Logo
image

নেতা-আৰক্ষীক লৈ পূৰ্ণোদ্যমে ম’হ ছিণ্ডিকেট চলাইছে মুন্নাভায়ে! কৰুণ মৃত্যু পশুধনৰ

আমাৰ অসম, ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে গো-সৰবৰাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি আইন প্ৰৱৰ্তন কৰিছে৷ চৰকাৰৰ এই কঠোৰ স্থিতিৰ পাছতেই এতিয়া পূৰ্বতে গৰু ছিণ্ডিকেটত জড়িত মাফিয়াই ছিণ্ডিকেট সলনি কৰিছে৷ ছিণ্ডিকেট মাফিয়াই বহিঃৰাজ্যৰ পৰা গৰুৰ পৰিৱৰ্তে শেহতীয়াকৈ ম’হৰ ছিণ্ডিকেট আৰম্ভ কৰিছে৷ কংগ্ৰেছ চৰকাৰৰ দিনত গৰু ছিণ্ডিকেট চলাই বিজেপি চৰকাৰৰ দিনত জে’লৰ ভাত খোৱা জনৈক ‘মুন্নাভাই’-এ এতিয়া ম’হৰ ছিণ্ডিকেটৰ নেতৃত্ব দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ ‘মুন্নাভাই’ৰ নেতৃত্বতে প্ৰতি নিশাই অসমৰ মাজেৰে উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিমবংগৰ পৰা ট্ৰাকে ট্ৰাকে ম’হৰ চোৰাং সৰবৰাহ অব্যাহত ৰাখিছে এটা চক্ৰই৷ এই চক্ৰটোক সকলো ফালৰ পৰা সহায় কৰিছে বিজেপিৰ এজন প্ৰভাৱশালী কেবিনেট মন্ত্ৰীয়ে৷ এই মন্ত্ৰীজনৰ লগত সোঁৱে-বাওঁৱে থাকি উজনি অসমৰ এজন বিজেপি বিধায়ক আৰু বি টি এ ডিৰ এজন ইউপিপিএলৰ নেতাই ম’হৰ ছিণ্ডিকেটৰ কমিছন সংগ্ৰহ কৰিছে৷ শীৰ্ষ আৰক্ষী বিষয়াৰ সহযোগতে মাফিয়া চক্ৰটোৱে প্ৰতিদিনেই ট্ৰাকে ট্ৰাকে বহিঃৰাজ্যৰ পৰা ম’হৰ চালান অব্যাহত ৰাখিছে৷ অৱশ্যে ইয়াৰ মাজতে ভুলবশতঃ আৰক্ষীয়ে কেইবাস্থানত ইতিপূৰ্বে ম’হৰ ট্ৰাক জব্দ কৰিছে যদিও পিছ মুহূৰ্ততে শীৰ্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত ট্ৰাকসমূহ মোকলাই দিয়াৰো অভিযোগ উঠিছে৷ নিতৌ ম’হৰ চোৰাং সৰবৰাহ দেখিও আৰক্ষীয়ে ‘মুন্নাভাই’ বাহিনীৰ ওচৰ চাপিবলৈ সাহস গটোৱা নাই৷ অতি উদ্বেগজনকভাৱে ছিণ্ডিকেট চক্ৰটোৱে এখন ট্ৰাক তথা কণ্টেইনাৰত পাণ জপাদি জাপি নিৰ্দিষ্ট সংখ্যাতকৈ অধিক ম’হ কঢ়িয়াই অনা পৰিলক্ষিত হৈছে৷ যাৰ ফলত আধাবাটতে ট্ৰাকতে মৃত্যু হৈছে ম’হৰ৷ বিগত সপ্তাহত শ্ৰীৰামপুৰত এখন ম’হভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত হোৱাত কেইবাটাও ম’হৰ মৃত্যু হৈছিল৷  পশুধন সৰবৰাহ আইন ভংগ কৰি এখন ট্ৰাকতে ১০৪টাকৈ ম’হ নিৰ্দয়ভাৱে কঢ়িয়াই আনিছিল ছিণ্ডিকেট মাফিয়াই৷ ইপিনে জনৈক পাৰভেজ নামৰ ছিণ্ডিকেট মাফিয়াটোৰ ছত্ৰছায়াতে বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ম’হভৰ্তি ট্ৰাকসমূহ মেঘালয়ত প্ৰৱেশ কৰাৰ পাছতেই বাংলাদেশলৈ চালান দিয়াৰ দায়িত্ব  বহন কৰি আহিছে৷ অসমত গৰু সৰবৰাহ বন্ধ হৈ পৰাত বাংলাদেশৰ বজাৰত গৰুৰ নাটনি দেখা দিয়াত শেহতীয়াকৈ ম’হৰ মাংসৰ চাহিদা বৃদ্ধি পাইছে৷ ফলত বিজেপি মন্ত্ৰী-বিধায়কক পৃষ্ঠপোষকতাতে বহিঃৰাজ্যৰ ম’হৰ ছিণ্ডিকেট আৰম্ভ হৈছে৷ লক্ষণীয় বিষয়টো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছিণ্ডিকেট মাফিয়াক এনকাউণ্টাৰ কৰিবলৈ আৰক্ষীক সেউজ সংকেত দিলেও আজিলৈকে আৰক্ষীয়ে ম’হ ছিণ্ডিকেটত জড়িত কোনো এটা মাফিয়াকে এনকাউণ্টাৰ কৰিবলৈ সাহস নকৰাৰ আঁৰত বিজেপি নেতৃত্বৰ যে গোপন নিৰ্দেশ আছে সেয়া স্পষ্ট হৈ পৰিছে৷

পুৰণিগুদামত শেষ নিশাৰ নাটক

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অধীনৰ ৰামটিলাআটি আৰু বালিজুৰিৰ পৰা বুধবাৰৰ নিশা পুনৰ গৰু চুৰিৰ ঘটনা সংঘটিত হৈছে৷ নিশা ৰামটিলাআটি গাঁৱৰ চাজাদ হুছেইন নামৰ এজন লোকৰ গোহালিৰ পৰা এজনী গাই চুৰি কৰি নিয়াৰ উপৰিও বালিজুৰিৰ পৰাও এটা বলধ গৰু চোৰে চুৰি কৰি নিয়ে৷ অতি চতুৰ চোৰৰ দলে শেষ নিশাৰ ভাগত গোহালিৰ পৰা গৰু লৈ যায় যদিও সেই সময়ত গৃহস্থ টোপনিত থকাৰ বাবে চোৰৰ দলে নিবিঘ্নে আঁতৰি যাবলৈ সক্ষম হয়৷ স্থানীয় লোকে এই প্ৰতিবেদকক জানিবলৈ দিয়া অনুসৰি, নিশা কিছুমান অচিনাকি গাড়ী দেখিবলৈ পোৱা যায়৷ এই গাড়ীসমূহ সন্দেহজনকভাৱে গাঁৱত ঘূৰি ফুৰে যদিও নিশা দুই বজালৈকে কোনোধৰণৰ চুৰিকাৰ্য সংঘটিত নকৰে৷ ইয়াৰ পাছতে চুৰি নহয় বুলি পিছৰাতি গৃহস্থ শুবলৈ যোৱাৰ পাছত সেই সন্দেহজনক গাড়ীসমূহেই চুৰিকাৰ্য সংঘটিত কৰে বুলি ভুক্তভোগী পৰিয়ালসমূহে জানিবলৈ দিছে৷ ইফালে আন এক সূত্ৰৰ পৰা জানিব পৰা মতে, গৰু চুৰিৰ বৃহৎ চক্ৰটোৱে হাতত অত্যাধুনিক অস্ত্ৰ-সস্ত্ৰৰে সু-সজ্জিত হৈ আহে৷ এইক্ষেত্ৰত গাঁওবাসী একত্ৰিত হৈ গাড়ী আবদ্ধ নকৰিলে চুৰি গৰু কঢ়িওৱা গাড়ী কৰায়ত্ত কৰাটো সম্ভৱ নহয়৷ এইক্ষেত্ৰত পুলিচ প্ৰশাসন আৰু গাঁওবাসী একত্ৰিত হ’লে গৰু চুৰিৰ চক্ৰ কৰায়ত্ত কৰিব পৰা যাব৷ এই গৰু চুৰিৰ চক্ৰৰ বৃহৎ নেটৱৰ্ক থকাৰ লগতে চক্ৰটোৰ লগত বহুকেইজন মেনেজ মাস্তাৰ জড়িত হৈ আছে যাৰ পৰিপ্ৰেক্ষিতত গৰুভত্তিৰ্ গাড়ীৰ গৰুসমূহ বেচা-কিনা ৰছিদপৰ্যন্ত মেনেজ হৈ যায় বুলি জানিব পৰা গৈছে৷ বহুলোকে গৰু-ছাগলীৰ কিনা-বেচা ব্যৱসায় কৰি পৰিয়াল পোহপাল দি আছে৷ এইসকলৰ ব্যৱসায় কৰাৰ উপৰিও এই চুৰি চক্ৰটোৱে বেচা-কিনা ৰছিদ মেনেজ কৰি চুৰি গৰুকে ব্যৱসায়ী গৰুলৈ ৰূপান্তৰ কৰি মেঘালয়, মণিপুৰৰ লগতে ৰাজ্যৰ ভিতৰে-বাহিৰে গৰুৰ ব্যৱসায় চলাই আছে৷ এইক্ষেত্ৰত দিনৰ ভাগতে গৰুসমূহ ৰাষ্ট্ৰীয় ঘাইপথেৰে পাৰ কৰি নিলেও কিনা-বেচা ৰছিদ থকাৰ বাবেই এই গৰু ব্যৱসায়িক গৰু বুলি উপস্থাপন কৰিবলৈ সক্ষম হয়৷ এতিয়া কথা হ’ল এই ব্যৱসায় চক্ৰটোৰ প্ৰকৃততে ক’ৰ পৰা আৰম্ভ হৈছে, ইয়াৰ মাষ্টাৰমাইণ্ড কোন, এই গোটেই বিষয়টো বাহিৰ কৰাটো অতি কঠিন কাম যদিও সমগ্ৰ ৰাজ্যত হোৱা গৰু চুৰিৰ ঘটনাৰক্ষেত্ৰত গাঁওবাসী আৰু আৰক্ষী যুটীয়া বৈঠকৰ জৰিয়তে কৌশল প্ৰয়োগ কৰিলেই গৰু চুৰিৰ বৃহৎ চক্ৰ ধৰা পৰিব৷ নহ’লে অতি দৰিদ্ৰ পৰিয়ালসমূহে গৰু পুঁহি গাখীৰ উৎপাদন কৰি বা হাল বা খেতি কৰি পৰিয়াল পোহপাল দি আহিছে যদিও গৰু চোৰৰ বৃহৎ চক্ৰৰ কৱলত পৰি বহুলোক দৰিদ্ৰতাৰ কৰাল গ্ৰাসলৈ গতি কৰিছে৷