Logo
image

পৌৰভোটত ‘ৱাক অভাৰ’ কিয়? প্ৰশ্ন শুনি অগ্নিশৰ্মা ৰিপুণ

আমাৰ অসম, ২১ ফেব্ৰুৱাৰীঃ ‘পৌৰ ভোটত বিজেপিক ৱাক অভাৰ কিয়’– সাংবাদিকৰ এই প্ৰশ্ন শুনি খঙত অগ্নিশৰ্মা হৈ পৰিল প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰা৷ লক্ষণীয় যে দেওবাৰে ৰিপুণ বৰাৰ গৃহ সমষ্টি গহপুৰৰ ১০টা ৱাৰ্ডৰ ভিতৰত কিয় মাত্ৰ চাৰিটাহে কংগ্ৰেছ দল প্ৰাৰ্থিত্ব দিলে–এই সন্দৰ্ভত সাংবাদিকে প্ৰশ্ন কৰিছিল৷ সাংবাদিকৰ এই প্ৰশ্নত খঙত টিঙৰি তুলা হৈ ৰিপুণ বৰাই ওলোটাই সাংবাদিককহে গালি পাৰিবলৈ লাগে৷ সাংবাদিকক বিজেপিৰ এজেণ্ট হৈ কাম কৰিব নালাগে বুলি নীতি শিক্ষা দি ৰিপুণ বৰাই ক’লে–‘আপুনি বিজেপিৰ এজেণ্ট হিচাপে কাম নকৰিব৷ আপুনি সাংবাদিক হিচাপে   কাম কৰিব৷ আমি ইচ্ছা কৰি কৌশলগত কাৰণত চাৰিটাত দিছো৷ এয়া আমাৰ দুৰ্বলতা নহয়৷ বন্ধ কৰক এইবোৰ৷ মই  নিৰ্বাচন প্ৰচাৰ চলাবলৈ আহিব লাগে বুলি কথা নাই নহয়৷ আপোনালোকে এনেদৰে নিগেটিভ পাব্লিচিটি নকৰিব৷ আপোনালোকে প্ৰ’ভক কৰি কিয় কথা সুধিছে৷ টানকৈ সুধিব নালাগে৷ সাংবাদিকৰ লগত কেনেকৈ ডীল কৰিব লাগে মই জানো৷ ইণ্টাৰনেশ্বনেল, দিল্লীত কিমান সাংবাদিকৰ লগত মই ডীল কৰিছো৷ চিধাই আপুনি সুধিছে কিয় টিকট দিব নোৱাৰিলে৷ সেইটো আমাৰ পাৰ্টীৰ কথা৷ আমি কেইটাত টিকট দিও সেয়া পাৰ্টীয়ে ঠিক কৰিব৷ আমি কৌশলগত কাৰণত টিকট দিয়া নাই৷ এনেধৰণৰ কথা সুধি আপোনালোকে ৰিলেচন বেয়া নকৰিব৷ মই সাংবাদিকৰ লগত ভাল ৰিলেচন বিচাৰো৷ আমি গহপুৰৰ যি চাৰিটা ৱাৰ্ডত প্ৰাৰ্থিত্ব দিছো, সেই চাৰিটাতে জয়লাভ কৰাটো নিশ্চিত৷ ঘৰৰ পৰা কোনোবাই ফেইল কৰিম বুলি পৰীক্ষা দিবলৈ যায় নেকি৷ ফুটবল খেলাৰ টীমটোৱে আগতেই হাৰিম বুলি ভাবি খেলিবলৈ যায় নেকি৷ আমাৰ জিকিম বুলি দৃঢ় বিশ্বাস আছে আৰু নিৰ্বাচনত আমি সদায় জিকিম বুলিয়েই ভাবো৷ মাজুলী বিধানসভাৰ আসনখন এজেপিক এৰি দিয়াটো দলৰ সিদ্ধান্ত৷ এই সিদ্ধান্তৰ মই বিৰোধিতা নকৰো৷ বৰ্তমান মই দলৰ বিহাৰৰ দায়িত্বত আছো৷ যদিহে সময় উলিয়াব পাৰো তেন্তে মাজুলীতো প্ৰচাৰ চলাবলৈ যাম৷ ২৬১ বিধানসভাৰ নিৰ্বাচনলৈ চাৰি বছৰ আছে৷ এতিয়াই সেই বিষয়ে আলোচনা কৰাৰ সময় হোৱা  নাই৷’ লক্ষণীয় যে ৰাজ্যৰ পৌৰ সভাৰ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৯৭৭খন পৌৰ ৱাৰ্ডৰ ভিতৰত ৬০খনতে বিজেপি তথা মিত্ৰজোঁটৰ প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ কংগ্ৰেছ তথা বিৰোধীৰ প্ৰাৰ্থী শূন্য হোৱাৰ বাবেই বিজেপিয়ে উত্তৰ গুৱাহাটী, লামডিং, চতিয়া পৌৰসভাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় সাব্যস্ত কৰিছে৷ উত্তৰ গুৱাহাটীৰ ১০টা ৱাৰ্ডৰ ভিতৰত জ্জটাতে নিৰ্বাচন নোহোৱাকৈয়ে বিজেপি জয়ী হৈছে৷ লামডিঙতো ১৩ খনৰ ভিতৰত ৭ খনত, বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে৷ বৰপেটাৰোড, গোলকগঞ্জ, ছপটগ্ৰাম, গোৱালপাৰা, হোজাই, তেজপুৰ, জামগুৰিহাট আদিতো প্ৰতিদ্বন্দ্বী নোহোৱাত যুঁজ নকৰাকৈয়ে জয়ী হৈছে বিজেপি প্ৰাৰ্থী৷ এনে প্ৰেক্ষাপটত স্বাভাৱিকতে প্ৰশ্ন উঠিছে–‘শতবছৰীয়া প্ৰাচীন দলে কংগ্ৰেছে পৌৰ সভাত ৱাক অভাৰ দিলে নেকি বিজেপিক৷’

ৰণভূমিৰ পৰা ছত্ৰভংগ দিছে কংগ্ৰেছেঃ বিজেপি

‘আমাৰ অসমঃ পৌৰসভা নিৰ্বাচন অনুষ্ঠিত হোৱা ৯৭৭খন পৌৰ ৱাৰ্ডৰ ভিতৰত ৬০ খনত বিজেপি আৰু মিত্ৰদলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে৷ লগতে উত্তৰ গুৱাহাটী, লামডিং আৰু চতিয়া পৌৰসভা গঠন কৰিব পৰাকৈ বিজেপি প্ৰাৰ্থীয়ে বিজয় সাব্যস্ত কৰিছে৷ উত্তৰ গুৱাহাটী পৌৰসভাৰ দহখন ৱাৰ্ডৰ ভিতৰত সাতখনত, লামডিঙত তেৰখনৰ ভিতৰত সাতখনত আৰু চতিয়া পৌৰসভাত দহখনৰ ভিতৰত সাতখনত বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজেপি প্ৰাৰ্থী বিজয়ী হৈ পৌৰসভা গঠন কৰিব পৰাকৈ সংখ্যাগৰিষ্ঠতা অৰ্জন কৰিছে৷ উল্লেখ্য, বিজেপিয়ে মুঠ ৮৮৩খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মিত্ৰদলৰ প্ৰাৰ্থীয়ে ৯২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছে৷ গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত দলৰ মুখ্য কাৰ্যালয়ৰ অটল বিহাৰী বাজপেয়ী ভৱনত বিজেপিৰ ৰাজ্যিক মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই এই তথ্যখিনি সদৰী কৰিছে৷ তেওঁ লগতে কয় যে উত্তৰ গুৱাহাটী, চতিয়া আৰু লামডিং পৌৰসভা বিজেপি দলে বিনা প্ৰতিদ্বন্দ্বিতাৰে ইতিমধ্যে গঠন কৰিবলৈ সক্ষম হোৱাৰ ঘটনাই ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দল ক্ৰমান্বয়ে অপ্ৰাসংগিক হৈ পৰাকে সূচায়৷ উল্লেখ্য, যিকেইখন ৱাৰ্ডত কংগ্ৰেছ দলে প্ৰাৰ্থী থিয় কৰাইছে, সেইকেইখনৰো অধিকাংশ প্ৰাৰ্থীৰ যুঁজৰ মানসিকতা ৰাজনৈতিক ক্ষেত্ৰখনত পৰিলক্ষিত হোৱা নাই৷ ফলত বিৰোধী দলটোৱে নিৰ্বাচনী ৰণভূমিৰ পৰাই পলাই-পত্ৰং দিয়া দেখা গৈছে বুলি উল্লেখ কৰি শৰ্মাই লগতে কয় যে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই নিজৰ গৃহ সমষ্টি গহপুৰ পৌৰসভাৰ দহটা ৱাৰ্ডতে প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে দলীয় কৰ্মী বিচাৰি নাপালে৷ ফলত তিনিটাত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হৈছে৷ ঠিক একেদৰে নিজকে কংগ্ৰেছৰ প্ৰবল প্ৰতাপী নেতা বুলি ভবা ৰকিবুল হুছেইনেও নগাঁও পৌৰসভাৰ তিনিটা ৱাৰ্ডত প্ৰাৰ্থী বিচাৰিয়েই নাপালে৷ এই তথ্যসমূহে স্পষ্ট কৰে যে নিৰ্বাচনী ৰণাংগনত যুঁজ কৰাৰ মানসিকতা, গণশক্তি তথা গণভিত্তি সকলো কংগ্ৰেছ দলে ইতিমধ্যে হেৰুৱাই পেলাইছে৷ আনহাতে, কংগ্ৰেছৰ আঁচলত লুকাই থকা লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদক পৌৰসভা নিৰ্বাচনী ৰণভূমিৰ কতোৱেই বিচাৰি পাবলৈ নাই বুলি কয় শৰ্মাই৷ আনহাতে, ৰাইজৰ দলে শিৱসাগৰত কেইজনমান প্ৰাৰ্থী থিয় কৰাই পৌৰসভা নিৰ্বাচনত নিজৰ উপস্থিতি দেখুৱাবলৈ এক ব্যৰ্থ প্ৰয়াস কৰা দেখা গৈছে বুলি বিজেপিৰ ৰাজ্যিক মুখপাত্ৰজনে কয়৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰে চহৰ অঞ্চলসমূহত ক্ষিপ্ৰতাৰে ৰূপায়ণ কৰা উন্নয়নমূলক আৰু কল্যাণকামী আঁচনিসমূহৰ বাবেই জনসাধাৰণৰ দৰবাৰত বিজেপিৰ গ্ৰহণযোগ্যতা ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ ফলত ৰাজনৈতিকভাৱে জনসাধাৰণৰ ওচৰত বিৰোধী দলসমূহ অস্তিত্বহীন হৈ পৰিছে৷ এনে কাৰণতেই কেৱল উন্নয়নৰ স্বাৰ্থত ৰাজ্যৰ চহৰাঞ্চলৰ বাসিন্দাই বিজেপিৰ নেতৃত্বত হিলদল ভাঙি পৌৰসভাসমূহ গঠন কৰিবলৈ ইতিমধ্যে মনস্থ কৰা বুলি দলটোৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই মন্তব্য কৰে৷

টিহুত এজনো নাই কংগ্ৰেছৰ প্ৰাৰ্থী 

আমাৰ অসমঃ সমাগত পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি টিহু নগৰৰ ৰাজনৈতিক বতাহ ক্ৰমাৎ গৰম হৈ পৰিছে৷ আজি টিহু পৌৰসভাৰ দহটা ৱাৰ্ডত ৰাজনৈতিক দল আৰু নিৰ্দলীয়সহ মুঠ ২৮ গৰাকী প্ৰাৰ্থীৰ নাম প্ৰতীকসহ ঘোষণা কৰা হৈছে৷ ইয়াৰ ভিতৰত শাসকীয় বিজেপিৰ আঠ গৰাকী, অগপৰ দুগৰাকী, বিৰোধী দল চিপি আই [এম]ৰ দুগৰাকী প্ৰাৰ্থীৰ বিপৰীতে বাকী কেইগৰাকী নিৰ্দলীয় প্ৰাৰ্থী৷ এই অনুসৰি এক নম্বৰ ৱাৰ্ডত ড॰ সুৰজিৎ বৰ্মন [অগপ], কুলেশ চন্দ্ৰ শৰ্মা [চিপিআই[এম], দুই নম্বৰ ৱাৰ্ডত হিমানী মজুমদাৰ [বিজেপি], দিব্যাঞ্জলী ঠাকুৰীয়া [নিৰ্দলীয়], তিনি নম্বৰ ৱাৰ্ডত বৰ্ণালী দাস [বিজেপি], বিমলা দাস [নিৰ্দলীয়], চাৰি নম্বৰ ৱাৰ্ডত দুলাল চন্দ্ৰ দাস [বিজেপি], দিগন্ত তালুকদাৰ [ নিৰ্দলীয়], মানৱ কলিতা [নিৰ্দলীয়], পাঁচ নম্বৰ ৱাৰ্ডত জিণ্টী বেজবৰুৱা [বিজেপি], কৃষ্ণ কলিতা [নিৰ্দলীয়], নৱজিৎ বৰ্মন [ নিৰ্দলীয়], ৰমেন ৰাজবংশী  [ নিৰ্দলীয়], হৰেন কলিতা [ নিৰ্দলীয়], ছয় নম্বৰ ৱাৰ্ডত ইভা দাস [অগপ], মণিকা কলিতা পাঠক [চিপি আই এম ], চম্পা পাঠক [নিৰ্দলীয়], দীপাৰাণী কলিতা দাস [নিৰ্দলীয়], হীৰামনি নাথ [নিৰ্দলীয়], সাত নম্বৰ ৱাৰ্ডত বিজুলী বৈশ্য [বিজেপি], বিতু বৈশ্য [নিৰ্দলীয়], আঠ নম্বৰ ৱাৰ্ডত অপূৰ্ব দাস [বিজেপি], প্ৰদীপ ডেকা [নিৰ্দলীয়], ন নম্বৰ ৱাৰ্ডত ভনীতা ডেকা পাঠক [বিজেপি], জ্যোৎস্না হালৈ [নিৰ্দলীয়],  গীতাঞ্জলী দাস [নিৰ্দলীয়] আৰু দহ নম্বৰ ৱাৰ্ডত লক্ষ্মণ দাস [বিজেপি], দিলীপ কুমাৰ দাসে [নিৰ্দলীয়] প্ৰাৰ্থিত্ব আগবঢ়াইছে৷ উল্লেখ্য যে বিৰোধী কংগ্ৰেছ দলে টিহু পৌৰসভাৰ দহটা ৱাৰ্ডৰ এটা ৱাৰ্ডতো প্ৰাৰ্থী আগবঢ়োৱা পৰিলক্ষিত হোৱা নাই৷

 বিশ্বনাথত কংগ্ৰেছৰ সমৰ্থন লৈয়ো থমকি ৰৈছে বহু প্ৰাক্তন কংগ্ৰেছী

‘আমাৰ অসমঃ পৌৰসভাৰ নিৰ্বাচনক লৈ ৰাজ্যত অব্যাহত আছে গৰম বতাহ৷ প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ দলৰ প্ৰাৰ্থীক বিজয় কৰাবলৈ গ্ৰহণ কৰিছে বিভিন্ন কৌশল৷ তাৰ সমান্তৰালভাৱে বিশ্বনাথতো পৌৰসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কুচ-কাৱাজ চলিছে৷  আৰম্ভ হৈছে বিভিন্ন বাদ- বিবাদ, দলৰ মাজত অৰিয়া-অৰি৷ তাৰ মাজতে বিশ্বনাথত বিজেপি দল প্ৰচাৰত পৌৰসভা নিৰ্বাচনকলৈ আগবাঢ়ি যোৱাৰ বিপৰীতে কংগ্ৰেছ দল বহু পিছ পৰি আছে৷ বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱাৰ ৬ নং ৱাৰ্ডতে নাই কংগ্ৰেছ দলৰ নিজা প্ৰাৰ্থী৷ নিৰ্দলীয় প্ৰাৰ্থীক সমৰ্থন আগবঢ়াইয়ে দায়িত্ব সামৰিছে সভাপতিজনে৷ তাতকৈ ডাঙৰ কথা হৈছে কালি কংগ্ৰেছৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰি এক সংবাদ মেলৰ আয়োজন কৰিছে বিশ্বনাথ চাৰিআলি পৌৰ সভাৰ অন্তৰ্গত ৫নং ৱাৰ্ডৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে৷ ৫নং ৱাৰ্ডত কংগ্ৰেছে নিজৰ প্ৰাৰ্থী প্ৰদান কৰিব নোৱাৰি কিছুদিন পূৰ্বে কংগ্ৰেছ ত্যাগ কৰি নিৰ্দলীয়ভাৱে নিজৰ ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা কৰা সেবিকা ভদ্ৰা নামৰ নেত্ৰী গৰাকীকে কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী বুলি কংগ্ৰেছৰ এটা চক্ৰই অপপ্ৰচাৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে নেত্ৰী গৰাকীয়ে৷ সেবিকা ভদ্ৰাৰ মতে বিশ্বনাথত এতিয়া কংগ্ৰেছ দলৰ স্থিতি সম্পূৰ্ণ শূন্য হোৱাৰ বাবে তেওঁ নিৰ্দলীয়ভাবে বিশ্বনাথ পৌৰসভাৰ অন্তৰ্গত প্তনং ৱাৰ্ডৰ পৰা কাৰো সমৰ্থন নোলোৱাকৈয়ে অৱতীৰ্ণ হোৱাৰ কথা সংবাদ মেলযোগে জানিবলৈ দি বিশ্বনাথ কংগ্ৰেছৰ অপপ্ৰচাৰত ৱাৰ্ডৰ জনসাধাৰণক ভুল নাযাবলৈ আহ্বান জনায়৷ আনহাতে এসময়ত বিশ্বনাথ সমষ্টি কংগ্ৰেছ দলৰ দুৰ্গ হিচাপে পৰিচয় থকা সমষ্টি এটাত কংগ্ৰেছ দলে বহু ৱাৰ্ডত প্ৰাৰ্থী প্ৰদানৰ বাবে প্ৰাৰ্থী বিচাৰি নোপোৱাটো এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ ইফালে পৌৰসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থীক কংগ্ৰেছে সমৰ্থন কৰিলেও প্ৰাৰ্থীয়ে সমৰ্থন লব নিবিচৰা কাৰ্যই বিশ্বনাথ পৌৰসভা নিৰ্বাচনত কিহৰ ইংগিত প্ৰদান কৰিছে, সেয়া ৰাইজে নি(য় বুজিবলৈ বাকী নাই৷

বিশ্বনাথত ৬জন, চতিয়াত ৩জন প্ৰাৰ্থীৰ মনোনয়ন প্ৰত্যাহাৰ

আমাৰ অসমঃ   আজি মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ অন্তিম দিনটোত বিশ্বনাথ চাৰিআলি পৌৰসভাৰ পৰা ৬জন আৰু চতিয়া পৌৰসভাৰ পৰা ৩ জনে মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰিছে৷ ইয়াৰ লগে লগে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হ’ল ১৯ গৰাকী আৰু চতিয়া পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীৰ সংখ্যা হ’ল ৬ গৰাকী৷ প্ৰাপ্ত তথ্য অনুসৰি বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৰনং ৱাৰ্ডৰ প্ৰাৰ্থী জ্যোতিকা দাস[নিৰ্দলীয়], ২নং ৱাৰ্ডৰ প্ৰাৰ্থী নীতা আগৰৱাল [ভাৰতীয় জাতীয় কংগ্ৰেছ], ৪নং ৱাৰ্ডৰ প্ৰাৰ্থী ৰুলী শৰ্মা [নিৰ্দলীয়], ৬নং ৱাৰ্ডৰ প্ৰাৰ্থী দেবজিৎ শৰ্মা [নিৰ্দলীয়], জ্জনং ৱাৰ্ডৰ প্ৰাৰ্থী লাবন্য গগৈ [নিৰ্দলীয়] আৰু ১১নং ৱাৰ্ডৰ প্ৰাৰ্থী বাসন্তী গুপ্তাই[ভাৰতীয় জাতীয় কংগ্ৰেছ] মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰে৷ এনে পৰিপ্ৰেক্ষিতত এতিয়া বিশ্বনাথ চাৰিআলি পৌৰসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুঠ প্ৰাৰ্থীৰ সংখ্যা হ’ল ১৯ গৰাকী৷ উল্লেখ্য যে বিনা প্ৰতিদ্বন্দ্বিতাৰে ৩টা ৱাৰ্ডৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে বিশ্বনাথ চাৰিআলি পৌৰসভাৰ ৰনং, ৬নং, আৰু ১১নং ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত নহয় যদিও অবশ্যে পৌৰসভাখনৰ ২নং, ৩নং, ৪নং, ৫নং, ৭নং, ৮নং, ৯নং, ১০নং আৰু ১২ নং ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ আনহাতে চতিয়া পৌৰসভাৰ ২নং ৱাৰ্ডৰ বাবী বেগম [ভাৰতীয় জাতীয় কংগ্ৰেছ], ৩নং ৱাৰ্ডৰ ভাগ্যশী বৰা [ভাৰতীয় জাতীয় কংগ্ৰেছ] আৰু ৬নং ৱাৰ্ডৰ প্ৰাৰ্থী মানসী হাজৰিকাই [ভাৰতীয় জাতীয় কংগ্ৰেছ] মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰে৷ এনে পৰিপ্ৰেক্ষিতত এতিয়া চতিয়া পৌৰসভাৰ তিনিটা ৱাৰ্ড ক্ৰমে ৰনং, ৪নং আৰু ৫নং ৱাৰ্ডতহে নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু এই তিনিটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতাত অবতীৰ্ণ মুঠ প্ৰাৰ্থীৰ সংখ্যা হ’ল ৬ গৰাকী৷ উল্লেখ্য যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জ্জটা ৱাৰ্ডৰ প্ৰাৰ্থী নিৰ্বাচিত হোৱাৰ বাবে চতিয়া পৌৰসভাৰ ২নং, ৩নং, ৬নং, ৭নং, ৮নং, ৯নং আৰু ১০নং ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত নহয়৷