Logo
image

পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব কৰ’না পৰিস্থিতি আৰু কৰ’না যোদ্ধাসকলৰ বিষয়

আমাৰ অসম, ২৭ অক্টোবৰঃ অসমত ক'ভিড-১৯ পৰিস্থিতি কিদৰে সুচাৰুৰূপে নিয়ন্ত্ৰণ কৰা হৈছে আৰু লগতে এই দিশত কৰ’না যোদ্ধাসকলৰ অনবদ্য ভূমিকাৰ বিষয়ে ছাত্র-ছাত্ৰীসকলে যাতে অৱগত হয়, তাৰ বাবে ব্যৱস্থা ল'বলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। উক্ত বিষয় সন্দৰ্ভত মঙলবাৰে জনতা ভৱনত শিক্ষা, স্বাস্থ্য, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়াবৰ্গৰ সৈতে এক বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। লগতে বিভিন্ন শিক্ষানুষ্ঠান পুনৰ আৰম্ভ কৰা প্ৰসংগত এটি প্ৰেজেণ্টেচন আৰু বিদ্যালয়সমূহৰ বাবে SOP আলোকপাত কৰা এটি  ভিডিঅ'ৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। বিদ্যালয়সমূহ পুনৰ আৰম্ভ হ'লে শিক্ষক-শিক্ষয়িত্ৰী তথা কৰ্মচাৰীসকলৰ বাবে ক'ভিড-১৯ পৰীক্ষা বাধ্যতামূলক কৰিবলৈও বিষয়াসকলক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। তদুপৰি তেঁও প্ৰকাশ কৰে যে, ছাত্র-ছাত্ৰীসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে আইৰণ আৰু ফ'লিক টেবলেট বিতৰণ কৰা হ'ব। সামাজিক দূৰত্ব বজাই ৰাখি যোগাভ্যাসৰ ব্যৱস্থা কৰা হ'ব বিদ্যালয়সমূহত।