Logo
image

আজি মুম্বাইত ফাৰহান আখতাৰ আৰু শিৱানীৰ বিয়া

আমাৰ অসম, ১৯ ফেব্ৰুৱাৰীঃ ১৯ ফেব্ৰুৱাৰীত বিয়াত বহিব বলীউডৰ অভিনেতা, কণ্ঠশিল্পী, পৰিচালক-প্ৰযোজক ফাৰহান আখতাৰ আৰু প্ৰেমিকা শিৱানী ডাণ্ডেকাৰে৷ শিৱানী ডাণ্ডেকাৰ হৈছে ভাৰতীয় মূলৰ অষ্ট্ৰেলিয়ান অভিনেত্ৰী-কণ্ঠশিল্পী-মডেল৷ দুয়োৰে বিয়াক লৈ আগৰে পৰাই অনুৰাগীসকল উৎসাহী হৈ আছে৷ গতিকে অৱশেষত দুয়ো বিয়াত বহাৰ সময় আহি পৰাত অনুৰাগীসকল আনন্দিত হৈ পৰিছে৷ ১৭ ফেব্ৰুৱাৰীত দুয়োৰে মেহেন্দী অনুষ্ঠান সম্পন্ন হয়৷ খাণ্ডালাৰ বিলাসী ফাৰ্ম হাউছত হ’বলগীয়া বিয়াখন ইছলামৰ নিকাহ বা হিন্দুৰ বিয়াৰ ৰীতিৰে অনুষ্ঠিত নহয়৷ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খান আৰু হৃতিক ৰোশনকো বিয়ালৈ মতা হৈছে৷ কিন্তু অভ্যাগতৰ সংখ্যা ৫০জনতকৈ অধিক নহ’ব৷ ফাৰহান-শিৱানীৰ বিয়াত নিমন্ত্ৰিত আন আন অতিথিৰ অন্যতম হ’ব মিয়াং চেং, গৌৰৱ কাপুৰ, মণিকা ডোগ্ৰা, সমীৰ কোচাৰ, ৰিতেশ সিধৱানী, ৰিয়া চক্ৰৱৰ্তী আদি৷ অৱশ্যে শ্বাহৰুখ আৰু হৃতিক আহিবনে নাই, সেয়া স্পষ্ট হোৱা নাই৷