Logo
image

কৰ’নাত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা

আমাৰ অসম, ২১ অক্টোবৰঃ কৰ’নাত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা। বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে বুঢ়াসত্ৰীয়াগৰাকীক। ৰাজ্যজুৰি আশুআৰোগ্য কামনা কৰা হৈছে কৰ’নাত আক্ৰান্ত হোৱা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ। বিগত মাহত অসম চৰকাৰৰ শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰা হৈছিল বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীক।