Logo
image

গণেশগুৰিত নৱনির্মিত উৰণীয়া সেতুৰ অনুষ্ঠানিক শুভ উদ্বোধন

আমাৰ অসম, ২২ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ ক্ষণত ৰাজ্যৰ আন্তঃগাঁথনি নিৰ্মাণত এক গুৰুত্বপূৰ্ণ সংযোজন। বৃহস্পতিবাৰে গুৱাহাটীৰ গণেশগুৰিত নৱনির্মিত উৰণীয়া সেতুখনৰ অনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ক’ভিড-১৯ৰ সংক্ৰমণে সৃষ্টি কৰা প্ৰতিকূল পৰিস্থিতিৰ মাজতো ৫৪.৭৪ কোটি টকা ব্যয়েৰে নিৰ্ধাৰিত সময়তকৈ অতি কম সময়ৰ ভিতৰতে নিৰ্মিত ৪২৫.৫০ মিটাৰ দৈৰ্ঘ্যৰ উৰণীয়া সেতুখনে গুৱাহাটী মহানগৰৰ যান-জঁটৰ সমস্যা হ্ৰাস কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। নৱনিৰ্মিত উৰণীয়া সেতুৰ মাংগলিক শুভ উদ্ধোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিত্ত, স্বাস্থ্য, শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, আইন আৰু গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্ৰাচাৰ্য্য, লোক নিৰ্মাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী যোগেন মোহন উপস্থিত থাকে। অনুষ্ঠানত আগন্তুক সময়ত গুৱাহাটীৰ বাসিন্দাসকলৰ সহযোগত মহানগৰীৰ অট্টালিকাসমূহৰ বাবে নিৰ্দিষ্ট ৰঙৰ বাছনি কৰিবলৈও প্ৰস্তাৱ আগবঢ়াই মুখ্যমন্ত্ৰী সোণোৱালে। ভাষণ প্ৰসংগত লগতে তেঁও কয়, গুৱাহাটী হৈছে অসমৰ হৃদস্পন্দনস্বৰূপ। গুৱাহাটী মহানগৰীয়ে ৰাজ্যখনৰ শক্তিক বিশ্বৰ সন্মুখত দাঙি ধৰিছে আৰু দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হোৱাৰ দিশত ক্ৰমে দ্ৰুতগতিত আগবাঢ়িছে।