Logo
image

বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ দেহাৱসান

আমাৰ অসম, ১৯ অক্টোবৰঃ বিশিষ্ট অৰ্থনীতিবিদ ড০ জয়ন্ত মাধৱৰ দেহাৱসান। সোমবাৰে নিশা ৯১ বছৰ বয়সত মৃত্যু হয় মুখ্যমন্ত্ৰীৰ প্ৰাক্তন উপদেষ্টা ড০ জয়ন্ত মাধৱৰ। গুৱাহাটীৰ এখন ব্যক্তিগত চিকিসালত শেষ নিশ্বাহ ত্যাগ কৰে প্ৰবীণ অৰ্থনীতিবিদ গৰাকীয়ে। তেখেত এছিয়ান উন্নয়ন বেংক(ADB)ৰ ডাইৰেক্টৰ আৰু নেডফি(NEDFi)ৰ অধক্ষ্য হিচাবেও কাৰ্য্যনিৰ্বাহ কৰিছিল। তেখেতে ২০০৩-২০০৯ চনলৈকে অসম চৰকাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মুখ্যমন্ত্ৰী উপদেষ্টা হিচাবে কাৰ্য্যনিৰ্বাহ কৰিছিল।