পেৰিছ-চিকাগোৰ পৰ্যটক কঢ়িয়াই ডিব্ৰুগড়ৰ বগীবিলৰ পৰা গুৱাহাটীলৈ যাত্ৰা ‘স্নো মুকুতা’ৰ
ভাৰতৰ নদী পৰ্যটনৰ মানচিত্ৰত নতুন সংযোজন
আমাৰ অসম, ১৭ ফেব্ৰুৱাৰীঃ পৰ্যটনৰ ক্ষেত্ৰৰ সৈতে জড়িত ডিব্ৰুগড়ৰ উদ্যমী যুৱক ধিৰাজ বিকাশ গগৈৰ প্ৰচেষ্টাত অসম তথা ভাৰতৰ নদী পৰ্যটনৰ মানচিত্ৰত এক সুকীয়া মাত্ৰা প্ৰদানেৰে আজি ডিব্ৰুগড়ৰ বগীবিল দলং ঘাটৰ পৰা ভটিয়াই লুইতৰ বুকুৱেদি যাত্ৰা আৰম্ভ কৰিলে দুখন জাহাজে৷ ‘ব্ৰহ্মপুত্ৰৰ মুকুতা’ আৰু ‘স্নো মুকুতা’ নামৰ জাহাজ দুখনে কঢ়িয়াই নিছে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পেৰিছৰ কেৰল ৱেইছ, চিকাগোৰ প্ৰসাদ কানুমুৰী আৰু ৰেখা কানুমুৰী নামৰ এগৰাকী কণমানিসহ তিনিজন বিদেশী পৰ্যটক যাত্ৰীক৷ ১১ দিনীয়া এই যাত্ৰাৰ লক্ষ্যস্থান হ’ব গুৱাহাটী৷ আজি সুবিশাল জাহাজ দুখন ফিটা কাটি উদ্বোধন কৰে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ তথা লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক ঋতুৰ্পণ বৰুৱাই৷ ভাষণ প্ৰসংগত বৰুৱাই ব্ৰহ্মপুত্ৰৰ বুকুত থকা প্ৰচুৰ বাণিজ্যিক সম্ভাৱনাক বিশ্বৰ বুকুত অধিক পৰিচয় কৰাই দিয়াৰ প্ৰয়াস কৰাত পৰ্যটনৰ ক্ষেত্ৰৰ সৈতে জড়িত ধিৰাজ বিকাশ গগৈৰ প্ৰচেষ্টাক আদৰণি জনাই কয় যে এয়া সকলোৰে বাবে উৎসাহজনক বতৰা৷ ব্ৰহ্মপুত্ৰৰ বিশালতা, গভীৰতা আমাৰ সকলোৰে বাবে অনুপ্ৰেৰণাৰ উৎস, এই মহান ব্ৰহ্মপুত্ৰ নদীয়েই অসমৰ সভ্যতা-সংস্কৃতিৰ ৰাজহাড়স্বৰূপ৷ এই পৰিভ্ৰমণৰ যোগেদি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰৰ নদী সভ্যতা-সংস্কৃতিক তথা ব্ৰহ্মপুত্ৰ নদীৰ অপৰূপ প্ৰাকৃতিক পৰিৱেশ, নদীৰ সুন্দৰ বাতাবৰণ, সুন্দৰ ভূগোল বিশ্বৰ বুকুত উপস্থাপন কৰিবলৈ সক্ষম হব বুলিও তেওঁ আশা কৰে৷ আনহাতে নদী পৰ্যটনৰ ক্ষেত্ৰত অসমত অপাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰি ধিৰাজ বিকাশ গগৈয়ে এই উদ্যোগৰ জৰিয়তে অনাগত দিনত অনেক লোকক নিযুক্তিৰ সম্ভাৱনা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰি সকলোৰে সহযোগিতা কামনা কৰে৷