কৌতুক অভিনেতাৰ পৰা ৰাষ্ট্ৰপতিলৈ
এখন কমেডি টিভি ধাৰাবাহিক ছাৰ্ভেণ্ট অৱ দ্য পিপ্ল, [Servant of the people] য’ত এজন শিক্ষক ভাগ্যক্ৰমে দেশৰ ৰাষ্ট্ৰপতি হয় আৰু দেশৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সৰৱ হয়৷ লগতে দেশৰ শত্ৰুৰ বিৰুদ্ধে অস্ত্ৰ হাতত তুলি লয়৷ ঠিক বলীউডৰ এছ শংকৰৰ দ্বাৰা পৰিচালিত ২০০১ চনৰ জনপ্ৰিয় চলচ্ছিত্ৰ ‘নায়ক- দ্য ৰিয়েল হিৰো’ৰ দৰে৷ নায়ক চিনেমাখনত অভিনেতা অনিল কাপুৰ ভাগ্যক্ৰমে এদিনৰ মুখ্যমন্ত্ৰী হয় আৰু দুৰ্নীতিৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে আৰু সেইমতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰী হিচাপে কৰা তেওঁৰ এদিনীয়া কাৰ্যকলাপ দেখি জনতা ইমান সন্তুষ্ট হয় যে পাছত তেওঁ নিৰ্বাচনত অংশগ্ৰহণ কৰি জয়ী হৈ মুখ্যমন্ত্ৰীৰ আসনত বহে৷ নায়ক চিনেমাখনত অনিল কাপুৰ যদিও চিনেমাৰ কাহিনীতহে মুখ্যমন্ত্ৰী আছিল, কিন্তু এই কমেডি টিভি ধাৰাবাহিকত অভিনয় কৰা কৌতুক অভিনেতাজন কেৱল ধাৰাবাহিকখনৰ কাহিনীতেই নহয়, বাস্তৱ জীৱনতো এখন দেশৰ ৰাষ্ট্ৰপতি হয়৷ কাৰণ তেওঁৰ দ্বাৰা অভিনীত টিভি ধাৰাবাহিকখনৰ কাহিনীয়ে সেইখন দেশৰ ৰাজনৈতিকভাৱে নিৰাশ জনতাৰ মনত আশাৰ এক নতুন কিৰণ সঞ্চাৰ কৰে৷ এই টিভি ধাৰাবাহিকত অভিনয় কৰা অভিনেতাজন আন কোনো নহয়৷ সাম্প্ৰতিক ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধৰ সময়ত নিজৰ সাহস, পৰাক্ৰম আৰু সবল নেতৃত্বৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰা ইউক্ৰেইনৰ ৪৪ বছৰীয়া ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি৷ এই টিভি ধাৰাবাহিকত জেলেনস্কি ভেছিল পেট্ৰোভিচ হোলোবোৰোডকো [Vasyl petrovych Holoborodko] নামৰ ইতিহাসৰ শিক্ষকৰ চৰিত্ৰৰ পৰা ৰাষ্ট্ৰপতিৰূপে অভিনয় কৰি ইউক্ৰেইনৰ সাধাৰণ জনতাৰ মাজত ইমান জনপ্ৰিয় হৈ পৰে যে আগৰ কোনো ৰাজনৈতিক অভিজ্ঞতা অবিহনেই ২০১৯ চনৰ এপ্ৰিলত দেশৰ বাস্তৱ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয়৷ তেওঁ নিজৰ ৰাজনৈতিক দলৰ নামো এই ধাৰাবাহিকখনৰ নামেৰে [‘দ্য ছাৰ্ভেণ্ট অৱ দ্য পিপ্ল’] নামকৰণ কৰে৷
জেলেনস্কিৰ জন্ম হৈছিলসেই সময়ৰ ছোভিয়েট ইউনিয়নৰ চহৰ ক্ৰিবী ৰিহৰ [Kryvyi Rih] এটা ইহুদী পৰিয়ালত ১৯৭৮ চনৰ ২৫ জানুৱাৰীত৷ বৰ্তমান এই চহৰখন ইউক্ৰেইনৰ অংশ৷ তেওঁৰ পিতৃৰ নাম অলেকজেণ্ডাৰ জেলেনস্কি [Oleksandr Zelenskyy ] আৰু তেওঁ আছিল এজন প্ৰবক্তা৷ তেওঁৰ মাতৃৰ নাম ৰিম্মা জেলেনস্কা [Rymma Zelenska] আৰু তেওঁ এগৰাকী অভিযন্তা আছিল৷ বাল্যকালতে তেওঁ তেওঁৰ পৰিয়াল সৈতে মংগোলীয়ৰ এৰডেনেটত [Erdenet] থাকিবলৈ যায়, যাৰ বাবে তেওঁৰ প্ৰাথমিক শিক্ষা মংগোলীয়তে হয়৷ তাৰ পাছতো কিন্তু তেওঁ ইউক্ৰেইনী আৰু ৰাছিয়ান ভাষাক সমানে নিজৰ দখলত ৰাখিছিল৷ ডাঙৰ হৈ তেওঁ পুনৰ ইউক্ৰেইনলৈ আহে আৰু ১৯৯৫ চনত কীভ ৰাষ্ট্ৰীয় অৰ্থনৈতিক বিশ্ববিদ্যালয়ৰ [Kyvi National Economic University] পৰা আইনৰ ডিগ্ৰী লাভ কৰে ৷ কিন্তু তেওঁৰ ৰুছি আইনৰ ঠাইত অভিনয়ৰ ক্ষেত্ৰতহে বেছি আছিল৷ পঢ়ি থকা সময়ৰে পৰা তেওঁৰ এক বিশেষ ৰাপ আছিল থিয়েটাৰৰ প্ৰতি ৷ তেওঁ মাত্ৰ ১৭ বছৰ বয়সতে অভিনয় আৰম্ভ কৰে আৰু ১৯৯৭ চনত স্থানীয় KVN নামৰ এটি কৌতুক প্ৰতিযোগিতা দল কোয়াৰ্টল-৯৫ [Kvartal] ত যোগদান কৰে আৰু ফাইনেলত জয়ী হয়৷ ২০০৩ চনত তেওঁ কোয়াৰ্টল-৯৫ নামৰ এখন টিভি নিৰ্মাণ কোম্পানী স্থাপন কৰে৷ এই কোম্পানীটোৱে ৰূৰ ইণ্টাৰনেশ্বনেল নেটৱৰ্কৰ বাবে অনুষ্ঠান [Show] প্ৰস্তুত কৰে৷ এই অনুষ্ঠানটোত বিতৰ্কিত আৰবপতি ইহোৰ কলময়িস্কিয়ে পুঁজি বিনিয়োগ কৰে৷ বিভিন্ন সূত্ৰৰ মতে, ৰাষ্ট্ৰপতি নিৰ্বাচনতো এই আৰবপতিজনে জেলেনস্কিলৈ আৰ্থিক সাহায্য আগবঢ়াইছিল৷ ২০১০ চনত টিভি আৰু চলচ্ছিত্ৰ জগতত তেওঁৰ জনপ্ৰিয়তা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰে৷ তেওঁৰ জনপ্ৰিয় আৰু সফল চলচ্ছিত্ৰবোৰ হ’লঃ ২০০৮ চনৰ ‘লাভ ইন দ্য বিগ চিটি-ৰ আৰু ২’; ২০১১ চনৰ ‘অফিচ ৰোমাঞ্চ আৱাৰ টাইম’; ২০১২ চনৰ ‘ৰাজহেভয়স্কি ভাৰচেছ নেপোলিয়েন আৰু ২০১৪ চনৰ ‘লাভ ইন দ্য বিগ চিটি-৩’ ৷
২০১৪ চনত ইউক্ৰেইনৰ ৰাজনৈতিক অস্থিৰতা সৃষ্টি হয় আৰু দেশৰ জনতাই তদানীন্তন ৰাষ্ট্ৰপতি ভিক্টৰ ইয়ানুক’ভিচৰ [Victor Yanukovych] বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি তেওঁক ৰাষ্ট্ৰপতি পদৰ পৰা অপসাৰণ কৰে৷ অপসাৰণৰ পাছত তেওঁ ৰাছিয়ালৈ পলায়ন কৰে৷ কাৰণ তেওঁ ৰাছিয়াৰ সমৰ্থনপুষ্ট ৰাষ্ট্ৰপতি আছিল৷ ভিক্টৰ ইয়ানুক’ভিচৰ অপসাৰণৰ পাছত ৰাছিয়াই খঙতে ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰি ক’লা সাগৰ [Black Sea] অঞ্চলত থকা ক্ৰিমিয়া দখল কৰে৷ তেতিয়াৰ পৰাই ৰাছিয়াই ইউক্ৰেইনৰ পূব দিশে থকা ডনবাছ অঞ্চলৰ বিদ্ৰোহীসকলক অস্ত্ৰ-শস্ত্ৰৰে সহায় কৰিবলৈ আৰম্ভ কৰে৷ কাৰণ এই অঞ্চলবোৰৰ অধিকাংশ লোক এতিয়াও ৰাছিয়াৰ সৈতে চামিল হোৱাৰ পক্ষপাতী৷ এওঁলোকক ৰাছিয়ান বিচ্ছিন্নতাবাদী বুলিও কোৱা হয় ৷ এনে এক অশান্তময় পৰিৱেশতে জেলেনস্কিয়ে ‘ছাৰ্ভেণ্ট অৱ দ্য পিপল’ নামৰ কমেডি টিভি ধাৰাবাহিকখন ইউক্ৰেইনৰ টিভি চেনেলত লৈ আহে৷ এই ধাৰাবাহিকত তেওঁ ভাছিল পেট্ৰোভিচ হোলোবোৰোডকো নামৰ শিক্ষকৰ চৰিত্ৰৰ জৰিয়তে দেশৰ ৰাষ্ট্ৰপতিৰূপে অভিনয় কৰি ইউক্ৰেইনৰ সাধাৰণ জনতাৰ হৃদয়ত নিজৰ স্থান দখল কৰে ৷ এই ধাৰাবাহিকখন ইউক্ৰেইনৰ টিভিত ২০১৫ চনৰ পৰা আৰম্ভ কৰি ২০১৯ চনলৈ সম্প্ৰচাৰিত হয়৷ ধাৰাবাহিকখনত ৰাষ্ট্ৰপতিৰূপে অভিনয় কৰি জেলেনস্কি ইউক্ৰেইনৰ জনতাৰ বাবে ৰাজনৈতিক নায়ক হৈ পৰে৷
ইয়াৰ পাছত ২০১৯ চনত ইউক্ৰেইনত নিৰ্বাচনৰ বতৰ আৰম্ভ হয় আৰু ২০১৮ চনৰ অন্তিম দিনা আৰু নতুন বছৰৰ আৰম্ভণিত অৰ্থাৎ ৩১ ডিচেম্বৰত জেলেনস্কিয়ে ঘোষণা কৰে যে তেওঁ ২০১৯ চনৰ নিৰ্বাচনত ৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব৷ এই নিৰ্বাচনৰ আগতে তেওঁ নিজৰ ৰাজনৈতিক দল ‘ছাৰ্ভেণ্ট অৱ দ্য পিপল’ প্ৰতিষ্ঠা কৰে৷ ৰাজনৈতিকভাৱে নিৰাশ ইউক্ৰেইনী জনতাই জেলেনস্কিৰ মাজত বিচাৰি পাইছিল এজন দেশৰ নায়কক৷ সেয়ে তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৭০ শতাংশতকৈ অধিক ভোট লাভ কৰি নিজৰ প্ৰতিদ্বন্দ্বী পেট্ৰ’পৰোশ্বেনকোক [Petro Poroshenko] পৰাজিত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰূপে ২০১৯ চনৰ ২০ মে’ত শপত গ্ৰহণ কৰে ৷ ৰাষ্ট্ৰপতি হৈয়ে তেওঁ দেশৰ সমস্যাবোৰ সমাধান কৰিবলৈ আৰম্ভ কৰে৷ তেওঁ ৰাষ্ট্ৰপতি হোৱাৰ সময়তো ইউক্ৰেইনৰ পূব দিশে থকা ডনবাছ অঞ্চলত গৃহযুদ্ধৰ জুই জ্বলি আছিল৷ তেওঁ সেই গৃহযুদ্ধক সমাপ্ত কৰিবলৈ যত্ন কৰে আৰু ২০১৪-১৫ চনত ৰাছিয়াৰ লগত আৰম্ভ হোৱা শান্তি আলোচনা পুনৰ আৰম্ভ কৰে৷ কাৰণ ইতিমধ্যে এই গৃহযুদ্ধৰ ফলত ১৪,০০০ তকৈ অধিক লোকৰ মৃত্যু হৈছিল৷ শান্তি আলোচনাৰ পাছতে দুয়োখন দেশত বন্দী হৈ থকা নিজৰ নিজৰ সৈন্যৰ আদান-প্ৰদানো হয়৷ আচলতে ২০১৪ চনত যেতিয়া ৰাছিয়াই ইউক্ৰেইনৰ ক্ৰিমিয়াত আক্ৰমণ কৰি দখল কৰে, তেতিয়া ৰাছিয়াৰ কিছু সৈন্য ইউক্ৰেইনত আৰু ইউক্ৰেইনৰ কিছু সৈন্য ৰাছিয়াত বন্দী হৈ আছিল৷ সেই সৈন্যবোৰৰে আদান-প্ৰদান হয় শান্তি আলোচনাৰ পাছত৷ এই শান্তি আলোচনাক মিনস্ক চুক্তি বুলিও কোৱা হয় ৷ মিনস্ক বেলাৰুছৰ ৰাজধানী য’ত এই শান্তি আলোচনা সম্পন্ন হৈছিল৷ কিন্তু দুৰ্ভাগ্যবশতঃ এই শান্তি আলোচনা সম্পূৰ্ণৰূপে সফল নহ’ল৷
শান্তি আলোচনা বিফল হোৱাৰ পাছতেই ৰাছিয়াই ইউক্ৰেইনৰ ডনবাছ অঞ্চলত থকা ৰাছিয়ান বিচ্ছিন্নতাবাদী লোকসকলক পাছপোৰ্ট দিবলৈ আৰম্ভ কৰে৷ তেতিয়াই ৰাছিয়া আৰু ইউক্ৰেইনৰ সম্বন্ধত ফাঁট মেলবলৈ ধৰে৷ সেই সময়তে জেলেনস্কিয়ে আকৌ ইউক্ৰেইনৰ সংবিধান সংশোধন কৰি নাটো আৰু ইউৰোপীয় সংঘৰ সদস্য হোৱাৰ নীতি ঘোষণা কৰে৷ তেতিয়াৰ পৰাই জেলেনস্কি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ শত্ৰু হৈ পৰে৷ এইদৰে আৰম্ভ হয় বিগত এঘাৰদিন ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ ভয়ংকৰ যুদ্ধ৷
কিছুমান ৰাজনৈতিক বিশেষজ্ঞই জেলেনস্কিৰ ৰাজনৈতিক অভিজ্ঞতাহীনতাৰ বাবেই এই যুদ্ধ আৰম্ভ হোৱা বুলি দাবী কৰে৷ তাৰ উপৰি কিছুমান বিশেষজ্ঞই আমেৰিকাৰ কথাত ভোল গৈ জেলেনস্কিয়ে দেশখনক যুদ্ধৰ দৰে ভয়ংকৰ পৰিস্থিতিত ঠেলি দিয়া বুলি জেলেনস্কিক সমালোচনা কৰে৷ জেলেনস্কিয়ে আমেৰিকাৰ কাষ চাপি যদিও দেশখনক যুদ্ধৰ দিশলৈ ঠেলি দিলে, তথাপি ইউক্ৰেইনৰ সৈন্যই বিগত দিনকেইটাত ৰাছিয়াৰ ¸ শক্তিশালী সেনাবাহিনীৰ সৈতে যিদৰে যুঁজিলে তাত তেওঁৰ সবল আৰু শক্তিশালী নেতৃত্ব ফুটি উঠিছে৷ আনহাতে কোনো ৰাজনৈতিক অভিজ্ঞতা অবিহনে ৰাষ্ট্ৰপতি হৈ তেওঁ যিদৰে দেশৰ ৰক্ষাৰ বাবে যুঁজিছে সেয়াও প্ৰশংসনীয়৷