Logo
image

দিব্যাংগৰ কোটাত সংৰক্ষণ নাথাকে

আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ দিব্যাংগ অৰ্থাৎ বিশেষভাৱে সক্ষম প্ৰাৰ্থীৰ বাবে সংৰক্ষিত [পি ডব্লিউ ডি] পদত জাতি, ধৰ্ম বা ধৰ্মৰ দৰে অন্যান্য বিবেচনাৰ আধাৰত উপ-শ্ৰেণীবদ্ধ কৰিব নোৱাৰি৷ –এই মত গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ে ৰাজ্যৰ প্ৰতিবন্ধীসকলৰ মান্যতা আৰু ন্যাযপ্ৰাপ্তিৰ দাবীৰ সপেক্ষে এই ৰায় প্ৰদান কৰিলে৷ উল্লেখ্য অসম চৰকাৰে একাধিক বিভাগত প্ৰতিবন্ধীৰ বাবে সংৰক্ষিত পদত অনুসূচীত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণী আদি উপ-শ্ৰেণী বিভাজন কৰি নিযুক্তিৰ ব্যৱস্থা কৰিছিল৷ এনে নীতি বিৰnদ্ধ চৰ্তৰ আধাৰতে পশুপালন বিভাগে প্ৰতিবন্ধীৰ সংৰক্ষিত বিষয়াৰ পদত জাতিগত উপ-শ্ৰেণী বিভক্ত কৰি বিজ্ঞাপন প্ৰকাশ কৰিছিল৷ আনকি দিব্যাংগ বিষয়াৰ সংৰক্ষিত পদটোত বিশেষভাৱে সক্ষম এজন প্ৰাৰ্থীক সাধাৰণ শ্ৰেণীৰ হোৱাৰ বাবেই নিযুক্তি দিয়া নাছিল৷ এই সন্দৰ্ভত ভুক্তভোগী প্ৰাৰ্থীজনৰ আৱেদনৰ ভিত্তিত শেহতীয়াকৈ গুৱাহাটী উচ্ছ ন্যায়ালয়ে দিব্যাংগৰ সংৰক্ষিত পদত প্ৰতিবন্ধী সুৰক্ষা আইনৰ নিৰ্দিষ্ট শ্ৰেণীৰ বিপৰীতে কোনো জাতিগত উপ-শ্ৰেণী বিভাজন নাথাকিব বুলি স্পষ্ট কৰি দিয়ে৷ এই সন্দৰ্ভত  প্ৰতিবন্ধী সুৰক্ষা সংস্থাৰ সম্পাদক নৃপেন মালাকাৰে সংবাদ মাধ্যমক কয়– ১৪ ফেব্ৰুৱাৰীত হেঙেৰাবাৰীৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ কাৰ্যালয়ত নিযুক্তিৰ বিজ্ঞাপনত প্ৰতিবন্ধী প্ৰাৰ্থীসকলৰ ১১৭টা পদত দৃষ্টিহীন, শ্ৰৱণহীন, অস্থি প্ৰতিবন্ধকতা আৰু অন্যান্য ভাগত ভাগ কৰি দিয়াৰ পৰিৱৰ্তে অনুসুচীত জাতি, জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাজত ভাগ দিয়াৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী কৰা গ্ৰহণ কৰা হৈছিল৷ একে সময়তে গুৱাহাটী উচ্ছ ন্যায়ালয়ে ডাব্লিউ পি [চি]/৭৫৮/২০১৯ নং লেখ আবেদনৰ ওপৰত ৰায়দান প্ৰদান কৰি স্পষ্টভাৱে উল্লেখ কৰে যে– প্ৰতিবন্ধীসকলৰ ক্ষেত্ৰত কোনো জাতি ধৰ্মৰ ওপৰত ভাগ নকৰি কেৱল প্ৰতিবন্ধীৰ শ্ৰেণীসমূহৰ দ্বাৰাহে পদসমূহ পূৰণ কৰিব পাৰিব৷ যি কথাই সংগঠনটোয়ে কৰি অহা প্ৰতিবাদৰ ন্যায্যতাক প্ৰমাণ কৰিল৷ প্ৰকৃত তথ্য পৰীক্ষা অবিহনে বহুতো ব্যক্তিয়ে ভূৱা প্ৰমাণপত্ৰলৈ প্ৰতিবন্ধীৰ সা-সুবিধা লাভ কৰি আছে৷ এইক্ষেত্ৰত পৰৱৰ্তী সময়ত যাতে কোনো ব্যক্তিয়ে প্ৰকৃত পৰীক্ষা অবিহনে প্ৰতিবন্ধীৰ প্ৰমাণ পত্ৰ লাভ নকৰে তাৰ বাবে কঠোৰ হ’বলৈ সকলো যুটীয়া সঞ্চালকক লৈ প্ৰতিবাদৰ পাছতেই স্বাস্থ্য সেৱা সঞ্চালকে নিৰ্দেশ জাৰি কৰিছে৷ অন্যথা প্ৰতিবন্ধী আইন ২০১৬ৰ ৫৭নং ধাৰাৰ [১] নং দফা ভংগৰ অপৰাধত শাস্তিৰ যোগ্য হব বুলি পত্ৰ খনত উল্লেখ কৰিছে৷