Logo
image

হিজাবক লৈ তছলিমা, সাধবী প্ৰজ্ঞা একমত

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ হিজাব বিতৰ্কক লৈ সমগ্ৰ ভাৰত উত্তাল হৈ থকাৰ মাজতে এইবাৰ বাংলাদেশৰ বিতৰ্কিত লেখিকা তছলিমা নাছৰিনে মুছলমান সমাজক অতীত সংস্কাৰৰ পৰা ওলাই আহিবলৈ আহ্বান জনাইছে৷ তছলিমাৰ মতে এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ শিক্ষাৰ্থীসকলৰ বাবে ইউনিফৰ্মেই একমাত্ৰ পোছাক হোৱা উচিত৷ তেওঁৰ মতে হিজাব হৈছে সতীত্বৰ পহৰাদাৰী কৰা পোছাক৷ যিটোৱে মনত পেলাই দিয়ে যে কন্যাসকল আচলতে সম্ভোগৰ সামগ্ৰী৷ সংবাদ মাধ্যমৰ সৈতে হোৱা এক কথোপকথনত তছলিমাৰ স্পষ্ট কথা– শিক্ষানুষ্ঠানত কোনো ধৰ্মীয় ভেদাভেদ নচলে৷ শিক্ষকসকলে শিক্ষানুষ্ঠানলৈ আহোতে শিক্ষাৰ্থীসকলক ধৰ্মীয় পোছাক পৰিধান কৰাত বাধা দিছে৷ ইয়াত কোনো ভুল নাই৷ কিয়নো শিক্ষানুষ্ঠান ধৰ্ম চৰ্চাৰ স্থান নহয়৷ বাংলাদেশৰ লেখিকাগৰাকীয়ে লগতে কয়– শিক্ষানুষ্ঠানত শিক্ষা দিয়া হয় নাগৰিক অধিকাৰৰ, লিংগ সমতা, মানৱ অধিকাৰ, আধুনিক মানসিকতাৰ, বিজ্ঞান আদিৰ৷ ইয়াত ধৰ্মীয় পোছাকৰ কথা কিয় আহে? তছলিমাই পুনৰ কয়– হিজাব, বোৰ্খা বা নাকাবে ইংগিত দিয়ে যে কন্যাসকল ভোগ-বিলাসৰ বাহিৰে আন একোৱেই হ’ব নোৱাৰে আৰু কন্যাসকলক পুৰুষৰ পৰা আঁতৰাই ৰখা উচিত৷ নহ’লে কন্যা পুৰুষৰ যৌন লালসাৰ চিকাৰ হ’ব৷ এই ধাৰণা অতি নিন্দনীয়৷ এনে মানসিকতা সলনি হোৱা উচিত৷ তেওঁ এই বুলিও সোঁৱৰাই দিয়ে যে হিজাব বা পোছাকৰ বিষয়টো অকল মুছলমানৰেই নহয়, মনত ৰখা উচিত যে হিজাবৰ এই নিয়ম সোতৰশ শতিকাত প্ৰচলন হৈছিল৷ কিন্তু একবিংশ শতিকাত এই নিয়ম মানি থকাটো অনুচিত৷ একেদৰে ভূপালৰ বিজেপি সাংসদ সাধবী প্ৰজ্ঞায়ো তছলিমা নাছৰিনৰ সুৰতে সুৰ মিলাই হিজাব সম্পৰ্কে বিস্ফোৰক মন্তব্য আগবঢ়াইছে৷ সদায় বিতৰ্কৰ আৱৰ্তত থকা সাংসদগৰাকীৰ মতে, ঘৰত নিৰাপদ অনুভৱ নকৰিলে হিজাব পৰিধান কৰা উচিত৷ ঘৰৰ বাহিৰত হিন্দু সমাজত হিজাব পৰিধান কৰাৰ কোনো প্ৰয়োজন নাই৷ সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সাধবী প্ৰজ্ঞাই কয়– কোনোবাই যদি ভাৰতৰ স্কুল-কলেজৰ নিয়ম-শৃংখলা ভংগ কৰে অথবা হিজাব পৰিধান কৰা আৰম্ভ কৰে সেয়া মানি লোৱা নহ’ব৷ সাংসদগৰাকীৰ মতে, হিজাব হৈছে এখন আঁৰ কাপোৰ৷ যিসকলে আপোনাক বেয়া চকুৰে চাই, তেওঁলোকৰ পৰা নিজকে আঁতৰাই ৰখাৰ কাৰণে আঁৰ কাপোৰৰ প্ৰয়োজন হয়৷ কিন্তু  হিন্দুসকলে নাৰীক কেতিয়াও বেয়া চকুৰে নাচায়৷ হিন্দুৱে নাৰীক পূজা কৰে৷ সনাতন ধৰ্মমতে, যি স্থানত নাৰীক শ্ৰদ্ধা কৰা নহয়, সেই স্থান শ্মশানসম৷

ইপিনে, হিজাব নিষেধাজ্ঞাৰ প্ৰত্যাহ্বান জনাই কৰ্ণাটক উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে এজন জ্যেষ্ঠ অধিবক্তা৷ প্ৰফেচাৰ ৰবি বাৰ্মা কুমাৰ নামৰ অধিবক্তাজনে আদালতত যুক্তি দৰ্শাই যে মুছলমান ছাত্ৰীসকলক হিজাব সন্দৰ্ভত দিয়া নিৰ্দেশনাৰে ভাৰতীয় সংবিধানৰ ১৫নং ধাৰাক উলংঘা কৰা হৈছে৷ তেওঁৰ মতে শিখ পুৰুষ জোৱানসকলক সেনা বাহিনীত পাগুৰি পিন্ধিবলৈ দিয়া হয়৷ এয়া এটা স্বীকৃত প্ৰথা৷ তেনেহ’লে শিক্ষানুষ্ঠানত মুছলমান ছাত্ৰীসকলক হিজাব পৰিধান কৰাত বাধা ক’ত৷ অধিবক্তা বাৰ্মাৰ মতে যদি পাগুৰি পিন্ধা জোৱান সেনা বাহিনীত থাকিব পাৰে, তেনেহ’লে কিয় ধৰ্মীয় প্ৰতীক [হিজাব] পৰিহিত এজনক শ্ৰেণীকোঠাত প্ৰৱেশ কৰাত বাধা দিয়া হ’ব৷  উল্লেখ্য, বিগত বৰ্ষৰ শেষৰ পিনে কৰ্ণাটকৰ উদুপিস্থিত এখন চৰকাৰী মহাবিদ্যালয়ত হিজাব পৰিহিত মুছলমান ছাত্ৰীসকলক প্ৰৱেশ কৰাত কলেজ কতৃৰ্পক্ষই বাধা আৰোপ কৰিছিল৷  ইয়াৰ পাছতে বিভিন্ন কলেজতো হিজাব নিষিদ্ধ হ’বলৈ আৰম্ভ কৰে৷ পৰৱৰ্তী সময়ত কৰ্ণাটকৰ  এই হিজাব বিতৰ্ক বিয়পি পৰে সমগ্ৰ ভাৰতবৰ্ষত৷ আৰু ইয়াৰ মাজতে আজি তছলিমা নাছৰিন আৰু বিজেপিৰ সাংসদ সাধবী প্ৰজ্ঞাই হিজাব সম্পৰ্কে একেই মত আগবঢ়ায়৷