Logo
image

ঐনিতমৰ ছন্দত পাপনৰ নাচ

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ ফাগুনৰ প্ৰথমটো বুধবাৰে মিচিং জনগোষ্ঠী লোকসকলৰ হেঁপাহৰ আলি-আয়ে-লৃগাং উৎসৱ৷ কৃষিভিত্তিক এই উৎসৱ মিচিং লোকসকলে অতি আড়ম্বৰপূৰ্ণভাৱে পালন কৰে৷ অসমৰ অন্যান্য প্ৰান্তৰ দৰে চাবুৱাৰ মিচিং জনগোষ্ঠীয় লোকেসকলেও অতি উলহ-মালহেৰে এই লৃগাং উৎসৱ পালন কৰে৷ বিশেষকৈ চাবুৱা ৰাজহ চক্ৰৰ অন্তৰ্গত তথা প্ৰতিবছৰে বানেগৰকা দধিয়াত পূৰ্বৰ দৰে এইবাৰো মিচিং ৰাইজে পালন কৰে লৃগাং উৎসৱ৷ পিছে বান আৰু খহনীয়াত সৰ্বস্বান্ত দধিয়াবাসীৰ বাপতি সাহোনস্বৰূপ লৃগাং উৎসৱত জনপ্ৰিয় শিল্পী অংগৰাগ পাপন মহন্তই অংশ ল’লে৷ দধিয়াবাসীয়ে নিমন্ত্ৰণ নকৰাকৈ হঠাতে লৃগাং উৎসৱৰ আগদিনাই আহি উপস্থিত হোৱা আৰু দধিয়াবাসীৰ সৈতে নিশা চাংঘৰতে কটাই দুখৰ সমভাগীও হয় শিল্পীজন৷ ইফালে, আজি লৃগাং উৎসৱত মৰমৰ কণ্ঠশিল্পীজনক কাষতে পাই অত্যন্ত সুখী হোৱা দধিয়াবাসীয়ে জনজাতীয় সাজ-পোচাক পিন্ধাই দিয়ে শিল্পীজনক৷ শিল্পী পাপনেও দধিয়াবাসীৰ অকৃত্ৰিম মৰম-চেনেহক সন্মান জনাই ডেকা-গাভৰুৰ¸ সৈতে নৃত্যত ভাগ লৈ আপোন-পাহৰা হয়৷ একেলগে গাঁওবাসীৰ সৈতে এসাঁজ জনজাতীয় খাদ্য গ্ৰহণ কৰে৷ অৱশ্যে হঠাতে চাবুৱাৰ দধিয়াত অংগৰাগ পাপন মহন্ত অহাৰ এক উদ্দেশ্য নিহিত থকাৰ বিষয়ে জানিব পৰা গৈছে৷ ডিব্ৰু আৰু বিশাল ব্ৰহ্মপুত্ৰই প্ৰতিবছৰে সৰ্বস্বান্ত কৰা দধিয়াবাসীৰ দুখ-দুৰ্দশা বুজ লোৱাৰ লগতে তেওঁলোকৰ নৈপৰীয়া জীৱন-গাথা, ঐতিহ্য, পৰম্পৰা, কৃষ্টি সংস্কৃতি, সামাজিক ব্যৱস্থা, অৰ্থনীতি আদিক এখন তথ্যচিত্ৰৰে দাঙি ধৰাৰ বাবে দধিয়াত উপস্থিত হৈছে পাপন৷ ইতিমধ্যে দধিয়াৰ বিভিন্ন স্থানত শ্বুটিং সম্পন্ন কৰিছে৷

গুমৰাগৰ নৃত্য-গীতেৰে মুখৰিত যোৰাবাটৰ কাৰ্পুমপুলি পথাৰ

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে যোৰাবাটতো মিচিং জনগোষ্ঠীৰ লোকসকলে ব্যাপক উলহ-মালহেৰে আজি আলি-আয়ে-লৃগাং পালন কৰে৷ এই উপলক্ষে যোৰাবাট কাৰ্পুমপুলি উন্নয়ন সমিতিৰ উদ্যোগত আৰু যোৰাবাটৰ ৰাইজৰ সহযোগত কাৰ্পুমপুলি খেলপথাৰত আয়োজিত ১৪সংখ্যক আলি-আয়ে-লৃগাং উৎসৱৰ পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি সদানন্দ পাটগিৰি পেগুৱে৷ স্মৃতি তৰ্পণ অনুষ্ঠানটো মুকলি কৰে উপদেষ্টা পুনেশ্বৰ দলেই৷ আনহাতে, উদ্‌যাপনস্থলীতে আটোমটোকাৰিকৈ নিৰ্মাণ কৰি উলিওৱা জনগোষ্ঠীয় মুৰং ঘৰ উদ্বোধন কৰে স্থানীয় বিধায়ক অতুল বৰাই৷ ইয়াৰ পাছতে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷ অনুষ্ঠানত প্ৰদৰ্শিত গুমৰাগ নৃত্য, বড়ো, কাৰ্বি, তিৱা লোকনৃত্যই ৰাইজক আপ্লুত কৰি ৰাখে৷ ইফালে বিয়লিলৈ অনুষ্ঠিত হোৱা মুকলি সভাত মিচিং চলচ্ছিত্ৰ জগতৰ সৈতে জড়িত তথা জ্যেষ্ঠ নাগৰিক ৰুদ্ৰেশ্বৰ পেগু, জিলা পৰিষদৰ সদস্য দিলীপ দাস, কামৰূপ মহানগৰ জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোঁৱৰ, ডিমৰীয়া জিলা জনজাতি সংঘৰ সভাপতি ৰত্নেশ্বৰ ৰাহাং প্ৰমুখ্যে বিশিষ্ট লোকসকলে উপস্থিত থাকি লৃগাং বিষয়ত সাৰুৱা বক্তব্য ৰাখে৷