Logo
image

আজিৰ পৰা বিধানসভাৰ বাজেট অধিৱেশন

আমাৰ অসম, ১৪ মাৰ্চঃ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীৰ ভাষণেৰে সোমবাৰৰ পৰা আৰম্ভ হয় অসম বিধানসভাৰ বাজেট অধিৱেশন৷ সোমবাৰ ১৪ মাৰ্চৰ পৰা পহিলা এপ্ৰিললৈ মুঠ ১১ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বিধানসভাৰ বাজেট অধিৱেশন৷ বিত্তমন্ত্ৰী অজন্তা নেওগে ১৬ মাৰ্চত সদনত দাখিল কৰিব ২০২১-২২ বৰ্ষৰ পূৰ্ণাংগ বাজেট৷ এইবাৰৰ বাজেট অধিৱেশনৰ লগতে উত্থাপন হ’ব কমেও ১৩খন বিধেয়ক৷ এই বিধেয়কসমূহৰ ভিতৰত আছে দুখন নতুন বিধেয়ক৷ নতুন বিধেয়ক দুখন হৈছে ক্ৰমে– দ্য আছাম মিউনিচিপাল বিল আৰু ‘দ্য ফায়াৰ এণ্ড ইমাৰজেন্সি ছাৰ্ভিচ বিল৷ দ্যা আছাম মিউনিচিপাল বিধেয়কখন পাৰিট হ’লে প্ৰস্তাৱিত ডিব্ৰুগড় আৰু শিলচৰ পৌৰ নিগম গঠনৰ প্ৰক্ৰিয়াই আৰু এখোজ আগুৱাব৷ বাজেট অধিৱেশনত তিনিখন ৰিপিলিং বিল আৰু ৮খন সংশোধনী বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে৷ বাজেট অধিৱেশনত কেন্দ্ৰ কৰি সমগ্ৰ দিছপুৰৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে মহানগৰ আৰক্ষী প্ৰশাসনে৷ অধিৱেশনৰ সময়ছোৱাত যাতে কোনো কাৰণতে আইন শৃংখলা পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে পৰ্যাপ্ত পৰিমাণে বিধানসভা সচিবালয়ৰ চৌহদত মোতায়েন কৰা হৈছে নিৰাপত্তাৰক্ষী৷ লগতে প্ৰথমবাৰৰ বাবে বিধানসভা চৌহদৰ চাৰিস্থানত স্থাপন কৰা হৈছে ফ্লেপ বেৰিয়াৰ৷ গেট নং ১৩, আইৰন গেট, গেট নং ৭ আৰু অসম সচিবালয়ৰ ফালে যাবলৈ ব্যৱহাৰ কৰা উইকেট গেটত ফ্লেপ বেৰিয়াৰ স্থাপন কৰা হৈছে৷ এই ফ্লেপ বেৰিয়াৰত বিধানসভা চৌহদত প্ৰৱেশ কৰা লোকৰ ফেচিয়েল ৰিকগনাইজেশ্বন এক ৰীডাৰৰ জৰিয়তে কৰা হ’ব৷ ইউনিক কিউ আৰ কড স্কেন কৰাৰ পাছতহে কোনো ব্যক্তিক ভিতৰলৈ সোমাবলৈ দিয়া হ’ব৷ এয়া হাইপ্ৰফাইল ছিকিউৰিটি ব্যৱস্থা৷ কেৱল ফ্লেগ বেৰিয়াৰেই নহয় বিধানসভাৰ চৌহদত স্থাপন কৰা হৈছে দুটা বুম বেৰিয়াৰো৷ যান-বাহন পৰীক্ষাৰ বাবে গেট নং ৭ আৰু গেট নং ১৪ত দুটাকৈ বুম বেৰিয়াৰ স্থাপন কৰা হৈছে৷ এই বুম বেৰিয়াৰৰ দ্বাৰা বিধানসভাৰ চৌহদত প্ৰৱেশ কৰা গাড়ীৰ তন্নতন্নকৈ পৰীক্ষা কৰা হ’ব৷ অৱশ্যে এইখিনিতে প্ৰশ্ন উঠিছে যিসময়ত ৰাজ্যলৈ শান্তি ঘূৰি অহা বুলি ৰাজ্য চৰকাৰৰ আহ্বানত ইজনৰ পাছত সিজন শাসকীয় বিধায়কে নিজৰ পিএছঅ’ প্ৰত্যাহাৰ কৰিছে, সেই সময়তে সুৰক্ষাৰ ছিদ্ৰৰ আশংকাত আকৌ কোটি কোটি টকা ব্যয়েৰে হাই ছিকিউৰিটিৰ যন্ত্ৰ স্থাপন কৰাটো এক অবুজ সাঁথৰত পৰিণত হৈছে৷ ইফালে, সকলো পিনৰ পৰাই প্ৰত্যাশাপূৰ্ণ এই বাজেট অধিৱেশনক লৈ ইতিমধ্যে সাজু হৈছে শাসক-বিৰোধী উভয়পক্ষ৷ মাজুলীৰ নৱনিৰ্বাচিত বিধায়ক ভুবন গামে আজি পুৱা বিধায়ক হিচাপে শপতগ্ৰহণ কৰিব৷