Logo
image

বিউটী পাৰ্লাৰৰ কাহিনী ‘একাঁজলি ৰং’

বিউটী পাৰ্লাৰৰ ভিতৰচৰাৰ কাহিনীৰে কৰ্মচাৰীৰ জীৱন সংগ্ৰামক লৈ নিৰ্মাণ হোৱা ‘একাঁজলি ৰং’ নামৰ ধাৰাবাহিকখনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে সম্প্ৰচাৰ৷ এখন বিউটী পাৰ্লাৰৰ কেইবাজনো কৰ্মচাৰীৰ জীৱন আৰু সেই পাৰ্লাৰলৈ অহা বিভিন্ন ক্লায়েণ্টৰ জীৱনৰ কিছু কাহিনীক লৈ এই ধাৰাবাহিকখন নিৰ্মাণ কৰা হৈছে৷ পৰিচালনা কৰিছে জনপ্ৰিয় পৰিচালক সঞ্চিতা তালুকদাৰে৷ চিত্ৰনাট্য সংলাপ-চিৰন্তন মহন্ত আৰু উজ্জ্বল বৰাৰ৷ চিত্ৰগ্ৰহণ টুটু বৰা, চন্দন শৰ্মা আৰু দানেশ্বৰ বড়োৰ৷ ৰূপসজ্জা মিনতি ডেকাৰ৷ শীৰ্ষ গীতৰ সংগীত বিকাশ বৰুৱা, আৱহ সংগীত হৃদয় চন্দন, পৰিচালকৰ সহযোগী চান্দনী, বিশাল, ৰাণাধন দাসৰ৷ প্ৰত্যেক সপ্তাহতে এটি নতুন কাহিনীৰে আমেজ দিবলৈ আগবঢ়োৱা এই ধাৰাবাহিকখনত বহুতো প্ৰবীণ-নবীন শিল্পীয়ে অভিনয় কৰিছে৷ তেওঁলোক হ’ল– সাগৰিকা গোস্বামী, প্ৰাণকৃষ্ণ মহন্ত, অন্তৰীশ চহৰীয়া, অনামিকা দাস, তুলিকা, পাৰংগীতা, ৰক্তিম, মৃণাল, কৰবী, প্ৰীতি শৰ্মা, ৰূপম শৰ্মা, অৰ্চনা পূজাৰী, প্ৰতিভা চৌধুৰী, ৰাতুল শৰ্মা, দেৱশ্ৰী দাস, পিংকী শৰ্মা, সমৰ মালাকাৰ, পংকজ পূজাৰী, ভৱেশ দাস, ৰাজেন নেওগ, কাশ্মীৰী শইকীয়া, দীপাংকৰ ৰয়, হিমাক্ষী কলিতা, জুনজুন বৰা, শৰ্মিষ্ঠা চক্ৰৱৰ্তী, সুৰজ কলিতা, যুবিস্মিতা শইকীয়া, স্বেতা বসক, ৰূপম চেতিয়া, বিকাশ বৰা, উজ্জ্বল বৰা, অংশুমান পৰামশৰ, স্পেইনী আৰ্হি, জৰ্জিয়া মেধি, অশ্ৰিতা তামুলী, বিজিত দেৱচৌধুৰী, ৰাশী শইকীয়া, বৈকুণ্ঠ প্ৰিন্স, জয়ন্ত থাপা, কুমুদ ভূঞা, সমীৰণ পোদ্দাৰ, অন্বেষা প্ৰিয়দৰ্শিনী, নিৰ্মালি বৰা, পূৰ্ণদা হাজৰিকা,  ৰূপক, তিলোত্তমা শৰ্মা, সস্মিতা, পপী, পৰ্ণা, ফুনু প্ৰভা, কুঁৱলী, কৃষ্ণা প্ৰিয়া, আটলাণ্টা আদি৷