Logo
image

১৫ নে ২০ টকা? কিমান বাঢ়িব পেট্ৰ’ল-ডিজেলৰ দাম

আজি দেশজুৰি ভোটগ্ৰহণৰ ওৰ

আমাৰ অসম, ৭ মাৰ্চঃ সোমবাৰে উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দ্বাৰাই কাৰ্যতঃ সমাপ্ত হ’ব দেশৰ পাঁচ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনী প্ৰক্ৰিয়া৷ ইতিমধ্যে পঞ্জাৱ, মণিপুৰ, উত্তৰাখণ্ড, গোৱাত কেইবাটাও পৰ্যায়ত ভোটগ্ৰহণ প্ৰক্ৰিয়া সমাপ্ত হৈছে৷  ১০ মাৰ্চত দেশৰ ৫ ৰাজ্যৰ লগতে অসমৰো মাজুলী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব৷ কাজেই দেশৰ ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন অন্ত পৰিলেই পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পাব বুলি চৰ্চা অব্যাহত আছিল৷ সন্মুখত দেশৰ ৫ ৰাজ্যৰ নিৰ্বাচন থকাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নৱেম্বৰৰ পৰা বৃদ্ধি কৰা নাছিল পেট্ৰ’ল-ডিজেলৰ মূল্য৷ ভোটৰ অংকত ৪ নৱেম্বৰত প্ৰতিলিটাৰ পেট্ৰ’লত ৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ১০ টকা আবকাৰী শুল্ক হ্ৰাস কৰিছিল কেন্দ্ৰীয় চৰকাৰে৷ একপ্ৰকাৰে ৫ ৰাজ্যৰ নিৰ্বাচন শেষ হ’লেই দেশত পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বঢ়াটো অৱশ্যম্ভাৱী আছিল৷ ইয়াৰ মাজতে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১১৬ ডলাৰলৈ বৃদ্ধি পালে৷ এনে প্ৰেক্ষাপটে যেন জ্বলা জুইত ঘিউহে ঢালিলে৷ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ দেশৰ তেল কোম্পানীসমূহে ৰাজসাহায্য বিহীন বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্য  ১০৫ টকা বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত বাণিজ্যিক ছিলিণ্ডাৰৰ মূল্যই ২০০০ টকাৰ সীমা অতিক্ৰম কৰিছে৷ দেশৰ পেট্ৰ’লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পোৱাৰ ফলত দেশত পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে৷  এইখিনিতে প্ৰশ্ন উঠিছে– কিমান টকালৈ বৃদ্ধি পাব পাৰে পেট্ৰ’ল-ডিজেলৰ দাম? ১৫-২০ টকা, কিমান বাঢ়িব পেট্ৰ’ল-ডিজেলৰ  দাম– এই সন্দৰ্ভত দিল্লী পেট্ৰ’লিয়াম এছ’চিয়েশ্বনৰ প্ৰাক্তন সভাপতি নিচ্ছল সিং ঘানীয়াই আশংকা কৰে যে প্ৰতি লিটাৰ পেট্ৰ’ল-ডিজেলত ২০-২৫ টকা পৰ্যন্ত বৃদ্ধি পাব পাৰে দাম৷  ইয়াৰ যুক্তি তেওঁ দাঙি ধৰিছে এনেদৰে– ‘২০১৩-১৪ চনত প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১১০ ডলাৰৰ আশে-পাশে আছিল৷ তেতিয়াৰ পৰিস্থিতি আৰু এতিয়াৰ পৰিস্থিতিৰ মাজত যথেষ্ট পাৰ্থক্য আছে৷ তেতিয়া প্ৰতিলিটাৰ পেট্ৰ’লত কেন্দ্ৰীয় চৰকাৰৰ আবকাৰী শুল্ক আছিল ৯  টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ আবকাৰী শুল্ক আছিল ৩.৫ টকা৷  আজি প্ৰতি লিটাৰ পেট্ৰ’লত কেন্দ্ৰীয় আবকাৰী শুল্ক ২৮ টকা আৰু ডিজেলত ২১.৮০ টকা আৰোপিত হৈ আছে৷ সেই হিচাপে ২০১৩-১৪ চনৰ তুলনাত পেট্ৰ’ল-ডিজেলৰ আবকাৰী শুল্ক কেন্দ্ৰীয় চৰকাৰে ১৮-১৯ টকা পৰ্যন্ত বৃদ্ধি কৰিলে৷  যোৱা ৪ নৱেম্বৰৰ পৰা আজিলৈকে পেট্ৰ’ল-ডিজেলৰ মূল্যৰ কোনো সাল-সলনি হোৱা নাই৷ ৪ নৱেম্বৰত খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত আছিল ৮২ ডলাৰ৷ ৮২ ডলাৰৰ পৰা আজি প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ১১৬ টকা হ’লগৈ৷ অৰ্থাৎ প্ৰতি বেৰেল তেলৰ দাম নৱেম্বৰৰ তুলনাত ৩৪ ডলাৰ বৃদ্ধি পালে৷  ডলাৰৰ মূল্য টকাৰ সৈতে তুলনা কৰিলে সেই হিচাপে প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ দাম ২৫ টকালৈ বৃদ্ধি হ’ব পাৰে৷ অৱশ্যে এই মূল্য নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ হাতত বিকল্প আছে৷ সেয়া হৈছে কেন্দ্ৰীয় আবকাৰী শুল্ক হ্ৰাস কৰা৷  কিয়নো ২০১৩-১৪ৰ তুলনাত ১৮ৰ পৰা ১৯ টকা আবকাৰী শুল্ক বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে৷ ইয়াৰ তুলনাত ৰাজ্য চৰকাৰসমূহে পেট্ৰ’লত আৰোপ কৰা ভেট ৫ৰ পৰা ৬ টকাহে বৃদ্ধি কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত  পেট্ৰ’লৰ দামৰ হ্ৰাস-বৃদ্ধিৰ ওপৰত লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে ২০১৭ চনত এক প্ৰাইচমেকামিজিম বলৱৎ কৰিছিল৷ এই প্ৰাইচমেকামিজিম অনুসৰি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালে গ্ৰাহকৰো পেট্ৰ’লৰ দাম হ্ৰাস পাব৷ কিন্তু এনে হোৱা আমি নেদেখিলো৷ ২০২০ চনৰ মাৰ্চ মাহত প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ২০ ডলাৰলৈ নামিছিল৷ কিন্তু ইয়াৰ পাছতো গ্ৰাহকক কেন্দ্ৰীয় চৰকাৰে কোনো সকাহ দিয়া নাছিল, বৰঞ্চ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় আবকাৰী শুল্ক বৃদ্ধিহে কৰিছিল৷ ডেইলী প্ৰাইচমেকামিজিম প্ৰকৃত অৰ্থত ৰূপায়ণ হোৱা হ’লে গ্ৰাহকসকলে দুৰ্ভোগ ভুগিবলগীয়া নহ’লহেঁতেন৷ এতিয়া কেন্দ্ৰীয় চৰকাৰে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্যবৃদ্ধি পোৱাৰ অজুহাতত পুনৰ পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ তৎপৰ হৈছে৷’ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে ৰুছ-ইউক্ৰেইনৰ যুদ্ধ অব্যাহত থাকিলে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম আৰু ঊদ্ধৰ্গামী হোৱাৰ সম্ভাৱনা আছে৷ যুদ্ধ কোনোমতে স্থগিত হ’লেও অহা তিনিমাহলৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰতি বেৰেলে খাৰুৱা তেলৰ দাম ১০০ ডলাৰ তললৈ অহাৰ সম্ভাৱনা নাই৷ ইফালে কেন্দ্ৰীয় চৰকাৰে যি বাজেট প্ৰস্তুত কৰিছে সেই বাজেটত আগন্তুক বৰ্ষৰ বাবে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম ৭৫ ডলাৰৰ আশে-পাশে থাকিব বুলি ধাৰণা কৰিছিল৷ কিন্তু ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই সকলো ওলট-পালট লগাই দিলে৷ ইফালে জিডিপিৰ সৈতেও খাৰুৱা তেলৰ মূল্যৰ সম্পৰ্ক আছে৷ প্ৰতি বেৰেল খাৰুৱা তেলৰ মূল্য ১০ শতাংশ বৃদ্ধিৰ ফলত জিডিপি ০.২ শতাংশলৈ বৃদ্ধি পাব পাৰে৷