Logo
image

পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল আৰু ২০২৪

পাঁচখন ৰাজ্যৰ নিৰ্বাচনী ফলাফল এক্সিটপ’ল অনুসৰিয়েই হ’ল৷ উত্তৰ প্ৰদেশত বিজেপিয়ে অনায়াসে জয়লাভ কৰিলে৷ উত্তৰ প্ৰদেশৰ সাধাৰণ জনতাই প্ৰতিষ্ঠানৰ সমৰ্থনত ব্যাপক হাৰত ভোটদান কৰা পৰিলক্ষিত হ’ল৷ পঞ্জাৱত আপৰ চুনামী হ’ল৷ উত্তৰাখণ্ডত তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ভবা হৈছিল যদিও বিজেপিয়ে সহজেই জয়লাভ কৰিলে৷ গোৱাত প্ৰতি বছৰৰ দৰেই এইবাৰো ওলমা বিধানসভা, কিন্তু বিজেপিয়ে চৰকাৰ গঠন কৰাতো নিশ্চিত হৈ পৰিছে৷ মণিপুৰত আশা কৰা ধৰণেই বিজেপি নেতৃত্বাধীন এনডিএৰ চৰকাৰ হ’ব৷ মণিপুৰত কনৰাড চাংমাৰ এনপিপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ তেওঁলোকৰ লগত হয়তো চৰকাৰ গঠন কৰা হ’ব৷ সম্পূৰ্ণ আশা কৰা ধৰণৰে ফলাফল৷ এই ফলাফলত আটাইতকৈ বিধবস্ত হৈছে কংগ্ৰেছ তথা মায়াৱতীৰ বিএছপি৷ পঞ্জাৱত কংগ্ৰেছৰ শক্তিশালী সংগঠন থকা সত্ত্বেও নিজৰ ভুলৰ বাবেই কংগ্ৰেছে এখন ৰাজ্য হেৰুৱালে৷ প্ৰথমতে, তেওঁলোকে অমৰিন্দৰ সিঙক শান্তিৰে কাম কৰাত ব্যাঘাত জন্মালে৷ ‘ট্ৰাবল মেকাৰ’ হিচাপে জনাজাত নৱজিৎ সিং সিদ্ধুক দললৈ আগমন হোৱাৰ পাছৰ পৰাই সিদ্ধুৱে অমৰিন্দৰ সিঙৰ বিপক্ষে বিসংবাদ আৰম্ভ কৰিলে, অমৰিন্দৰ সিঙক খেদোৱাৰ পাছত সিদ্ধুৱে সভাপতিৰ দায়িত্ব লৈয়ে মুখ্যমন্ত্ৰী চৰণজিৎ সিং চানীৰ বিপক্ষেও বিসম্বাদ আৰম্ভ কৰে৷ এই বেমেজালিবোৰত পঞ্জাবৰ ৰাইজ ক্ষুণ্ণ হৈ পৰিল৷ ফলস্বৰূপে মোদীৰ ঢৌয়েও বিধবস্ত কৰিব নোৱাৰা কংগ্ৰেছৰ বাবে এখন শক্তিশালী ৰাজ্য হাতৰ পৰা হেৰাল৷ তাৰ লগতে বিসম্বাদত জৰ্জৰিত ৰাজ্যখনত বিগত বছৰবোৰত উন্নয়নমূলক কাম-কাজো স্থগিত হৈ পৰিছিল৷ এখন উন্নয়নমূলক ৰাজ্যৰ স্থবিৰতাত ৰাইজ ক্ষুব্ধ হৈ আছিল৷ আকালি, বিজেপি সকলোৰে ওপৰত ক্ষোভ আছিল৷ বিশেষকৈ পঞ্জাবত কৃষি আইনৰ বিৰুদ্ধে, কেন্দ্ৰীয় চৰকাৰৰ বিপক্ষে প্ৰৱল জনমত গঢ়ি উঠিছিল৷ কংগ্ৰেছৰ ওপৰতো অত্যধিক ক্ষুব্ধ ৰাইজে আপক আদৰি ল’লে৷ আপে সাংঘাতিকভাৱে প্ৰচাৰ নচলালেও এটা নতুন দলক সুযোগ দিয়াতো ৰাইজে বিচাৰিলে৷ দিল্লীত আপৰ উন্নয়নমূলক কামবোৰেও পঞ্জাবত এটা ভাল ফল অনাত সহায়ক হ’ল৷ 

আনহাতে এয়া উত্তৰ প্ৰদেশত বিজেপিৰ এক অভূতপূৰ্ব বিজয়৷ ইমান জটিল ৰাজনৈতিক সমীকৰণত দুবাৰকৈ আদিত্যনাথৰ বৃহৎ বিজয়ে ২০২৪ত মোদী চৰকাৰৰ প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা বহু বৃদ্ধি কৰিলে৷ উত্তৰ প্ৰদেশৰ বিজয় সহজ নাছিল৷ এই বিজয়ক সুশাসনৰ বিজয় বুলি অভিহিত কৰা হৈছে৷ উত্তৰ প্ৰদেশৰ বিজয়ত মোদী মেজিকৰ লগতে যোগী আদিত্যনাথৰ শক্তিশালী ইমেজেও এক ডাঙৰ ভূমিকা ল’লে৷ অখিলেশ চৰকাৰৰ সময়ত আইন-শৃংখলা ব্যাপকভাৱে অৱনমিত হৈছিল, যোগী আদিত্যনাথৰ যোৱাটো চৰকাৰত ৰাজ্যখনৰ আইন- শৃংখলাজনিত পৰিৱেশ আগতকৈ বহু ভাল হ’ল, মাফিয়াৰাজ কমিল, মহিলাসকলে আগতকৈ সুৰক্ষিত অনুভৱ কৰি বিজেপিক ব্যাপকভাৱে ভোটদান কৰিছে৷ লগতে ৰাস্তা-পদূলি বহু উন্নত হ’ল, নতুন বহু প্ৰকল্পৰ আৰম্ভণি হৈছে, লগতে যোগী আদিত্যনাথ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি উত্তৰ প্ৰদেশৰ ৰাইজে ভাবিছে৷ কিন্তু তথাপিও যোৱাবাৰৰ ৩১২খন আসনতকৈ প্ৰায় ৫০খন আসন কমিল, মূলতঃ ৰাজ্যখনত ব্যাপক নিৱনুৱা সমস্যাৰ লগতে অভাৱনীয় মূল্যবৃদ্ধিৰ লগতে ক’ভিডসৃষ্ট পৰিৱেশত বিধবস্ত হোৱা, বিগত নিৰ্বাচনত ভোট দিয়া কিছু ৰাইজে হয়তো এইবাৰ বিজেপিক ভোট দিয়া নাই৷ উত্তৰ প্ৰদেশৰ ৰাজনীতি অতি জটিল ৰাজনীতি৷ ৰাজ্যখনত দেশৰ এক পঞ্চমাংশ জনতাই বাস কৰে৷ সাতোটা অঞ্চল বিদৰ্ভ, পশ্চিম উত্তৰ প্ৰদেশ, মধ্যাঞ্চল, পূৰ্বাঞ্চল, ৰোহিলখণ্ড, বুণ্ডেলখণ্ড ইত্যাদি প্ৰতিটো অঞ্চলেই একো একোখন ৰাজ্যৰ দৰে৷ ৰাজ্যখন এখন দেশ হোৱা হ’লে চীন, ভাৰত, আমেৰিকা আৰু ইণ্ডোনেচিয়াৰ পাছত বিশ্বৰ পঞ্চম বৃহৎ জনবসতিৰ দেশ হ’লহেঁতেন৷ ৰাজ্যখনৰ জাতিগত সমীকৰণো অতি জটিল৷ ইয়াত বাস কৰা প্ৰায় ১৯ শতাংশ লোক মুছলমান, প্ৰায় ২৫ শতাংশ সাধাৰণ শ্ৰেণীৰ, প্ৰায় ৩৮ শতাংশ অন্যান্য পিছপৰা শ্ৰেণীৰ৷ তাৰে প্ৰায় ৯ শতাংশ যাদৱ সম্প্ৰদায়ৰ আৰু ১৮ শতাংশ পিছপৰা শ্ৰেণীৰ আৰু তাৰ ভিতৰতে ১০ শতাংশ মায়াৱতীৰ জাতৱ সম্প্ৰদায়ৰ লোকে বাস কৰে৷ ইমান জটিল সমীকৰণ আৰু অৰ্থনৈতিকভাৱে পিছপৰা ৰাজ্যখনত প্ৰতি ৫ বছৰে চৰকাৰ সলনি হয়৷ প্ৰায় ৪০ বছৰৰ আগতে কংগ্ৰেছৰ জি বি পণ্ট দুবাৰকৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছত যোগী আদিত্যনাথ দুবাৰকৈ মুখ্যমন্ত্ৰী হৈ ইতিহাস ৰচনা কৰিলে৷ পূৰ্বৰ নিৰ্বাচনত অখিলেশ যাদৱে মুছলমান সম্প্ৰদায়ৰ ভোটৰ লগতে সমগ্ৰ পিছপৰা শ্ৰেণীৰ ব্যাপক ভোট লৈ জিকিছিল৷ সেই সময়ত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হৈছিল৷ বিজেপিৰ লগতে কংগ্ৰেছ আৰু শক্তিশালী মায়াৱতীৰ বিএছপি দল আছিল৷ কিন্তু এইবাৰৰ নিৰ্বাচনত মায়াৱতী বিধবস্ত হ’ল৷ জাতৱসকলৰ বাদে পিছপৰা শ্ৰেণীৰ অধিক সংখ্যকেই বিজেপিক ভোট দিলে৷ মায়াৱতী কেৱল দুখনমান আসনতে ক্ষান্ত থাকিবলগীয়া হ’ল৷ ২০০৭ চনৰ নিৰ্বাচনত ২০৩খন আসন পাঁচ বছৰ শাসন চলোৱা মায়াৱতীৰ এই দুৰৱস্থা আশ্বৰ্যজনক৷ মায়াৱতী দুৰ্বল হোৱাৰ কাৰণ কি? তেওঁ ব্যাপকভাৱে কিয় প্ৰচাৰ অভিযানত অংশ নল’লে? মায়াৱতীৰ এই নিৰ্বাচনত ভূমিকাৰ কথা বিভিন্ন মহলত চৰ্চিত হৈছে৷ 

অতি কৌশলেৰে বিজেপিয়ে ছ’চিয়েল ইঞ্জিনিয়াৰিং কৰি জাতৱসকলৰ বাদে বাকী পিছপৰা শ্ৰেণীৰ ব্যাপক সমৰ্থন পাবলৈ সক্ষম হ’ল৷ ঠিক তেনেকৈ যাদৱসকলৰ বাদে বাকীসকল অন্যান্য পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে বিজেপিয়ে বিভিন্ন কাৰ্যসূচী হাতত ল’লে৷ ফলস্বৰূপে পশ্চিমাঞ্চলৰ দৰে অঞ্চলত য’ত যাদৱ, মুছলমান সংখ্যাগৰিষ্ঠ তাতো বিজেপিয়ে জয়লাভ কৰিছে৷ কাৰণ বাকীসকল একত্ৰিত হৈ বিজেপিক ভোট দিছে৷ যোৱাবাৰৰ দৰেই সমীকৰণ এইবাৰো দেখা গ’ল৷ তাৰ লগতে বিজেপিৰ যি সু-শাসনৰ এজেণ্ডা তাক ৰাইজে ভাল পাইছে৷ ইয়াৰ উপৰিও হিতাধিকাৰীৰ ৰাজনীতিক বিজেপিয়ে ব্যাপকভাৱে প্ৰসাৰিত কৰিলে আৰু যিখিনি চৰকাৰী সা-সুবিধা ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰৰ জৰিয়তে মানুহৰ হাতে হাতে এই সুবিধাবোৰ পালেগৈ৷ ইন্দিৰা আৱাস যোজনাত মানুহে ঘৰ পাইছে, অটল অমৃত যোজনা, আয়ুষ্মান ভাৰত, ঘৰে ঘৰে চিলিণ্ডাৰ ইত্যাদি সুবিধাখিনিৰ কাৰণে দুখীয়া অঞ্চলত বিজেপিয়ে ব্যাপক হাৰত ভোট লাভ কৰিছে৷ মানুহে কয় যে চাকৰি নাই, বয়বস্তুৰ দাম ইমান বৃদ্ধি পাইছে, কৃষক বিদ্ৰোহ হৈছে, উত্তৰ প্ৰদেশত ইমান সমস্যা তাৰ মাজত কিয় বিজেপিক ভোট দিছে? ইয়াৰ মাজত এটা বিশেষ কাৰক আছে সেইটো হৈছে নৰেন্দ্ৰ মোদীৰ চুম্বকীয় আকৰ্ষণ! শীত-তাপ নিয়ন্ত্ৰিত কোঠাত বহি বহু ৰাজনৈতিক সমীক্ষকৰ বাবে এইবোৰ কথা বুজি পোৱা সহজ নহ’ব৷ একোজন শক্তিশালী নেতাক প্ৰতিনিধি হিচাপে ৰাইজে বিচৰা হৈছে৷ বিশেষকৈ ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে এজন শক্তিশালী ব্যক্তি দেশৰ নেতৃত্বত থকাটো বিচাৰে বুলি মোৰ ভাব হয়৷ সেই কাৰণেই হয়তো মোদীৰ প্ৰতি ইমান বিশ্বাস৷ মোদীৰ বিকল্প কোন সেই ভাবধাৰাই এজন শক্তিশালী নেতাৰ চিন্তাধাৰাক ৰাজ্যিক নিৰ্বাচনতো কামত দিছে৷ ক্ষোভসমূহৰ বাবে বিজেপিৰ ভোট শ্বেয়াৰ কমিলে আৰু সমাজবাদী পাৰ্টীৰ শ্বেয়াৰ বাঢ়ি আগতকৈ প্ৰায় ৭০খন আসন বাঢ়িলে যদিও দুই দলৰ প্ৰত্যক্ষ প্ৰতিযোগিতাত সমাজবাদী দল বিধবস্ত হ’ল৷ 

অখিলেশ¸ যাদৱে ৰাজ্যখনৰ অৰ্থনৈতিক অনগ্ৰসৰতা, চাকৰিবিহীন অৰ্থনীতিক লৈ ব্যাপক কেম্পেইন চলাইছিল যদিও ৰাইজে সম্পূৰ্ণ বিশ্বাসত নল’লে, কাৰণ সমাজবাদীৰ আগৰটো কাৰ্যকালত হোৱা ব্যাপক আইন- শৃংখলাজনিত পৰিস্থিতি ৰাইজে পাহৰা নাই৷ বিজেপিৰ অকল উচ্ছবৰ্ণৰ দল এই ধাৰণা শেষ কৰি, পিছপৰা শ্ৰেণীৰ উন্নয়নৰ বাবে কাম কৰি, সকলোকে যাৱতীয় সন্মান দি দলটোৱে এটা বিজয়ৰ সামাজিক ফৰ্মূলা আনিলে৷ সৰ্বশেষত বিজেপি হিন্দুত্বৰ তথা সনাতনী এজেণ্ডাই জাতি-বৰ্ণ সকলোকে উত্তৰ প্ৰদেশত আকৰ্ষিত কৰি এই বৃহৎ জয়ত মূল ভূমিকা ল’লে৷ 

উত্তৰাখণ্ডত প্ৰতিটো নিৰ্বাচনতেই চৰকাৰ সলনি হয় আৰু বিগত শাসনকালত বিজেপিয়ে তিনিজন মুখ্যমন্ত্ৰী সলনি কৰিলে৷ ফলস্বৰূপে প্ৰতিষ্ঠানবিৰোধী ঢৌ তাত বহু বেছি আছিল৷ 

আশা কৰা হৈছিল যে উত্তৰাখণ্ডত কংগ্ৰেছে অনায়াসে বিজয় সাব্যস্ত কৰিব৷ কিন্তু এনে নহ’ল৷ প্ৰথম কথাটো হৈছে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছৰ আটাইতকৈ জনপ্ৰিয় নেতা হৰিশ ৰাৱটে নিৰ্বাচনৰ আগৰ সময়খিনি বেছিভাগ পঞ্জাবতে থাকিলগৈ৷ তেওঁৰ কাম আছিল নবজিৎ সিং সিদ্ধু আৰু চৰণজিৎ সিঙৰ মাজৰ বিবাদৰ অন্ত পেলোৱা৷ প্ৰকৃত অৰ্থত তেওঁৰ কাম হ’ব লাগিছিল উত্তৰাখণ্ডত কংগ্ৰেছৰ ভেটি মজবুত কৰা৷ এনেধৰণৰ একো নকৰি তেওঁ অধিক সময় পঞ্জাবত কটালেগৈ৷ কংগ্ৰেছৰ নেতৃত্বৰ এই বিফলতা আৰু পৰিকল্পনাৰ অভাৱৰ বাবেই উত্তৰাখণ্ডত বিজেপিয়ে অনায়াসে জয়লাভ কৰিবলৈ সক্ষম হ’ল৷ তাৰ লগতে ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ থাকিলেও পুনৰ মোদী ফেক্টৰ, বেছিভাগ সেনাবাহিনীত কাম কৰা লোক থকা উত্তৰাখণ্ডত শক্তিশালী নেতাৰ প্ৰাসংগিকতাই ডাঙৰ ভূমিকা লয়৷ লগতে পাছলৈ উত্তৰাখণ্ডৰ নিৰ্বাচনত বিজেপিয়ে ধৰ্মীয় মেৰুকৰণ কৰিবলৈ সক্ষম হয়৷ চৰকাৰৰ বিৰুদ্ধে ইমানেই ক্ষোভ আছিল যে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ অস্ত্ৰপাত ভালকৈ কামত লগাবলৈ বাধ্য হ’ল আৰু সেইটো কামত আহিল৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও উত্তৰাখণ্ডত ধৰ্মীয় মেৰুকৰণক লৈ দিয়া কিছু উত্তেজক মন্তব্যই নিৰ্বাচনত বিজেপিৰ সপক্ষে ভাল ফল দেখুৱালে৷ পাছত বিভিন্ন মঞ্চত তেওঁ ৰাহুল গান্ধীক লৈ দিয়া সেই মন্তব্যৰ প্ৰতিবাদ হৈছে, কিন্তু বিজেপিৰ বাবে ধৰ্মীয় মেৰুকৰণৰ এটা ঢৌ আনিবলৈ সক্ষম হ’ল৷ উত্তৰাখণ্ডত এগ্‌জিট প’লতো তুমুল প্ৰতিদ্বন্দ্বিতা হ’ব বুলি কোৱা হৈছিল৷ কিন্তু অনায়াসে বিজেপিৰ জয়লাভ মোৰ দৃষ্টিত মোদী মেজিকৰ ফল বুলি মই ভাবো৷ আনফালে গোৱাত বিজেপি একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হৈছে৷ বিজেপিয়ে চৰকাৰ গঠন কৰিব৷ ঐতিহাসিকভাৱে ওলোমা বিধানসভা হোৱা গোৱাত খুব কম ব্যৱধানত হৰা-জিকা হয়৷ নিৰ্বাচনৰ আগতেই আম আদমি পাৰ্টীয়ে নিজৰ প্ৰাৰ্থীসকলৰ পৰা দল নাবাগৰিবলৈ একোখনকৈ চুক্তিপত্ৰত স্বাক্ষৰ কৰাইছিল৷ তেনেদৰে কংগ্ৰেছে খ্ৰীষ্টীয়ান প্ৰাৰ্থীক গীৰ্জাত, হিন্দু প্ৰাৰ্থীক মন্দিৰত দল নাবাগৰিবলৈ শপত বাক্য লৈছিল৷ বিজেপিৰ ধনবল তথা হৰ্ছ ট্ৰেডিং কৰিব বুলি সকলো সাজু হৈ আছিল যদিও এতিয়া দেখা গ’ল বিজেপিয়ে একো নকৰাকৈ চৰকাৰ গঠন কৰিব পাৰিব৷ মণিপুৰত বিজেপিৰ নেতৃত্বত এনডিএৰ চৰকাৰ গঠন হ’ব আৰু তাত বিজেপিয়ে অকলে ৩৫খনমান আসন পাব বুলি আশা কৰা হৈছিল যদিও সেইটো নহ’ল৷ চমকপ্ৰদভাৱে কনৰাড চাংমাৰ এনপিপি দলে ১০খন আসন পাবলৈ সক্ষম হ’ল,  নগাসকলৰ এনপিপি দলেও ৪খন আসন পাইছে, ৰাইজে আঞ্চলিক শক্তি জীয়াই ৰখাটো বিচাৰিছে৷ 

যোৱা কেইবছৰত বিজেপিয়ে মণিপুৰত ভাল কাম কৰিছে৷ আন্তঃগাঁথনি বহু উন্নত হৈছে, পথ অৱৰোধ নাইকিয়া হৈছে৷ হত্যা, হিংসা, সন্ত্ৰাসবাদীৰ ঘটনা বহু কমিছে৷ গতিকে বিজেপিৰ নেতৃত্বত চৰকাৰ গঠন অৱশ্যম্ভাৱী আছিল৷ তাৰ লগতে উত্তৰ-পূবৰ সৰু সৰু ৰাজ্যসমূহত কেন্দ্ৰত চৰকাৰ যাৰেই তাৰ লগতেই থকাতো সুবিধাজনক আৰু এইবাৰো ব্যতিক্ৰম নহ’ল৷ ইয়াৰ উপৰিও মণিপুৰৰ আইন-শৃংখলা পৰিস্থিতি উন্নতি হোৱাৰ বাবে বিজেপিৰ জিকাৰ পথ প্ৰশস্ত হ’ল৷ 

এই নিৰ্বাচনে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিক এটা সাংঘাতিক গতি দিলে৷ এই নিৰ্বাচনত কংগ্ৰেছ ধৰাশায়ী হ’ল, এক অভাৱনীয় পতন৷ এই পতনৰ পাছতো যদিহে কংগ্ৰেছৰ নেতৃত্ব তথা ষ্ট্ৰেটেজী সলনি নহয় তেন্তে দলটো নিশ্চিহ্ন হোৱাৰ পৰা কোনেও ৰক্ষা কৰিব নোৱাৰে৷ য’তে কংগ্ৰেছ আছে ত’তেই বিজেপিয়ে ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ যিবোৰ বিজেপিবিৰোধী ভোট আছে এই শক্তিসমূহে কংগ্ৰেছৰ যি বিকল্প পাইছে তাকে লৈছে৷ পঞ্জাবত আপ, বেংগলত টিএমচিক ঠিক তেনেদৰে তেলেংগনাত টিআৰএছ৷ সকলো ঠাইতে বিজেপি বিৰোধিতাৰে আঞ্চলিক শক্তি বা বিভিন্ন শক্তিৰ সৈতে কংগ্ৰেছৰ বিকল্প বিচাৰিছে মানুহে৷ কংগ্ৰেছৰ নেতৃত্বক মানুহে নাকচ কৰিছে৷ ইমান বৃহৎ এটা দল এনেদৰে নিশ্চিহ্ন হৈ যোৱাতো দেশৰ গণতন্ত্ৰৰ বাবে অশুভ লক্ষণ৷ মোৰ দৃষ্টিত এই নিৰ্বাচনত পঞ্জাবৰ ফলাফলে অৰবিন্দ কেজৰিৱালক অত্যন্ত উৎসাহী কৰি তুলিব৷ এজন হিন্দীভাষী ব্যক্তি হিচাপে তেওঁৰ দেশৰ ৰাজনীতিত প্ৰভাৱ পেলোৱাৰ সুবিধা বেছি আছে৷ দিল্লীত তেওঁ পূৰ্বাঞ্চলীয় লোকসকলৰ সৈতে সু-সম্পৰ্ক স্থাপন কৰিছে৷ অনাগত দিনত কেজৰিৱালে বিহাৰ, ৰাজস্থান, হাৰিয়ানা উত্তৰ প্ৰদেশ সকলো ৰাজ্যতে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ব্যাপক প্ৰচেষ্টা হাতত ল’ব৷ ২০২৪ত নহ’লেও ২০২৯ত আপে শক্তিশালী ভূমিকা গ্ৰহণ কৰাৰ সম্ভাৱনা আছে৷ কংগ্ৰেছৰ বহু নেতাই আপত নাইবা টিএমচিত যোগদান কৰিব৷ ‘গ্ৰুপ অৱ ২৩’ নামেৰে ইতিমধ্যে জ্যেষ্ঠনেতাই বিদ্ৰোহ ঘোষণা কৰিছে৷ কংগ্ৰেছ দ্বি-খণ্ডিত হ’লেও আচৰিত হ’বলগীয়া কথা নাই৷ বহু কংগ্ৰেছৰ নেতা আপলৈ যাব বুলি আলোচনা হৈছে৷ অৰবিন্দ কেজৰিৱালে মোদীৰ বিৰুদ্ধে কোনো মন্তব্য নকৰে৷ তেওঁ নিবনুৱা সমস্যা, মূল্যবৃদ্ধি এনেধৰণৰ কথাবোৰত জোৰ দি এটা বিকল্প ৰাজনীতিৰ বাবে প্ৰচেষ্টা লৈছে৷ 

ৰাজনৈতিক বিশ্লেষকসকলৰ বাবে এক আচৰিত কথা হ’ল ইমান মূল্যবৃদ্ধি, ক’ভিডত বিধবস্ত অৰ্থনীতিৰ পাছতো বিজেপিয়ে কিদৰে জয়লাভ কৰিছে? শেষত মই এটাই ক’ব বিচাৰো যে বিজেপিয়ে জয়লাভ কৰাৰ প্ৰধান কাৰণ হৈছে শক্তিশালী সংগঠন৷ আৰএছএছৰ সহযোগত বিজেপিয়ে দেশৰ প্ৰান্তে প্ৰান্তে যেনে ধৰণেৰে সাংগঠনিক ভেটি দৃঢ় কৰিছে অন্য কোনো দলৰেই এই ভেটি নাই৷ সংগঠনৰ লগতে নিয়মানুৱৰ্তিতা আৰু শক্তিশালী নেতৃত্ব, ধনবলেৰে ব্যাপক প্ৰচাৰ ইত্যাদিৰ বাবে বিজেপি অপ্ৰতিৰোধ্য হৈ পৰিছে৷ এইখিনিতে ক’ব লাগিব ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰৱৰ্তী পৰ্যায়ত সামগ্ৰীৰ দাম বঢ়াৰ লগতে স্বাভাৱিক হাৰৰ সংস্থাপনহীনতা আৰু মূল্যবৃদ্ধিয়ে বিজেপিক বিপদত পেলাব পাৰে৷ অত্যুৎসাহী বা অহংকাৰী হ’লে ৰাইজৰ বাবে কংগ্ৰেছৰ দৰে বিজেপিকো আঁতৰাবলৈ অধিক সময়ৰ প্ৰয়োজন নহ’ব৷ আশাকৰো বিজেপিৰ নেতৃত্বত সকলোকে লগত লৈ সুশাসনৰ যাত্ৰাই দেশখনক আগুৱাই নিব৷