Logo
image

অম্লানৰ স্বৰ্ণজয় হিমাৰ ৰূপ

আমাৰ অসম, ১৪ মাৰ্চঃ দীৰ্ঘ দিনৰ মূৰত প্ৰতিযোগিতামূলক ক্ষেত্ৰলৈ প্ৰত্যাৱৰ্তন ঘটিল হিমা দাসৰ৷ তিৰুৱনন্তপুৰমত অনুষ্ঠিত ইণ্ডিয়ান গ্ৰাঃ প্ৰিঃ ১ত প্ৰতিদ্বন্দ্বিতালৈ প্ৰত্যাৱৰ্তন কৰি ‘ধিং এক্সপ্ৰেছ’ হিমাই ২০০ মিটাৰ দৌৰত জয় কৰিছে ৰূপৰ পদক৷ এই প্ৰতিযোগিতাত পুৰুষৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক জয়েৰে বিশেষ সফলতা লাভ কৰিছে অসমৰ অম্লান বৰগোহাঁয়ে৷ হিমা দাস পুনৰ পৰাস্ত হ’ল ধনলক্ষ্মীৰ হাতত৷ মহিলাৰ ২০০ মিটাৰ দৌৰত দেওবাৰে হিমাক পৰাস্ত কৰি ধনলক্ষ্মীয়ে জয় কৰিলে স্বৰ্ণ পদক৷ ফাইনেলত লেন ৪ আৰু ৫ত আছিল ক্ৰমে হিমা আৰু ধনলক্ষ্মী৷ তামিলনাডুৰ ধনলক্ষ্মীয়ে দৌৰ সমাপ্ত কৰিবলৈ ২৩.২১ ছেকেণ্ড সময় লোৱাৰ বিপৰীতে দ্বিতীয় স্থান প্ৰাপ্ত হিমাক প্ৰয়োজন হয় ২৩.৪৫ ছেকেণ্ডৰ৷ ফাইনেলত হিমা আৰু ধনলক্ষ্মীয়েহে ২৪ ছেকেণ্ডৰ ভিতৰত দৌৰ সমাপ্ত কৰিবলৈ সক্ষম হয়৷ অৱশ্যে চলিত বৰ্ষৰ এছিয়ান গেমছ বা কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বাবে তেওঁলোকৰ প্ৰদৰ্শন যথেষ্ট নাছিল৷ এছিয়ান গেমছৰ যোগ্যতা অৰ্জনকাৰী সময় ২৩.১৭ ছেকেণ্ড৷ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জনকাৰী সময় ২২.৭০ ছেকেণ্ড৷ ২০২১ চনৰ জুনৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতাত নামিল হিমা৷ উল্লেখ্য যোৱা বছৰ ফেডাৰেশ্বন কাপত হিমা আৰু দু্যতি চান্দক পৰাস্ত কৰি ২০০ মিটাৰ দৌৰৰ খিতাপ জয় কৰিছিল ধনলক্ষ্মীয়ে৷ আনহাতে অম্লানে ২০.৯৪ ছেকেণ্ডত ২০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰি স্বৰ্ণ পদক জয় কৰে৷