Logo
image

উৎসৱ, উদ্‌যাপনৰ মাজত উঠিছে আত্মহত্যাৰ জোৱাৰো

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ কষ্টকৰ জীৱন সংগ্ৰাম আৰু দাৰিদ্ৰ্য আছিল যদিও কিছুদিন আগলৈকে অসমত আত্মহত্যা শব্দটো একপ্ৰকাৰ অপৰিচিত আছিল বুলিও হয়তো ভুল কোৱা নহ’ব৷ ক’ৰবাত ছেগা-চোৰোকাকৈ এনে ঘটনা ঘটিছিল যদিও দৰিদ্ৰতাৰ বাবে আত্মহত্যা কৰাৰ ঘটনা আছিল তেনেই সামান্য৷ দুৰ্ভাগ্যজনকভাৱে এতিয়া পৰিস্থিতি সলনি হৈছে৷ চৰকাৰে সাধাৰণ মানুহৰ আৰ্থিক অৱস্থা উন্নত হোৱা বুলি অহৰহ দাবী কৰি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত কিন্তু ছবিখন সম্পূৰ্ণ ওলোটা৷ লাখ লাখ লোকক হিতাধিকাৰী সজায়ো চৰকাৰে এই ভয়াৱহ ছবিখন সলনি কৰিব পৰা নাই৷ আন কথা বাদেই, এতিয়া উৎসৱৰ বতৰতো অসমত আত্মহত্যাৰ ঘটনা ঘটে৷ সামূহিক উদ্‌যাপনৰ সময়তো আপোনঘাতী হয় অসমৰ মানুহ৷ বিগত ছয়-সাত মাহত অসমত কেৱল আৰু কেৱল দৰিদ্ৰতাৰ বাবে কুৰিৰো অধিক লোকে আত্মহত্যা কৰে৷ প্ৰেমত প্ৰতাৰণা, নিসংগতা, ঘৰুৱা কন্দল, প্ৰত্যাশা আৰু প্ৰাপ্তিৰ মাজৰ ব্যৱধান আদি কাৰণতো আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হৈছে যদিও সেই সকলো কাৰণক চেৰ পেলাই শেহতীয়াভাৱে অসমত আত্মহত্যাৰ প্ৰধান আৰু প্ৰথম কাৰণ আৰু কাৰকৰূপে বিবেচিত হৈছে দৰিদ্ৰতা, আৰ্থিক দীনতা৷ বিগত দুটা বছৰত ক’ভিডৰ বাবে ৰাজ্যৰ হাজাৰ হাজাৰ লোকৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে৷ হাজাৰ হাজাৰ পৰিয়ালৰ চৌকাত জুই জ্বলা নাই এই সময়ছোৱাত৷ নিবনুৱা সমস্যাৰ ভয়াৱহতা প্ৰতিনিয়ত বৃদ্ধি পাইছে৷ হিতাধিকাৰী ৰাজনীতিৰ ভৰপকৰ মাজতে দাৰিদ্ৰ্যই কোঙা কৰি পেলাইছে আমাৰ সমাজ আৰু জীৱন-যাত্ৰা৷ এনে বহু কাৰণৰ বাবে একাংশ লোকে হেৰুৱাই পেলাইছে জীয়াই থকাৰ মোহ৷ ফলত বাছি লৈছে আত্মহত্যাৰ পথ৷ ক’ভিডকালীন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনৰ বহু পৰিয়াললৈ নামি আহিছে অমানিশা৷ অৰ্থনৈতিক সংকটে বিশেষকৈ জুৰুলা কৰিছে নিম্ন মধ্যবিত্ত শ্ৰেণীটোক৷ অভূতপূৰ্ব মূল্যবৃদ্ধিত ফেৰ মাৰিব নোৱাৰি বহু দৰিদ্ৰ পৰিয়াল সমাজৰ পৰা যেন নিশ্চিহ্ন হ’ব ধৰিছে৷ বিজেপি নেতৃত্বাধীন চৰকাৰে দৰিদ্ৰ পৰিয়ালক সকাহ দিয়াৰ স্বাৰ্থত নিতৌ ন ন আঁচনি ঘোষণা কৰিছে যদিও এনে আঁচনিৰ পৰা ৰাজ্যখনৰ বহু পৰিয়াল উপকৃত যে হ’ব পৰা নাই সেয়া একপ্ৰকাৰ নিশ্চিত৷ ক’ভিড পৰিস্থিতিৰ দোহাই দি দীৰ্ঘদিন ধৰি চলি থকা লকডাউনৰ বাবে বহুতে হেৰুও¸ৱাব লগা হৈছে জীৱিকা উপাৰ্জনৰ পথ৷ বিশেষকৈ দিন হাজিৰা কৰি কোনোমতে পৰিয়াল চলাই থকা দৰিদ্ৰ পৰিয়ালসমূহৰ অৱস্থা অকল্পনীয়৷ জীৱনযুদ্ধত ফেৰ মাৰিব নোৱাৰি সৃষ্টি হোৱা পাৰিবাৰিক অশান্তিৰ পৰিণতিতেই যেন বৃহস্পতিবাৰে নলবাৰী জিলাৰ ধমধমাত সংঘটিত হয় এক কৰুণ ঘটনা৷ অতি দৰিদ্ৰ এটা পৰিয়ালৰে চ্ছ্ৰ সদস্যই বিহপান কৰি আত্মহননৰ অপচেষ্টা চলোৱা এক ঘটনাই নলবাৰীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ৷ ইয়াৰে তিনিজনৰ অৱস্থা সংকটজনক বুলি জনা গৈছে৷ এই কৰুণ ঘটনা সংঘটিত হৈছে জিলাখনৰ ধমধমাৰ সমীপৰ আঙাৰধোঁৱা গাঁৱত৷ প্ৰাপ্ত খবৰ মতে, ফেৰিৱালা হিচাপে ব্যৱসায় কৰি কোনোৰকমে পৰিয়াল পোহপাল দিয়া শ্যামন্ত ৰাজবংশী নামৰ লোকজনৰ পৰিয়ালটোত পূৰ্বৰে পৰা পাৰিবাৰিক অশান্তি চলি আছিল৷ বৃহস্পতিবাৰেও মূলতঃ আৰ্থিক অনাটনক কেন্দ্ৰ কৰি পৰিয়ালটোত অশান্তিৰ সৃষ্টি হোৱাত পিতৃ শ্যামন্ত ৰাজবংশীয়ে বিহপান কৰে৷ পিতৃয়ে বিহপান কৰাৰ পাছতেই পুত্ৰ বিকাশ ৰাজবংশীয়েও বিহপান কৰে৷ একেদৰে মাতৃ কণিকা ৰাজবংশীয়ে বিহপান কৰে৷ উক্ত সময়ত ধমধমা কলেজত অধ্যয়নৰত জ্যেষ্ঠা কন্যা ৰীতামণি ঘৰত নাছিল যদিও কলেজৰ পৰা আহি সমস্ত কাণ্ডৰ বিষয়ে জানিব পাৰি দিকবিদিক হেৰnও¸ৱাই তেৱোঁ একেটা পথ বাছি লয়৷ বিকাশ ৰাজবংশী আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী৷ ঘটনাটো সন্দৰ্ভত চুবুৰীয়াই জানিব পাৰি হুৱা-দুৱা লগায়৷ লগে লগে পৰিয়ালটোৰ চাৰিওজন সদস্যক চিকিৎসাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও ইয়াৰে পিতৃ-মাতৃ আৰু পুত্ৰৰ অৱস্থা সংকটজনক হোৱাত তিনিওজনকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে৷ কন্যা ৰীতামণি সম্প্ৰতি নলবাৰী অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে৷ ধমধমা কলেজৰ স্নাতক তৃতীয় ষান্মাষিকৰ ছাত্ৰী ৰীতিমণিয়ে প্ৰকাশ কৰা মতে, তেওঁলোক আগতে গুৱাহাটী মহানগৰীতে আছিল যদিও পিতৃ শ্যামন্ত ৰাজবংশীয়ে তেওঁলোকক গাঁৱলৈ লৈ আহে৷ তাৰ পাছৰ পৰাই পৰিয়ালটোত অশান্তিৰ সৃষ্টি হৈ আহিছে বুলিও তেওঁ কয়৷ 

বিজেপি নেতাৰ আত্মহত্যাৰ তদন্ত বিচাৰিবলগীয়া হ’ল আছুৱে

ধুবুৰী জিলাৰ গোলকগঞ্জত সোমবাৰৰ নিশা হানিটেপিং ব্লেকমেইলিঙৰ বলি হৈ বিজেপি নেতাই কৰা আত্মহত্যাৰ লগত জড়িতক আজি তিনিদিনে আৰক্ষীয়ে আটক কৰিব নোৱৰা ঘটনাক সহজভাৱে লোৱা নাই স্থানীয় ৰাইজ-সংগঠনে৷ জানিব পৰা মতে, সোমবাৰৰ নিশা বিজেপি নেতা তথা প্ৰতিষ্ঠিত ব্যৱসায়ী কাৰ্তিক কৰ্মকাৰে চিপ লৈ আত্মহত্যা কৰে৷ নিশা এক বজাত দলীয় গ্ৰুপত মৃত্যুৰ কাৰণ উল্লেখ কৰি মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰ আপলোড কৰি আত্মহত্যা কৰে৷ পিছদিনা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰে৷ মৃতদেহৰ লগত মুখ্যমন্ত্ৰীলৈ লিখা ছুইচাইড নোট এখন উদ্ধাৰ কৰে৷ পত্ৰত উল্লেখ থকা মতে, চাৰিবছৰ পূৰ্বে মহিলা আৰক্ষী কনিষ্টবল অঞ্জু নেওগে তেওঁক ঘৰত মাতি নি পৰিকল্পিতভাৱে নগ্ন ফটো উঠায়৷ তাৰ পাছৰ পৰা অঞ্জু নেওগ, দুলাল ৰায়, ৰাক্কু তাতেৰ, দেবানন্দ ঠাকুৰ, কানু ভট্টাচাৰ্য আৰু সুশান্ত কুমাৰ মণ্ডলে ব্লেকমেইলিং কৰি তিনি কিস্তিত ১০ লাখ টকা মৃত কৰ্মকাৰৰ পৰা সংগ্ৰহ কৰে৷ কিছুদিন পূৰ্বে পুনৰ ২০ লাখ টকা দাবী কৰাত তেওঁ উপায়হীন হৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখি আত্মহত্যা কৰে৷ ঘটনা প্ৰকাশ পোৱাত দুলাল, ৰাক্কু, দেবানন্দ, কানু আৰু সুশান্ত পলায়ন কৰে৷ সন্ধিয়া কনিষ্টবল অঞ্জুক ৰিজাৰ্ভ ক্ল’জ কৰে৷ কিন্তু পুৱা আৰক্ষীয়ে ছুইচাইড নোট পোৱাৰ পাছতো স্বাস্থ্যকৰ্মী দেবানন্দ ঠাকুৰ কেনেকৈ সুকাতিখাতা উপ-স্বাস্থ্যকেন্দ্ৰত কৰ্মৰত হৈ আছিল সেয়া প্ৰশ্ন উত্থাপন কৰিছে স্থানীয় ৰাইজ৷ ইপিনে তিনিদিনে এজনো অভিযুক্তক আৰক্ষীয়ে আটক কৰিব নোৱৰাৰ লগতে মহিলা আৰক্ষীক নিলম্বন বা গ্ৰেপ্তাৰ নকৰি অকল ৰিজাৰ্ভ ক্ল’জ কৰি ক্ষান্ত হোৱা ঘটনাক তীব্ৰ সমালোচনা কৰিছে পৰিয়ালৰ লোক, গোলকগঞ্জ ব্যৱসায়িক সন্থা, আঞ্চলিক আছু আৰু স্থানীয় ৰাইজে৷ ঘটনা সন্দৰ্ভত পৰিয়াল আৰু গোলকগঞ্জ ব্যৱসায়িক সন্থাই গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এই সন্দৰ্ভত ৬৫য২০২২ নম্বৰত এটা গোচৰ ৰুজু কৰে৷ ঘটনাৰ উচ্ছ তদন্তৰ লগতে দোষীক কঠোৰ শাস্তিৰ দাবীত আজি গোলকগঞ্জ আঞ্চলিক ছাত্ৰ সন্থাই ফেক্সযোগে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে৷ কিন্তু আজিলৈ জিলা বিজেপিৰ সম্পাদক সুশান্ত কুমাৰ মণ্ডল আৰু বিজেপিৰ যুৱ মৰ্চাৰ জিলা সম্পাদক কানু ভট্টাচাৰ্যক বহিষ্কাৰ বা নিলম্বন নকৰা ঘটনাত অসন্তুষ্ট প্ৰকাশ কৰে একাংশ বিজেপিকৰ্মীয়ে৷ আ(ৰ্যজনক ঘটনা হ’ল দাবী কৰা ২০ লাখ টকা সময়ত দিব নোৱৰাৰ বাবে দুলালে কৰ্মকাৰৰ এ এছ-১৭ এইচ-২৮০৬ নম্বৰৰ স্কুটীখন কাঢ়ি লৈ যায়৷ তাৰ পাছৰ পৰা কৰ্মকাৰ খোজকাঢ়ি চলিছিল৷ এনে জমৰ যাতনা তেওঁক দিছিল৷ অৱশ্যে আজি দুলালৰ ঘৰৰ পৰা গোলকগঞ্জ আৰক্ষীয়ে স্কুটীখন উদ্ধাৰ কৰি থানালৈ আনে৷

জম্মু-কাশ্মীৰত অসমৰ জোৱানৰ আত্মহত্যা

জম্মু আৰু কাশ্মীৰত কৰ্তব্যৰত অৱস্থাত অসমৰ এজন সেনা জোৱানে আত্মহননৰ পথ বাছি লৈছে৷ সেনাৰ নিয়ন্ত্ৰণ কক্ষৰ পৰা আজি এই কৰুণ ঘটনা প্ৰকাশ কৰা হৈছে৷ গোলাঘাটৰ গৰাগুৰী এলেকাৰ বাসিন্দা বিশ্বজিত গগৈয়ে নিজৰ ছাৰ্ভিচ ৰাইফেলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি সেনাৰ তৰফত জানিবলৈ দিয়া হৈছে৷ জম্মুৰ নাগৰোটা চহৰত ৬০ ৰাষ্ট্ৰীয় ৰাইফলছত কৰ্মৰত আছিল বিশ্বজিত গগৈ৷ গগৈৰ শৱদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জম্মুৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে বুলি পাছত জম্মু আৰক্ষীয়ে জানিবলৈ দিছে৷ সেনাৰ লগতে আৰক্ষীয়েও ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে৷ মন কৰিবলগীয়া যে গগৈৰ আত্মহত্যাৰ পাছত যোৱা ডেৰ দশকত দেশৰ নিৰাপত্তা বাহিনীৰ মুঠ ৫৩২জন জোৱান-বিষয়াই আত্মহত্যা কৰা বুলি সেনাৰ তৰফত প্ৰকাশ কৰা হৈছে৷ উল্লেখ্য যে, বিশ্বজিত গগৈ ৬০ ৰাষ্ট্ৰীয় ৰাইফলছৰ চিপাহী হিচাপে কৰ্মৰত আছিল৷