Logo
image

বহু ৱাৰ্ডত বিজেপিক ৱাক অভাৰ কংগ্ৰেছৰ

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ ৰাজ্যত বলিছে পৌৰ নিৰ্বাচনৰ বতাহ৷ মঙলবাৰে ৰাজ্যত পৌৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ দিন নাছিল৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম মুঠ ২২টা ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থীৰ বিৰুদ্ধে কোনেও দাখিল নকৰিলে মনোনয়ন৷ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনলৈকে এই সংখ্যা হয়তো আৰু যথেষ্ট বৃদ্ধি পাব৷ ইয়াতেই প্ৰশ্ন উঠিছে পৌৰ নিৰ্বাচনত বিৰোধীয়ে বিশেষকৈ কংগ্ৰেছ দলে ৱাক অভাৰ দিলে নেকি বিজেপিক৷ এই খবৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে৷ প্ৰশ্ন উঠিছে–কিয় পোন্ধৰ বছৰ শাসনত থকা কংগ্ৰেছৰ দৰে এটা দলে প্ৰক্ষেপই কৰিব নোৱাৰিলে প্ৰাৰ্থী৷ অসম জাতীয় পৰিষদ, ৰাইজৰ দল, চি পি আই, চি পি আই [এম] আদি দলৰ কথা বাদেই৷ জানিব পৰা মতে অন্তিমটো দিনটোত উত্তৰ গুৱাহাটী পৌৰসভাৰ ১০টা ৱাৰ্ডৰ চাৰিটা ৱাৰ্ডত বিজেপি প্ৰাৰ্থী ১নং ৱাৰ্ডৰ জুম্মা চাকমা, ৩নং ৱাৰ্ডৰ নমিতা কাকতি, ৫নং ৱাৰ্ডৰ বিকাশ বড়ো, ৯নং ৱাৰ্ড অনামিকা ডেকাৰ বিৰুদ্ধে কোনেও দাখিল নকৰিলে মনোনয়ন৷ বৰপেটা ৰোড পৌৰসভাৰ ছয় নং ৱাৰ্ডত বিজেপি প্ৰাৰ্থী গিতুমণি দাস দেউৰীৰ বিৰুদ্ধেও কোনেও দাখিল নকৰিলে মনোনয়ন পত্ৰ৷ মনোনয়ন পত্ৰ আন কোনোৱে দাখিল নকৰিলে প্ৰথমবাৰলৈ পৌৰসভা নিৰ্বাচন হোৱা গোলকগঞ্জ পৌৰসভাৰ ৪নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী নৱমী ৰায়ৰ বিৰুদ্ধেও৷ ছপটগ্ৰাম পৌৰসভাৰ ৬আৰু ৮নং ৱাৰ্ডত, গোৱালপাৰা পৌৰসভাৰ ১৫ নম্বৰ ৱাৰ্ডতো বিজেপি প্ৰাৰ্থীৰ বিৰুদ্ধে কোনেও নিদিলে মনোনয়ন৷ ঠিক একেদৰে নগাঁও পৌৰসভাৰ ৮নং ৱাৰ্ডত, হোজাই পৌৰ সভাৰ ৬নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী দিপালী দাস সৰকাৰৰ বিৰুদ্ধেও কোনেও দাখিল নকৰিলে মনোনয়ন পত্ৰ৷ একেদৰে মনোনয়ন পত্ৰ দাখিল নহ’ল তেজপুৰ পৌৰসভাৰ ১৭নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী মধুস্মিতা হাজৰিকাৰ বিৰুদ্ধেও৷ জামুগুৰিহাট পৌৰসভাৰ চাৰি নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী বিতুল তালুকদাৰৰ বিৰুদ্ধেও কোনেও দাখিল নকৰিলে মনোনয়ন৷ গহপুৰ পৌৰসভাৰ ৪, ৯ আৰু ১০নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী তিনিগৰাকীৰ বিৰুদ্ধেও আন কোনোৱে মনোনয়ন দাখিল নকৰাৰ খবৰ আহিছে৷ চতিয়া পৌৰসভাৰ ৭নং ৱাৰ্ডৰ পৱিত্ৰ গগৈ, ৮নং ৱাৰ্ডৰ দ্বীপশিখা সন্দিকৈ, ৯নং ৱাৰ্ডৰ বিষ্ণু বৰুৱা আৰু ১০নং ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী যাদৱ হাজৰিকাৰ বিৰুদ্ধেও নপৰিল কাৰো মনোনয়ন৷ কাছাৰৰ সোণাই পৌৰসভাৰ ৭নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী চাহাৰুল আলমৰ বিৰুদ্ধেও দাখিল নকৰিল আন কোনোৱে মনোনয়ন৷ ঠিক একেদৰে কৰিমগঞ্জৰ ৰামকৃষ্ণনগৰ পৌৰসভাৰ ৮ নম্বৰ ৱাৰ্ডতো বিজেপি প্ৰাৰ্থীগৰাকীয়েহে অকল দাখিল কৰিলে মনোনয়ন৷ অৱশ্যে ইয়াৰ পাছতো কংগ্ৰেছে বিৰোধী ৱাক অভাৰ দিলে নেকি এই কথা মানিবলৈ নাৰাজ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন সিকদাৰ৷ এই সন্দৰ্ভত সিকদাৰৰ মন্তব্য এনেধৰণৰ–এয়া ৱাক অভাৰৰ কথা নহয়৷ বিজেপিৰো এই অৱস্থা হৈছিল এসময়ত৷ নিজৰ প্ৰতীকেই ব্যৱহাৰ কৰিব পৰা নাছিল বিজেপিয়ে৷ লক্ষণীয় যে পৌৰ নিৰ্বাচনৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰায় তিনি হাজাৰ মনোনয়ন দাখিল হৈছে৷