Logo
image

লাখ লাখ ভুৱা কৃষক সৃষ্টিৰে আত্মসাৎ ৭০০ কোটি টকা

পিএম কিষাণ দুৰ্নীতিত কোন জড়িত? তদন্তত চকু ন্যায়ালয়ৰ

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধিৰ [পি এম কিষাণ] সাতশ কোটি টকীয়া কেলেংকাৰিক লৈ কঠোৰ হৈছে গুৱাহাটী উচ্ছ ন্যায়ালয়৷ আমগুৰি নৱনিৰ্মাণ সমিতিয়ে দাখিল কৰা এক ৰাজহুৱা স্বাৰ্থজড়িত আৱেদনৰ শুনানি লৈ মঙলবাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ে সমগ্ৰ কেলেংকাৰিৰ তথ্য শপতনামাযোগে আদালতত দাখিলৰ নিৰ্দেশ দিয়ে৷ ছয় সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে এই শপতনামা দাখিল কৰিব লাগিব৷ উল্লেখ্য, ৰাজ্যৰ ১১ লাখ ৭২ হাজাৰ ভুৱা কৃষকে জালিয়াতিৰে সৰকাই নিছিল পি এম কিষাণৰ ধন৷ মুখ্যতঃ মৰিগাঁও, বৰপেটা, ধুবুৰী, নলবাৰী, দৰং আদি জিলাত পি এম কিষাণৰ ধনৰ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল৷ মৰিগাঁও জিলাৰ এজনো মুছলমান সম্প্ৰদায়ৰ লোক নথকা গাঁৱতো  মুছলমান লোকে লাভ কৰিছিল পি এম কিষাণৰ ধন৷ আঁচনিৰ আওতাত নপৰা চৰকাৰী চাকৰিয়াল, মাষ্টৰ, ঠিকাদাৰ আদিয়েও বক্ৰ পথেৰে লাভ কৰিছিল পি এম কিষাণৰ ধন৷ চল-চাতুৰিৰে প্ৰকৃত কৃষকৰ মুখৰ ভাত কাঢ়ি নিছিল একাংশ অসাধু লোকে৷ ইয়াত হাত উজান দিছিল একাংশ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীয়ে৷ ৱাৰ্ড মেম্বাৰ, লাটমণ্ডল, ডাটা এণ্টি অপাৰেটৰ, জিলা কৃষি বিষয়ালৈকে সকলো দুৰ্নীতিত নিমজ্জিত হোৱাৰ অভিযোগ উঠিছিল৷ এই কেলেংকাৰিৰ প্ৰাবল্য ইমানেই ভয়াৱহ আছিল যে ইতিমধ্যে বিয়াগোম বিয়াগোম বিষয়া কেলেংকাৰিত জড়িত থকা বুলি চিহ্নিত হৈছে৷ শুনানিত ন্যায়ালয়ে কেলেংকাৰিত জড়িত কোন বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিছে, সেয়া জনাবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে৷ তদন্তৰ আওতালৈ অভিযুক্তসকলক অনাৰ ব্যৱস্থা কৰা হৈছে নে নাই, সেয়াও জনাবলৈ নিৰ্দেশ দিছে৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰাজ্য চৰকাৰে ইতিমধ্যে গুৱাহাটী উচ্ছ ন্যায়ালয়ত দাখিল কৰা এক শপতনামাত উল্লেখ কৰিছে যে বৰ্তমানলৈকে কেলেংকাৰি সংঘটিত হোৱা ধনৰ মাত্ৰ ১.৫ কোটি টকাহে ঘূৰাই আনিবলৈ সক্ষম হৈছে৷ ১১.৭২ লাখ ভুৱা কৃষকে নামে-বেনামে ৬ হাজাৰ টকাকৈ মুঠ ৭০৩ কোটি টকা সৰকাই নিছিল৷ পি এম কিষাণৰ কেলেংকাৰি সন্দৰ্ভত তদন্ত কৰিবলৈ বৰ্তমানৰ মুখ্য সচিব তথা তদানীন্তন ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব জিষ্ণু বৰুৱাৰ নেতৃত্বত এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি দিছিল পূৰ্বৰ সোণোৱাল চৰকাৰে৷ জিষ্ণু বৰুৱা আয়োগে ২০২০ চনত এই কেলেংকাৰিৰ তদন্ত কৰি ১১.৭২ লাখ ভুৱা কৃষকে পি এম কিষাণৰ ধন সৰকাই নিয়া তথ্য পোহৰলৈ আনিছিল৷ ৰাজ্যত ড॰  হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত নতুন চৰকাৰ গঠন হোৱাৰ  পাছত এই কেলেংকাৰিৰ তদন্ত প্ৰক্ৰিয়াই বিশেষ গতি লাভ কৰে৷ পি এম কিষাণৰ কেলেংকাৰিত জড়িত থকাৰ অভিযোগত মৰিগাঁৱৰ জিলা কৃষিবিষয়া সৰোজ কলিতা, বৰপেটাৰ জিলা কৃষিবিষয়া কৃষ্ণা পাঠক, মৰিগাঁও আৰু ধুবুৰীৰ দুজন ডাটা এণ্টি অপাৰেটৰক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে ৰাজ্য চৰকাৰে৷ ১৬জন জিলা কৃষিবিষয়া আৰু ৯৮জন কৃষি সম্প্ৰসাৰণ বিষয়াৰ লগতে বৰপেটা জিলাৰ সকলো কৃষি সম্প্ৰসাৰণ সহায়কলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছিল৷ ইয়াৰে ৫০ জন বিষয়াই  শ্ব’কজৰ উত্তৰ দিয়ে যদিও ৰাজ্য চৰকাৰ ইয়াত সন্তুষ্ট নোহোৱাত তেওঁলোকৰ বিৰুদ্ধে ৩৮টা গোচৰ ৰুজু কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰে৷ একেদৰে বঙাইগাঁৱৰ জিলা কৃষি বিষয়াই ৭৩৪জন ভুৱা কৃষকৰ নাম পি এম কিষাণ প’ৰ্টেলত অন্তৰ্ভুক্ত কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল৷  উল্লেখ্য যে পুনৰ ৫ এপ্ৰিলত গুৱাহাটী উচ্ছ ন্যায়ালয়ে এই গোচৰৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব৷ আবেদনকাৰীৰ হৈ আদালতত যুক্তি প্ৰদৰ্শন কৰিছিল গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা এ আৰ বৰভূঁঞাই৷