বাবে হৈ পৰে অস্বস্তিৰো কাৰণ৷ বিশেষকৈ একেটা কোঠাতে শোৱা কোনোজন লোকৰ যদি নাকবজাৰ দৰে সমস্যা থাকে তেতিয়া সেই কোঠাত থকা আন কেইজনৰ বাবে সমস্যাৰ সৃষ্টি কৰে৷  নাক বজা সমস্যাটোৱে টোপনিত ব্যাঘাত জন্মায়৷ দীৰ্ঘদিন ধৰি টোপনিত ব্যাঘাত জন্মিলে নানা শাৰীৰিক উপসৰ্গই দেখা দিয়ে৷ আৰু সময়ৰ লগে লগে এনে সমস্যা বৃদ্ধি পায়৷ সেয়েহে নাক বজাৰ দৰে সমস্যাত ভুগিলে কেতিয়াও গুৰুত্ব নিদিয়াকৈ থাকিব নালাগে৷