পৌৰসভা নিৰ্বাচনত বিৰোধীৰ বিপৰ্যয়
... সদ্যঘোষিত পৌৰসভা নিৰ্বাচনৰ ফলাফলে বিৰোধী শিবিৰৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ শাসকীয় দলে যি যেনেকৈ পাৰিছে মন্ত্ৰী, সাংসদ আহি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ আনহাতে, বিৰোধী কংগ্ৰেছে কোনে কেনেকৈ ৰাজ্যসভাৰ আসনৰ বাবে মনোনীত হ’ব পাৰে তাৰে আখৰা কৰি থাকোঁতে সময়েই নহ’ল নিজ জিলাৰ পৌৰ এলেকাসমূহ পৰিভ্ৰমণ কৰিবলৈ৷ অথচ শাসকীয় দলে অহৰহ ২৪ ঘণ্টাই দলীয় সংগঠন কৰিও তৃণমূল পৰ্যায়ৰ প্ৰচাৰ শক্তিশালী কৰি তুলি জোৰদাৰ প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ বাবেই বিজেপি আজি পৌৰসভা নিৰ্বাচনত জিলিকি উঠিল৷ বিপৰীতে বিৰোধী দল আজি নিষ্প্ৰভ ...
বহু জল্পনা-কল্পনাৰ অন্তত অসমত পৌৰসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হৈ গ’ল৷ গতিকে শাসকীয় দল, বিৰোধী, নিৰপেক্ষ আৰু সৰ্বসাধাৰণে সাম্প্ৰতিক ৰাজনীতিৰ ছবিখন ফটফটীয়াকৈ দেখিলে৷ এতিয়া কোনে কাৰ দোষ ধৰিব বা কোনে গৌৰৱ কৰিব সেয়া লক্ষণীয়৷ আদিৰ পৰা অন্তলৈকে পৌৰসভা নিৰ্বাচনটোৰ যি গতি-প্ৰকৃতি আৰু ফলাফল দেখিলোঁ, ইয়াৰ পৰা ক’ব পাৰি যে এনেকুৱা এটা ফল হ’ব বুলি সকলোপক্ষই জানিছিল৷ নিৰ্বাচনটো এটা আনুষ্ঠানিকতাহে মাত্ৰ৷ ছল-বল-কৌশল আৰু ধনবল ব্যৱহাৰ কৰি যাক যেনেকৈ পাৰি সৈমান কৰাই শাসকীয় বিজেপি দলে জনাদেশ আদায় কৰি ল’লে৷ বিৰোধী দল কংগ্ৰেছ, জাতীয় পৰিষদ, ৰাইজৰ দল, এ আই ইউডি এফ সকলো ধূলিসাৎ হৈ গ’ল৷ আনহাতে বিগত ঠেঙাল-কছাৰী পৰিষদৰ নিৰ্বাচনত পৰাজয়বৰণ কৰা কংগ্ৰেছৰ সভাপতিগৰাকীৰ গৃহ জিলা লখিমপুৰৰ বিহপুৰীয়াত পৰাজিত হৈ শাসকীয় দলৰ পৰাই অতি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছিল৷ এইবাৰ নাৰায়ণপুৰ পৌৰসভাৰ অধিক আসন দখল কৰি সভাপতিজনে সন্মান ৰক্ষা কৰিলে বুলি ক’ব পাৰি৷ কিন্তু বিৰোধী কেউটা দলৰ এনে বিপৰ্যয়ৰ কাৰণ তেওঁলোকে অনুভৱ কৰিব পৰিছেনে নাই সেয়া বিচাৰ্যৰ বিষয়৷ যিহেতু আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২০২৪ৰ লোকসভা নিৰ্বাচন আহি আছে, গতিকে পৌৰসভাৰ নিৰ্বাচনৰ দৰেই যদি পঞ্চায়তৰ নিৰ্বাচনতো বিৰোধীয়ে এনে ফল দেখুৱায়, তেন্তে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিৰোধী ঐক্য কেনেকৈ জয়ী হ’ব? দিল্লী, দিছপুৰত চৰকাৰ সলনি হোৱাৰ যি সপোন দেখিছে, সেয়া কেনেকৈ ফলিয়াব? বিৰোধী শিবিৰৰ এনে পৰাজয় দেখি শাসকীয় শিবিৰ উৎফুল্ল হোৱাটো স্বাভাৱিক৷ এতিয়াৰ পৰা শাসকীয় দলটোৱে দুগুণ উদ্যমেৰে নিঃসন্দেহে এইবাৰ পঞ্চায়তসমূহ দখলৰ বাবে অভিযান চলাব৷ গতিকে বিৰোধী দলসমূহে ঐক্যবদ্ধভাৱে সমাজৰ জনপ্ৰিয় আৰু সৎ ব্যক্তিক প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ আগতীয়া পৰিকল্পনা ল’ব লাগে৷ বিজেপিৰ দৰে কাম কৰাৰ সংকল্প গ্ৰহণ কৰি ৰাইজৰ মাজলৈ যোৱাৰ প্ৰয়াস কৰিব লাগে৷ কেউটা দলেই সমিলমিলেৰে নিৰ্বাচন খেলিবলৈ আগতীয়াকৈ ব্লুপ্ৰিণ্ট ৰচনা কৰিব লাগে৷ তৃণমূল পৰ্যায়ৰ বিজেপিৰ দৰে শক্তিশালী বুথ কমিটী, পঞ্চায়ত কমিটী, ব্লক কমিটীসমূহ সবল কৰি সভা-সমিতি আদি পাতিবলৈ আৰম্ভ কৰি দিব লাগে৷ তেতিয়াহে পঞ্চায়ত নিৰ্বাচনত ভাল ফলাফল আহিব৷ তাকে নকৰি পৌৰসভা নিৰ্বাচনত হোৱা পৰাজয়ৰ দুখত হতাশা প্ৰদৰ্শন কৰি সময় অপব্যয় কৰিলে উপৰ্যুপৰি আন এক পৰাজয়ৰ বাবে বিৰোধী শিবিৰ প্ৰস্তুত থাকিব লাগিব৷ শাসকীয় পক্ষ বৰ্তমান এটি শিয়ান, ধনবল আৰু জনবলেৰে শক্তিশালী৷ জুইহে জুই কঢ়াৰ দৰে বিজেপিয়ে গ্ৰহণ কৰা কৌশল বিৰোধীয়েও গ্ৰহণ কৰিব লাগে৷ যেনে দল-মত-নিৰ্বিশেষে বা বিভিন্ন অৰাজনৈতিক ব্যক্তিকো প্ৰাৰ্থিত্ব দিবৰ বাবে সিদ্ধান্ত ল’ব লাগে৷ দ্বিতীয়তে, কিছু পুঁজি ব্যয় কৰি হ’লেও সংগঠন কৰিব লাগে৷ দলৰ ৰাজ্যিক আৰু কেন্দ্ৰীয় নেতাসমূহে গাঁৱে গাঁৱে সোমাব লাগে৷ শাসকীয় দলতকৈ দুখোজ আগত গৈ নিৰ্বাচনী অভিযান আৰম্ভ কৰি দিব লাগে৷ আই টি চেল অধিক সক্ৰিয় হ’ব লাগিব৷ শাসকীয় দলৰ যিখিনি ভুল নীতি, সেইখিনি সৰ্বসাধাৰণৰ ঘৰে ঘৰে গৈ বুজাই দিব পাৰিব লাগে৷ জন আগত দল পাছত নীতিৰে আগুৱাই যাব লাগিব৷ ব্যাপক হাৰত মূল্যবৃদ্ধি, কৰ বৃদ্ধি, মাটিৰ খাজনা বৃদ্ধি, ঔষধৰ দাম বৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি আৰু এই কেইদিনত বিদু্যতৰ মাচুল বৃদ্ধিৰ যি আলাপ-আলোচনা চলি আছে, এনে প্ৰত্যেকটো ইছু্য ভোটাৰ ৰাইজক বুজাই দিব পাৰিলে বিৰোধী দলৰ ভাল ফলাফল নহাৰ কথাই নাথাকে৷ সকলোতে পৰাজয়ৰ পাছতো নাৰায়ণপুৰ পৌৰসভা কেনেকৈ হস্তগত কৰিলে, কি কৌশল অৱলম্বন কৰিলে এইখিনিও পৰ্যালোচনা কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনত সেই পদ্ধতি অৱলম্বন কৰিবলৈ যত্ন কৰা উচিত৷ আমি বিৰোধী দলৰ শক্তি বৃদ্ধি হোৱাটো কামনা কৰোঁ৷ এতিয়াও কংগ্ৰেছ দলটোৰ বাহিৰে বহু বিৰোধী দলত উপযুক্ত নেতা নথকা নহয়৷ বিশেষকৈ কংগ্ৰেছৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰদু্যৎ বৰদলৈ, আব্দুল খালেক, ৰকিবুল হুছেইন, গৌৰৱ গগৈ, ৰিপুণ বৰা, ভূপেন বৰা, ৰাইজৰ দলৰ অখিল গগৈ, অজাপৰ লুৰীণজ্যোতি গগৈ, এ আই ইউডিএফৰ বদৰুদ্দিন আজমল, কমৰেড হেমেন দাস আদি অলেখ স্বনামধন্য ৰাজনীতিক এতিয়াও বিদ্যমান– যিসকলৰ জনপ্ৰিয়তা বৰ্তমান শাসকীয় দলৰ বহু মন্ত্ৰী, বিধায়কতকৈ বেছি৷ তেওঁলোকে এতিয়া নিজৰ সৰ্বোচ্ছ প্ৰতিভা আৰু শক্তি প্ৰয়োগ কৰি পঞ্চায়তসমূহ দখল কৰিবলৈ শেষ ৰণখন পাতিব লাগে৷ তেওঁলোকে এইটোও জনা উচিত যে পঞ্চায়ত নিৰ্বাচনত যদি ভাল ফলাফল দেখুৱাব নোৱাৰে, তেওঁলোকৰ অধিকসংখ্যক নেতাৰে অকালতে ৰাজনৈতিক জীৱন সমাপ্তি ঘটিব৷ সদ্যঘোষিত পৌৰসভা নিৰ্বাচনৰ ফলাফলে বিৰোধী শিবিৰৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে৷ শাসকীয় দলে সৰু নিৰ্বাচন বুলি ভাবি বিলাসী জীৱন কটোৱা নাই৷ দিল্লী-দিছপুৰৰ পৰা যি যেনেকৈ পাৰিছে মন্ত্ৰী, সাংসদ আহি নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে৷ আনহাতে, বিৰোধী কংগ্ৰেছ নিজ প্ৰতিপত্তি অক্ষুণ্ণ ৰখাতহে ব্যস্ত৷ কোনে কেনেকৈ ৰাজ্যসভাৰ আসনৰ বাবে মনোনীত হ’ব পাৰে তাৰে আখৰা কৰি থাকোঁতে সময়েই নহ’ল বাঘা বাঘা নেতাৰ আন জিলা বাদেই নিজ জিলাৰ পৌৰ এলেকাসমূহ পৰিভ্ৰমণ কৰিবলৈ৷ অথচ শাসকীয় দলে অহৰহ ২৪ ঘণ্টাই দলীয় সংগঠন কৰিও তৃণমূল পৰ্যায়ৰ প্ৰচাৰ শক্তিশালী কৰি তুলিলে৷ পুৰুষক চেৰাই মহিলাসকলে জোৰদাৰ প্ৰচাৰ চলাই ভোটাৰৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ বাবেই বিজেপি আজি পৌৰসভা নিৰ্বাচনত জিলিকি উঠিল৷ বিপৰীতে বিৰোধী দল আজি নিষ্প্ৰভ৷ মাজুলী উপনিৰ্বাচনত সাপে নেউলে লগ হ’লেও সময়েহে নিৰূপণ কৰিব তেওঁলোকৰ এই মিতিৰালি কিমান দিনৰ বাবে৷ এনে দূৰদৰ্শী সিদ্ধান্ত বিধানসভা নিৰ্বাচনৰ পূৰ্বে লোৱাহেঁতেন ৰাইজৰ ক’বলগীয়া নাথাকিলহেঁতেন৷ আচলতে আৱেগৰ দ্বাৰা কোনো কাৰ্যই সিদ্ধি নহয়৷ ক্ষমতা ভাগ্যই নিদিয়ে৷ ক্ষমতা দিলে দিব কাৰ্যই৷ ভাল কাম কৰিলে বা জনতাক সন্তুষ্টি দিব পাৰিলে জনতাই সমৰ্থনো দিব৷ বিফলতাক সাবটি নেতা-কৰ্মীয়ে ঘৰে ঘৰে বহি থাকিলে নিৰ্বাচনৰ পাছত ভাল ফলাফল আশা কৰি লাভ নাই৷ অখিল গগৈ আৰু লুৰীণজ্যোতিৰ প্ৰতিও একেই আহ্বান৷ তেওঁলোকেও দলীয় সংগঠনত মনোনিৱেশ কৰক৷ অসমৰ প্ৰতিটো পঞ্চায়তত তেওঁলোকৰ দলীয় সংগঠন আজি নাই৷ আন দলৰ হাতত ধৰি ৰাজনীতিত কেইখোজ আগুৱাব? স্বাৱলম্বী হ’বৰ কাৰণে আগন্তুক পঞ্চায়ত নিৰ্বাচনেই সোণালী সুযোগ৷ সুযোগ গ্ৰহণ নকৰি কেৱল মিডিয়াৰ টকশ্ব’ত নেতাগিৰি দেখুৱাই থাকিলে জনসাধাৰণৰ একো ক্ষতি নহ’লেও তেওঁলোকৰ কিন্তু ৰাজনৈতিক কেৰিয়াৰ অনতিপলমে শেষ হৈ যাব৷ এতিয়া বিৰোধীৰ নিৰ্মোহ আত্মবিশ্লেষণৰ দৰকাৰ৷