Logo
image

পৰ্যটকৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে মুকলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

আমাৰ অসম, ২১ অক্টোবৰঃ ২০২০-২১ পৰ্যটন বৰ্ষৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰা হয়। বুধবাৰে গোলাঘাট জিলাৰ মিহিমুখত আনুষ্ঠানিকভাৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ দ্বাৰ পৰ্যটকৰ বাবে মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, কেশৱ মহন্ত, অতুল বৰা; বিধায়ক ঋতুপৰ্ণ বৰুৱা উপস্থিত থকাৰ লগতে তেঁওলোকৰ সহিতে জীপ ছাফাৰিৰে কঁহৰা ৰেঞ্জ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সোণোৱালে। ক'ভিড-১৯ৰ যাৱতীয় চৰকাৰী নীতি-নিৰ্দেশনা মানি পৰ্যটকসকলে কাজিৰঙা ভ্ৰমণ কৰিব পাৰিব। এইক্ষেত্ৰত জীপ ছাফাৰি ২১ অক্টোবৰৰ পৰাই আৰম্ভ হ'ব আৰু নৱেম্বৰ মাহৰপৰাহে উপলব্ধ হ'ব হাতী ছাফাৰি।

https://www.facebook.com/watch/?v=2802137653388872