Logo
image

জুবিন আক্ৰমণাত্মক, সীমান্তৰ আত্মসমৰ্পণ

আমাৰ অসম, ৭ মাৰ্চঃ বিহু উদ্‌যাপনক লৈ মুখ্যমন্ত্ৰীৰ এটা ঘোষণাৰ পাছতেই ৰাজ্যৰ সাংস্কৃতিক মহলতো ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে মুখ্যমন্ত্ৰী উভতি ধৰি বিহুক কিমান দিব পাতিব সেয়া অসমৰ ৰাইজে সিদ্ধান্ত ল’ব বুলি ৰাজহুৱাকৈ মন্তব্য কৰি মন্ত্ৰী-এমএলএক দেশৰ উন্নয়নত গুৰুত্ব দিব লাগে বুলিহে সমালোচনা কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীক জুবিনৰ এই আক্ৰমণৰ পাছতেই একাংশ বিজেপি মাৰ্কা শিল্পীয়ে মুখ্যমন্ত্ৰীৰ সমৰ্থনত বক্তব্য প্ৰকাশ কৰিছে৷ এই লৈ অসম চলচ্ছিত্ৰ তথা বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ, গায়ক তথা বিজেপি নেতা সীমান্ত শেখৰ আৰু জুবিন গাৰ্গৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ দুদিন পূৰ্বে ৰহাত তিৱা সাহিত্য সভাৰ সাংস্কৃতিক অনুষ্ঠানত বিহু কেইদিন পাতিব লাগে তাক ক’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কোন বুলি নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীক জুবিন গাৰ্গে প্ৰশ্ন কৰাৰ পাছতেই বিজেপি নেতা সীমান্ত শেখৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– ‘শিল্পীসকলক একাংশই বজাৰত কিনিবলৈ পোৱা ঢোল বুলি বজায়৷ শিল্পীসকল বজাৰত পোৱা ঢোল নহয়৷ শিল্পীসকল হৈছে নামঘৰৰ ডবা৷ নামঘৰৰ ডবা তেতিয়াহে বজায়, যেতিয়া সমাজৰ কিবা এটা ভাল হয়৷ এই ক্ষেত্ৰত বিজেপিয়ে শিল্পীসকলক আঁকোৱালি লৈছে৷ বিজেপিৰ নেতৃত্বৰ হৃদয় মহান৷ সেই কাৰণতে শিল্পীসকলক আদৰি লৈছে৷ কিন্তু শিল্পীসকলক একাংশই ব্যৱহাৰ কৰে৷ ‘কা’ আন্দোলন হ’লেও শিল্পীক ব্যৱহাৰ কৰে৷ আজি কিবা এটা হ’লেই শিল্পীসকলে কি কৈছে তাক টাৰ্গেত কৰে৷ শিল্পীৰো এটা নিজস্বতা বুলি কিবা আছে৷ বিজেপিৰ মিটিঙলৈ যোৱাৰ বাবে ফাংচনৰ নামতো বুলি কৈ শিল্পীসকলক ব্লেকমেইলিং কৰে৷ সেয়েহে শিল্পীসকলে কোনোবাই মাতিলেই আন্দোলন কৰিবলৈ যাব নালাগে৷ যিসকলে বিহুক লৈ ৰাজনীতি কৰিছে তেওঁলোকক সকীয়াই দিছো যে বিজেপিৰ ভাৱমূৰ্তি ম্লান কৰাত তেওঁলোক বিফল হ’ব৷’ কিন্তু সীমান্ত শেখৰৰ এই বক্তব্যৰ পাছতেই ক্ষুণ্ণ হৈ পৰা দেখা গ’ল জুবিন গাৰ্গক৷ শনিবাৰে পাঠশালাৰ মালিপাৰাৰ আঞ্চলিক ত্ৰিনয়ন বাবাৰ মন্দিৰত অনুষ্ঠিত শিৱৰাত্ৰিৰ সাংস্কৃতিক কাৰ্যসূচীত অংশ লৈ সীমান্ত শেখৰক সকীয়াই দি জুবিন গাৰ্গে কয়–‘সীমান্ত শেখৰ সৰু ল’ৰা৷ তাক চৰকাৰে যিটো কাম দিছে, সেইটোকে ভালকৈ কৰকচোন৷ তাক মই সৰুৰে পৰা চিনি পাওঁ৷ অদৰকাৰী কথা ক’ব নালাগে৷ মোৰ বিষয়ে সীমান্তই ক’ব নালাগে৷ মোক ঢুকি পাবলৈ তাৰ ৭টা জনম লাগিব৷ মই কংগ্ৰেছো নহয়, বিজেপিও নহয়৷ মই কোনো পলিটিচিয়ানো নহয়৷ মই শিল্পীসকলৰ হৈ মাত মাতিছো৷ বিহু কেতিয়া পাতিব ৰাইজে ঠিক কৰিব৷ ৰাতিপুৱা পাতে, দুপৰীয়া পাতে ৰাইজে পাতিব৷ কৰ’নাৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাওতে আমি মাত মতা নাছিলো৷ এতিয়া শিল্পীসকলৰ হৈ মাত মাতিবই লাগিব৷’ কাৰ্যতঃ জুবিন গাৰ্গৰ এই সকীয়নিৰ পাছতেই যেন আত্মসমৰ্পন কৰিলে গায়ক সীমান্ত শেখৰে৷ জুবিন গাৰ্গে ভুল বুজা বুলি মন্তব্য কৰি দেওবাৰে সাংবাদিকৰ আগত সীমান্ত শেখৰে কয়–জুবিন দাদাক মই বৰ ভাল পাওঁ৷ দাদাক মই বহুত সন্মান কৰো৷ জুবিন দাদা খুব ভাল মানুহ৷ দাদাৰ বিষয়ে মই একোৱেই কোৱা নাই৷ দাদা অসমৰ মহান শিল্পী৷ দাদাইও মোক যথেষ্ট মৰম কৰে৷ মই সৰুৰে পৰাই দাদাক পাইছো৷ ভুল ধাৰণাটো মই আঁতৰাই দিছো৷ জুবিন গাৰ্গ দাদাৰ পৰা আমি বহুত পাবলৈ আছো৷ তেওঁ অসমৰ কলা-সংস্কৃতিলৈ যি অৱদান আগবঢ়াইছে সেয়া অদ্বিতীয়৷ ভূপেন হাজৰিকাৰ পাছত জুবিন গাৰ্গেই আছে৷ দাদাক আমি ঢুকিও নাপাও৷

অসমীয়াই নিজৰ মতে বিহু পাতিবঃ জুবিন

অসমীয়াৰ অতি চেনেহৰ, বাপতিসাহোন ৰঙালী বিহু অসমীয়াই নিজৰ মতে পালন কৰিব৷ সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত অসমীয়াই বিহু পাতিবই, বিহু অনুষ্ঠিত কৰাক লৈ কোনো ৰাজনৈতিক দলৰ নেতাই কোৱাৰ প্ৰয়োজন নাই৷ এই মন্তব্য নৱপ্ৰজন্মৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ৷ আজি বজালী জিলাৰ সদৰ পাঠশালাৰ সমীপৰ ডুবি মালিপাৰাৰ দশম বাৰ্ষিক শিৱ পূজাৰ অতিথি শিল্পী হিচাপে উপস্থিত থাকি এই মন্তব্য কৰে জুবিন গাৰ্গে৷ বিহু অনুষ্ঠিত কৰাক লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শিল্পীজনে আৰু কয় যে আমি ৰাজনৈতিক দলবোৰক যিকোনো অনুষ্ঠান পালন কৰাৰ ক্ষেত্ৰতে একো ক’ব যোৱা নাই৷ গতিকে বিহু পালন কৰাক লৈ ৰাজনৈতিক দলসমূহে একো কোৱাৰ দৰকাৰ নাই৷ সীমান্ত শেখৰে দিয়া মন্তব্য সন্দৰ্ভত জুবিন গাৰ্গে কয় সীমান্ত শেখৰে মোৰ জাগা পাবলৈ সাতটা জনম লাগিব৷ তাক যিটো কাম দিছে সেইটো ভালদৰে কৰক৷ এইবোৰ কথাত মাত মাতি সীমান্তৰ লাভ নাই বুলিও শিল্পীজনে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইউক্ৰেইনত থকা ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ সন্দৰ্ভত জুবিন গাৰ্গে ইয়াৰ বাবে চৰকাৰে যি কৰিব লাগে সেয়া কৰিছে বুলিও মন্তব্য কৰে৷