Logo
image

কাণ্ডজ্ঞানহীন! শুভ উদ্বোধন দিনাই গণেশগুৰি উৰণীয়া সেতুত তামোল বা গুটখাৰ পিক!

আমাৰ অসম, ২২ অক্টোবৰঃ আভিজাত্যৰ প্ৰতীক গুৱাহাটী মহানগৰীৰ একাংশ লোকৰ বাটে-পথে, ৰাজপথত তামোল বা গুটখাৰ পিক পেলুৱাতো স্বভাৱ সুলভ। যিমানেই উন্নয়নৰ ধাক ঢোল নবজাওক কিয় সততে শিক্ষিত আৰু আভিজাত্যৰ উপাধি বহনকাৰী বুলি সমাজত পৰিচিত মহানগৰীৰ একাংশ লোকৰ এনে কাণ্ডজ্ঞানহীনতা নতুন নহয়। এনে লোকৰ বাবেই ৰাজপথত চূণ তেল সানি পৰিস্কাৰ কৰিলেও কিছুদিনৰ পাছতেই তামোল বা গুটখাৰ পিকেৰে কৰ্দয্যময় হয় পৰে ৰাষ্টাৰ দুয়োকাষৰ লগতে ডিভাইডাৰ সমূহ। বৃহস্পতিবাৰে শাৰদীয় দুৰ্গোৎসৱৰ এই বিশেষ ক্ষণত গুৱাহাটীৰ গণেশগুৰিত নৱনির্মিত উৰণীয়া সেতুখনৰ অনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ৫৪.৭৪ কোটি টকা ব্যয়েৰে নৱনির্মিত উৰণীয়া সেতুখনৰ দুয়োপাৰ আটকধুনীয়াকৈ অসমৰ কলা-সংস্কৃতি ৰেহ ৰূপ পৰিস্ফুত হোৱাকৈ সজাই পৰাই তোলা হৈছিল। কিন্তু লজ্জাৰ বিষয় নৱনির্মিত উৰণীয়া সেতুখন উদ্বোধন কৰাৰ আগতেই তামোল বা গুটখাৰ পিকেৰে কৰ্দয্যময় কৰি তোলে কাণ্ডজ্ঞানহীন কোনো লোকে। স্বাভাৱিকতে দোষৰ আঙুলি জনসাধাৰণলৈ। এইখিনিতে এটা প্ৰশ্নৰ অবতাৰনা হৈছে, এই কাণ্ড সংঘটিত হোৱালৈকে নৱ নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু খনত সাধাৰণ নাগৰিক উঠিব পৰা নাই। যি সকলে উঠিছে বা উঠিবলৈ অনুমতি পাইছে, তাত কৰ্মৰত ব্যক্তি সকল, সংবাদমাধ্যমৰ ব্যক্তি সকল, আৰু প্ৰশাসনৰ লোক। এতিয়া একাংশৰ মত, তাত যিয়ে তামোল বা গুটখাৰ পিক পেলাইছে, এই তিনিটা বিভাগৰ মানুহৰে কোনোৱে পেলাব নিশ্চয়! সাধাৰণ জনতা বা পথচাৰীক পোনে পোনে দায়ী নকৰি এই কথাও বিবেচনা কৰিচোৱা উচিত। উল্লেখনীয় যে, এনেবোৰ ঘটনা অনুসন্ধান বা পোহৰলৈ আনিবলৈ মহানগৰীত চিচি টিভি কেমেৰা কোনো সু-ব্যৱস্থা নাই৷ বৰ্তমান অৱতাৰনা হোৱা বিষয়বোৰ লক্ষ্য ৰাখি মহানগৰীত চিচি টিভি কেমেৰা সংলগ্ন কৰাতো প্ৰয়োজনীয়তা আছে৷ এই ক্ষেত্ৰত মহানগৰ প্ৰশাসনে কি ব্যৱস্থা লয় সেয়াহে হ’ব লক্ষণীয়৷