Logo
image

আছু ত্যাগ কৰিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই

আমাৰ অসম, ১৮ অক্টোবৰঃ আছুৰ পৰা অৱসৰ লোৱাৰ কথা প্ৰকাশ কৰে ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। দেওবাৰে দক্ষিণ কামৰূপৰ ধাৰাপুৰত অনুষ্ঠিত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ এক সন্মিলনত সাংবাদিকৰ আগত এই মন্তব্য আগবঢ়াই আছুৰ মুখ্য উপদেষ্টা গৰাকীয়ে৷ তেঁও লগতে কয়, মই নীলকণ্ঠ হৈ ৰাজনৈতিক আৰু নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু খিলঞ্জীয়াৰ হকে কাম কৰি যাম৷ আগন্তুক দুলীয়াজান অধিৱেশনত অৱসৰ ল’ব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই৷