Logo
image

মৌনিৰ মেটালিক শাৰীয়ে দৃষ্টি কাঢ়িছে অনুৰাগীৰ

যাৰ দাম এজন সৰ্বসাধাৰণ ভাৰতীয়ৰ এমাহৰ উপাৰ্জন

অভিনয়-সৌন্দৰ্য আৰু মডেলিঙৰ বিস্ময়কৰ প্ৰতিভূ মৌনি ৰয়৷ ৰূপালী আকাশৰ তাৰকা মৌনি সৌন্দৰ্য সম্পৰ্কত সাংঘাতিক ছিৰিয়াছ৷ সদ্য বিবাহিত মৌনিক দেখা গ’ল মেটালিক শাৰী পৰিধান কৰি এক ৰিয়েলিটী শ্ব’ত বিচাৰকৰ আসন শুৱনি কৰা৷ মৌনিৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে ভাইৰেল হৈ পৰে৷ ভিডিঅ’টোত দেখা গৈছে মৌনিয়ে ব্ৰাউন ৰঙৰ মেটালিক শাৰী পৰিধান কৰাৰ লগতে ব্ৰাউন ৰঙৰ টিউব বিডেড ব্লাউজ পিন্ধিছে৷ জানিব পৰা মতে মৌনি পৰিহিত মেটালিক শাৰীৰ দাম এজন সৰ্বসাধাৰণ ভাৰতীয়ৰ এমাহৰ উপাৰ্জনৰ সমান৷ ভেলেণ্টাইন ডেৰ দিনা ব্যৱসায়ী স্বামী সূৰুয নাম্বিয়াৰ পৰা দুটাকৈ হীৰাৰ আঙঠি উপহাৰ পোৱা মৌনিৰ বিবাহৰ পাছৰ পৰা গ্লেমাৰ দুগুণে বাঢ়িছে৷ কিছুদিনৰ পূৰ্বে কাশ্মীৰত স্বামী সূৰুয নাম্বিয়াৰ সৈতে কটোৱা প্ৰমোদ ভ্ৰমণৰ ফটো আৰু ভিডিঅ’ই বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ছ’চিয়েল মিডিয়াত৷ মৌনি অভিনীত শেহতীয়া ছবিখন হ’ল অয়ন মুখাৰ্জী পৰিচালিত ‘ব্ৰহ্মাস্ত্ৰ’৷ মুক্তিৰ অপেক্ষাত থকা ‘ব্ৰহ্মাস্ত্ৰ’ত নায়ক-নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ-আলিয়াই৷ ছবিখনত অমিতাভ বচ্ছন, নাগাৰ্জুনৰ দৰে মহাৰথীয়েও অভিনয় কৰিছে৷