Logo
image

ভাষাৰ পিছত ভেটিও সংকটত

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ এটা এটাকৈ সম্পদ কাঢ়ি নি অসমক কেন্দ্ৰীয় চৰকাৰে লুণ্ঠন কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷ অসমৰ অৱশিষ্ট সম্পদসমূহলৈও হাতোৰা মেলা নৰেন্দ্ৰ মোদীৰ চৰকাৰক ৰঙা দলিচা পাৰি দিছে ৰাজ্যৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰে৷ ২০১৪ চনলৈকে অহা বাংলাদেশীক নাগৰিকত্ব দি অসমক দ্বিতীয় বাংলাদেশলৈ পৰ্যবসিত কৰোৱাৰ বাবে অসমবাসীৰ তীব্ৰ আপত্তি সত্ত্বেও অসমত ‘কা’ জাপি দিব খোজা বিজেপি চৰকাৰে গুৱাহাটীৰ বৰঝাৰৰ বিমানবন্দৰ আদানিৰ হাতত গতাই দিয়াৰ পাছত নগাঁও আৰু কাছাৰ কাগজ কল দুটাও পানীৰ দৰত বিক্ৰী কৰিবলৈ উঠি পৰি লাগিছে৷ ইপিনে জাতি, মাটি আৰু ভেটি ৰক্ষাৰ শ্লোগান আওৰোৱা বিজেপি মিত্ৰজোঁটৰ চৰকাৰে অসমীয়া ভাষাৰ ওপৰত বাৰে বাৰে পদাঘাত কৰিছে৷ এপিএছচিৰ পৰাও অসমীয়া ভাষা প্ৰত্যাহাৰ কৰি অসমীয়া নজনা প্ৰশাসনিক বিষয়াৰ নিযুক্তিৰ পথ প্ৰশস্ত কৰিলে বিজেপি চৰকাৰে৷ সমষ্টিয়ে সমষ্টিয়ে চিবিএছই পাঠ্যক্ৰমৰ ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় স্থাপনৰ কাম আৰম্ভ কৰাৰ উপৰি নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ অসমীয়া ভাষাক সংকুচিত কৰি ইংৰাজীক স্থান দিয়াৰ বাবে সাজু হোৱা বিজেপি চৰকাৰে ৰাষ্ট্ৰ প্ৰীতিৰ দোহাই দি এইবাৰ অসমীয়া মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত বহিঃৰাজ্যৰ হিন্দীভাষী প্ৰাৰ্থীক নিযুক্তি দিলে৷ কেৱল প্ৰাথমিক বিদ্যালয়েই নহয়, মহাবিদ্যালয়তো বহিঃৰাজ্যৰ প্ৰাৰ্থীক অধ্যাপকৰ পদত নিযুক্তি দিয়া চৰকাৰখনে ৰাইজৰ প্ৰতিক্ৰিয়াৰ পাছতেই আন্তৰিকতাহীনভাৱে দুখ প্ৰকাশ কৰি ঘঁৰিয়ালৰ চকুপানী টুকিছে৷ বিজেপি চৰকাৰৰ নাটকৰ অন্ত নাই৷ ভাষাৰ পাছতেই অসমীয়াৰ শেষ সম্বল ভেটিলৈও সংকট নমাই আনিলে মোদী চৰকাৰ৷ অসমৰ ৰাইজক অন্ধকাৰত ৰাখি নৰেন্দ্ৰ মোদী চৰকাৰে ৰে’লৱেৰ অধীনৰ গুৱাহাটীৰ মাজ-মাজিয়াত থকা ৫৮ বিঘা ভূমি বিক্ৰী কৰি দিলে ৩জন অনা-অসমীয়া ব্যৱসায়ীক৷ অসম চৰকাৰৰ সম্পূৰ্ণ সন্মতি সাপেক্ষ অসমৰ এই বৃহৎ ভূমিখিনি লীজত দিয়াৰ নামত বণিক গোষ্ঠীক কাৰ্যতঃ বিক্ৰী কৰি দিলে মোদী চৰকাৰে৷ ৰে’ল বিভাগৰ অধীনস্থ গুৱাহাটী চি কে আগৰৱালা পথৰ বৃহৎ খালী মাটিৰ লগতে বাৰোৱাৰীৰ ৰে’লৱে কলনীত থকা মুঠ ১৮বিঘা মাটি উপৰি পল্টন বজাৰ ৰে’লৱে ষ্টেচনৰ সমীপত থকা আন ৪০বিঘা মাটি বণিক গোষ্ঠীটোক ১০০ কোটি টকাৰ বিনিময়ত ৯৯ বছৰলৈ লীজত দিয়ে৷ এইখিনি চৰকাৰী মাটি লীজত দিয়ে অনা-অসমীয়া ব্যৱসায়ী ঋষি গুপ্তা, উত্তম বেৰিয়া আৰু অৰুণ বাজাজক৷ ইতিমধ্যে এই তিনি ব্যৱসায়ীয়ে ৰে’লৱেৰ ভূমিত ইতিমধ্যে নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে৷ এই ভূমিত বাণিজ্যিক কমপ্লেক্স নিৰ্মাণ কৰিবলৈ সাজু হৈছে ব্যৱসায়ী চক্ৰটো৷ পল্টন বজাৰ ৰে’লৱে কলনীৰ কোৱাৰ্টাৰ ভাঙি  নিৰ্মাণকাৰ্যৰ প্ৰাৰম্ভিক পৰ্যায় আৰম্ভ কৰি দিছে ব্যৱসায়ী চক্ৰটোৱে৷ দুৰ্ভাগ্যজনকভাৱে এই মাটিখিনি বিক্ৰী কৰাৰ বিষয়ে অসমৰ ৰাইজক ঘুণাক্ষৰেও জানিবলৈ নিদিলে কেন্দ্ৰীয় চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰে৷ এই অসমবিৰোধী কাৰ্য সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনতে আৰম্ভ হৈছিল যদিও বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ গঠন হোৱাৰ পাছতে এই প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে বিজেপি চৰকাৰখনে৷ এই চৰকাৰী মাটি লীজত লোৱা তিনি ব্যৱসায়ীয়ে গুৱাহাটী ক্লাবৰ মাটিৰ বাবে ২২ কোটি আৰু পল্টন বজাৰৰ ৪০ বিঘা মাটিৰ বাবদ ৭৫ কোটি টকা আদায় দিয়া বুলি জানিব পৰা গৈছে৷ শ শ কোটি টকাৰ মূল্যৰ এই মাটিখিনিত অসম চৰকাৰে বিভিন্ন আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ সুযোগ আছিল যদিও সেই সুযোগ লোৱাৰ পৰিৱৰ্তে বণিক গোষ্ঠীকহে বিক্ৰী কৰাত গুৰুত্ব দিলে বিজেপি চৰকাৰে৷ অসমৰ ক্ষুব্ধ ৰাইজৰ প্ৰশ্ন– ভাষা, মাটি, বিমানবন্দৰ, কাগজ কলৰ পাছত এইবাৰ অসমৰ ৰাইজৰ পৰা কি কাঢ়ি নিব নৰেন্দ্ৰ মোদী চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে৷