Logo
image

দেশী প্ৰিয়ংকাৰ বিদেশী প্ৰেমিকৰ কাহিনী

দেশী গাৰ্ল প্ৰিয়ংকাৰ বিদেশী প্ৰেমিক পপ তাৰকা নিক জোনছৰ খবৰে প্ৰায়েই সংবাদৰ শিৰোনাম দখল কৰি থাকে৷ প্ৰিয়ংকা চোপড়াতকৈ দহ বছৰে সৰু নিকে বৰ্তমান ২৮ বছৰত ভৰি দিছে৷ সম্প্ৰতি নিকৰ সম্পত্তিৰ পৰিমাণ ১৭৫ কোটি আৰু ২০০ কোটিৰো অধিক সম্পত্তিৰ মালিক প্ৰিয়ংকা চোপড়া৷ পপ তাৰকা নিকৰ জীৱনলৈ দেশী গাৰ্ল প্ৰিয়ংকা অহাৰ পূৰ্বে একাধিক নাৰীৰ মলায়ম সান্নিধ্য লাভ কৰিছিল তেওঁ৷ শেহতীয়াকৈ বাতৰি প্ৰকাশ যে প্ৰিয়ংকাৰ প্ৰেমত বন্দী হোৱাৰ লগে লগে পূৰ্বৰ প্ৰেমিকাসকলক ত্যাগ কৰিছিল আমেৰিকান পপ তাৰকাজনে৷ জীৱনৰ প্ৰথম প্ৰেমতে প্ৰেমাস্পদৰ সৈতে চুম্বনৰ অভিজ্ঞতা হৈছিল নিকৰ৷ ভাৰতীয় জোৱাই নিকৰ প্ৰথম প্ৰেম শেহতীয়াকৈ লাইমলাইটলৈ আহিছে৷ প্ৰচাৰৰ পাদ প্ৰদীপত উজ্বলি উঠিছে নিকৰ প্ৰাক্তন প্ৰেমিকাৰ দীঘলীয়া তালিকাখন৷ সঁচাকৈয়ে চেলিব্ৰিটীৰ দুনিয়াখনেই আজব৷ সচাৰচৰ দেখা যায় মানুহৰ জীৱনৰ প্ৰথম প্ৰেম বিষাদেৰে যৱনিকা পৰে, কিন্তু নিকৰ এবছৰীয়া প্ৰথম প্ৰেমে চুম্বনৰ মাজেৰে পৰিসমাপ্তি ঘটাইছিল৷ প্ৰথম প্ৰেমৰ সময়ত প্ৰেমিক নিকৰ বয়স আছিল ১৪ বছৰ৷ টিন এজাৰ নিকৰ প্ৰথম প্ৰেমৰ গৰাকী আছিল মাইলি সাইৰাছ৷ আমেৰিকান গায়িকা তথা ডিজনি তাৰকা মাইনি আছিল নিকৰ প্ৰথম প্ৰেম৷ মাইলিয়েই নিকৰ জীৱনলৈ প্ৰেমৰ সঁফুৰা লৈ অহা প্ৰথমগৰাকী নাৰী, যাক চুম্বনেৰে উপচাই পেলাইছিল৷ এটা সাক্ষাৎকাৰযোগে এই কথা প্ৰচাৰৰ আলোকলৈ আহিছে যে ৰান্ধনীঘৰৰ বাহিৰত প্ৰথম মাইলিকে চুম্বন কৰিছিল টিন এজাৰ নিকে৷ চুম্বনৰ মাজেৰেই জীৱনৰ প্ৰথম প্ৰেমৰ ইতি পৰাৰ পাছত নিকৰ জীৱনলৈ অহা দ্বিতীয়গৰাকী সুন্দৰী নাৰী হ’ল চেলিনা গোমজে৷ চেলিনাৰ সৈতেও নিকৰ সম্পৰ্ক বেছি দিন নিটিকিল৷ ২০১১ চনত অষ্টেলিয়ান গায়িকা ডেণ্টাৰ প্ৰেমত পৰিল নিক৷ এই প্ৰেম দহ মাহৰ ভিতৰতে অন্ত পৰে৷ দেখা যায় নিক প্ৰায়ে তেওঁতকৈ বয়সত ডাঙৰ সুন্দৰীৰ প্ৰেমত সঘনে পৰে৷ ডেণ্টাও আছিল নিকতকৈ চাৰি বছৰ ডাঙৰ৷ ২০১৩ চনত জনপ্ৰিয় ফেশ্বন মডেল অলিভিয়াৰ প্ৰেমত পৰি হাবু ডাবু খালে নিকে৷ অলিভিয়াৰ সৈতে নিকৰ সম্পৰ্ক ৰজি থাকিল দুবছৰহে৷ ২০১৫ চনত দুয়োৰে সম্পৰ্কত ফাট মেলে৷ চাৰিগৰাকী বিদেশী প্ৰেমিকাই নিকক প্ৰেমৰ আদিপাঠ শিকাই আঁতৰি যোৱাৰ পাছত ২০১৫ বৰ্ষত প্ৰেমৰ মদিৰা লৈ নিকৰ ওচৰলৈ আহিল দেশী গাৰ্ল প্ৰিয়ংকা৷ মিছ ৱল্ডৰ্ৰ সেই তীৰ্যক চাৱনিত তেওঁতকৈ দহ বছৰে সৰু নিক মোহচ্ছন্ন হ’ল৷ অসম পৰ্যটনৰ বেণ্ড এম্বেচাদৰ প্ৰিয়ংকাৰ প্ৰেম শৰত ধৰাশায়ী হ’ল পাপতাৰকাৰ সুকোমল হৃদয়৷ নিকৰ প্ৰেমিকাৰ তালিকা আৰু দীঘল কৰাত দেশী গাৰ্লে সুবিধা নিদিলে৷ বিবাহ পাশত আৱদ্ধ হৈ দুয়ো লছ এঞ্জেলছত এটা ৰাজপ্ৰাসাদত বসবাস কৰি আছে৷ দুয়ো বিলাসবহুল জীৱন উদযাপন কৰি ভাল পায়৷ কিছুদিন পূৰ্বে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল যে প্ৰিয়ংকা অন্তঃসত্ত্বা৷ ভাৰতীয় জোৱাই নিক পিতৃ হ’বলৈ ওলাইছে৷ ছ’চিয়েল মিডিয়াই কেতিয়াবা গুজব সৃষ্টি কৰিলেও মাজে মাজে ডাঁৰৰ বাতৰি ডাঁৰে দি সঁচা কথাও কয়৷