Logo
image

গুৱাহাটীত বিত্তমন্ত্ৰী সীতাৰমণ

আমাৰ অসম, ১১ মাৰ্চঃ কেন্দ্ৰীয় বিত্ত আৰু কৰ্প’ৰেট পৰিক্ৰমা মন্ত্ৰী নিৰ্মলা সীতাৰমণে বৃহস্পতিবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলৰ সৈতে বাজেট-পৰৱৰ্তী মত-বিনিময়ত পৌৰহিত্য কৰে৷ বৈঠকত কেন্দ্ৰীয় বিত্ত ৰাজ্যিক মন্ত্ৰী ড॰ ভগৱত কিষাণ ৰাও কাৰাড, বিত্ত সচিব আৰু ব্যয় সচিব ড॰ টি ভি সোমনাথন, বিত্তীয় সেৱা বিভাগৰ সচিব সঞ্জয় মালহোত্ৰা, ৰাজহ বিভাগৰ সচিব তৰুণ বাজাজ, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব অজয় শেঠ আৰু মুখ্য অৰ্থনৈতিক উপদেষ্টা ড॰ ভি অনন্তনাগেশ্বৰণ উপস্থিত থাকে৷ উত্তৰ-পূবৰ বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলে এই মত-বিনিময়ত অংশগ্ৰহণ কৰে৷ সীতাৰমণে কয়– ‘কেন্দ্ৰীয় চৰকাৰখনে দেশখনত ডিজিটেল আন্তঃগাঁথনিৰ বৰ্ধন আৰু স্থাপনৰ জৰিয়তে উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপেৰে কেন্দ্ৰীয় বাজেটত ভিন্ন ভৱিষ্যতৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ডিজিটেল আন্তঃগাঁথনিয়ে কৃষি, ঔষধ আৰু শিক্ষা আদি বিভিন্ন খণ্ডক সহায় কৰিব৷ চৰকাৰে অদূৰ ভৱিষ্যতে ভাৰতত কমেও ৭৫টা ডিজিটেল বেংকিং ইউনিট হোৱাটো নিশ্চিত কৰিছে৷ ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা উন্নত প্ৰাকৃতিক কৃষি সক্ষম কৰি তুলিছে আৰু একে সময়তে খেতি পথাৰৰ উন্নত মেপিং নিশ্চিত কৰিছে৷ প্ৰধানমন্ত্ৰীৰ গতি শক্তি উদ্যোগৰ উদ্দেশ্য হৈছে আন্তঃগাঁথনি, পৰিকল্পনা, বিনিয়োগ আৰু সমন্বয়ক দিক-নিৰ্দেশনা আগবঢ়োৱা৷ বিত্ত মন্ত্ৰালয়ে মূলধন ব্যয়ত বিনিয়োগ অব্যাহত ৰাখিব আৰু লগতে অধিক প্ৰণালীবদ্ধ নিৰ্দেশনা প্ৰদান কৰিব৷ আন্তঃগাঁথনিৰ ক্ষেত্ৰত হোৱা বিভিন্ন বিনিয়োগৰ মাজত সমন্বয় অক্ষুন্ন থাকিব বুলি আশাবাদী৷’ অনুষ্ঠানত বাণিজ্য আৰু উদ্যোগৰ অংশীদাৰসকলে তেওঁলোকৰ মতামত আৰু প্ৰশ্নৰাজি বিত্তমন্ত্ৰীক জনায়৷ বিত্তমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণকাৰীসকলক অঞ্চলটোত মহিলাসকলৰ দ্বাৰা পৰিচালিত ব্যৱসায়সমূহক সহায় কৰিবপৰা প্ৰস্তাৱ প্ৰদান কৰিবলৈ আহ্বান জনায়৷